নাটক অথবা থিয়েটাৰ; এইক্ষেত্ৰ খনৰ প্ৰতি অসমীয়া অধিকাংশ দৰ্শক ইমানেই বেছি আকৰ্ষিত যে ইয়াক লৈ প্ৰত্যেকটো সময়তে উৎসাহিত হৈ থকা দেখিবলৈ পোৱা যায় তেওঁলোকক। নাটক ক্ষেত্ৰখনত বিগত কেইবাবছৰৰ পৰা নিৰৱিচ্চিন্নভাৱে জড়িত এগৰাকী শিল্পী হৈছে ৰবিজিতা গগৈ। নাট্য পৰিচালক আৰু অভিনয় প্ৰশিক্ষক ৰূপে চিনাকী ৰবিজিতা গগৈ বিগত ২৫ বছৰ ধৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্বলাই ৰাখিছে। এই গৰাকী পৰিচালকে অতি কমেও ৪০ খনতকৈ অধিক নাট্য পৰিচালনা কৰিছে । দিল্লীস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা উস্তাদ বিছমিল্লাহ খান বঁটা বিজয়ী ৰবিজিতাই অসমীয়া নাট্য ক্ষেত্ৰখনম প্ৰতিটো সময়ত উৰ্দ্ধত অৱস্থান কৰিবলৈ চেষ্টা কৰা দেখা পোৱা যায়। আজিৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষত এই গৰাকী বিশেষ শিল্পী আমি আনিছো আপোনালোকৰ মাজলৈ। নাটকৰ পৰা আৰম্ভ কৰি দৰ্শকৰ উপভোগ্যতা তথা তেওঁৰ পৰিকল্পনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলো। আহকচোন চাওঁঃ
প্ৰশ্নঃকিছুদিন পূৰ্বে নাট্য উপভোগৰ সময়ত দৰ্শকৰ বিশৃংখলতাক লৈ বিভিন্ন জনে নিজৰ ক্ষোভ ব্যক্ত কৰিছিল। এই বিষয়ত আপুনি কি ক’ব?
ৰবিজিতা গগৈঃ ধন্যবাদ ৰীমা। আচলতে মইও সেইদিনা মোৰ নাটকৰ বাবে যেতিয়া কন্ট্ৰোল পেনেলত আছিলো তেতিয়াও অৱশ্যে বিভিন্ন জন দৰ্শকৰ মই বিশৃংখলতাক লক্ষ্য কৰিছিলো। ইয়াতে কেইটামান গুৰুত্বপূৰ্ণ কথা সোমাই আছে, প্ৰথম হৈছে নাট্য উপভোগৰ বাবে প্ৰায়ে একাংশ নতুন দৰ্শক আহে। গতিকে তেওঁলোকে এখন নাটকৰ নান্দনিকতাৰ বিষয়ে নাজানে অথবা পোন প্ৰথমবাৰৰ বাবে যিহেতু আহিছে ফলত তেওঁলোক বিষয়টোক লৈ অজ্ঞাত। সেইদিনাখন মোৰ নাটক “ইতি মৃণালিনী” উপভোগ কৰিবলৈও হয়টো বহুখিনি নতুন দৰ্শক উপস্থিত হৈছিল। এই নতুন দৰ্শক খিনিয়ে যিহেটো প্ৰথমবাৰৰ আহিছে গতিকে তেওঁলোক সচৰাচৰ এখন বিহু ফাঞ্চন অথবা মনোৰঞ্জনৰ এটা অনুষ্ঠানত যেনে আচৰণ কৰে তেনেই কৰিবলৈ বিচাৰিলে। এটা বিহু গীত পৰিৱেশন কৰা সময়ত নহ’লে এটা নৃত্য উপভোগ কৰি থকা সময়ত যেতিয়া কোনো দৰ্শকে যোৰকৈ চিঞৰি হাত চাপৰি মাৰে তেতিয়া সেই শিল্পী গৰাকীৰ উৎসাহহে বাঢ়ে কিন্তু নাটকৰ ক্ষেত্ৰত আচলতে তেনে নহয়। এনেবোৰ আমোদৰ সময়ত দৰ্শকৰ সাধাৰণ বিশৃংখলতা একেবাৰে গ্ৰহণযোগ্য। কিন্তু এখন নাটক এবাৰেই উপভোগ কৰিব পৰা যায়; দ্বিতীয়বাৰৰ দৰ্শনীটো হয়টো পূৰ্বতকৈ কিছু ভিন্ন হ’ব পাৰে। আচলতে, এয়াই হৈছে এখন নাটকৰ নান্দনিকতা। আৰু, নাটকৰ সময়ত এইবোৰ সংঘটিত হোৱাৰ এটি দুখৰ বিষয় এয়াও যে অসমত নাটক প্ৰদৰ্শনী নিয়মিত ভাৱে চলি নাথাকে; যিখিনি দৰ্শকে এটা অডিটৰিঅ’য়ামত ৭-৮ দিন পূৰ্বে যদি এটা বিহুৰ প্ৰগ্ৰেম চাবলৈ আহিছে তাতেই আকৌ কিছুদিন পিছত এখন নাটক উপভোগ কৰিবলৈ আহিছে। দৰ্শকৰ তেতিয়াহে বোধগম্যতা বাঢ়িব যেতিয়া একোটা নিৰ্দ্দিষ্ট নাটক প্ৰদৰ্শনৰ অডিট’ৰিয়াম থাকিব। তালৈ দৰ্শক আহোতে আহোতে তেওঁলোকে বুজি পাব যে নাটক এনেকৈ চায়। উদাহৰণস্বৰূপে বেংগালুৰু, মহাৰাষ্ট্ৰ অথবা কৰ্ণাটকৰ নিনাচাম বুলি এখন গাওঁ আছে; তাত দৰ্শক সমূহ ইমানেই এই বিষয়ত প্ৰশিক্ষিত যে তেওঁলোকে “বাঘ” ৰ দৰে এখন নাটক সূস্থিৰতাৰে উপভোগ কৰি পেলাইছিল। নাটকৰ প্ৰগতিৰ ধাৰাটো তেতিয়াহে উৰ্দ্ধগামী হ’ব যেতিয়া দৰ্শক নাট্য উপভোগত অভ্যস্ত হ’ব; এই সকলোবোৰ সাংবিধানিক পৰ্যায়তো বুজি পাই কিছুমান যদি আইনৰ সৃষ্টি কৰা হয় তেতিয়াহ’লে অসমীয়া নাট্য সংস্কৃতিৰ প্ৰগতি নিশ্চিত।
প্ৰশ্নঃ নাটকত কৰা অভিনয় আৰু কেমেৰাৰ আগত কৰা অভিনয়; দুইটাৰ মাজতে এডাল খীন ৰেখা আছে। সেই ৰেখা ডাল কেনেধৰণৰ বুলি আপুনি ভাৱে?
ৰবিজিতা গগৈঃ আচলতে, এইটো এটা বৰ ভাল খবৰ যে অসমীয়া চলচিত্ৰ ধাৰাই শেহতীয়াকৈ প্ৰগতিৰ দিশে আগবাঢ়িছে। ইতিমধ্যে হিমাংশু প্ৰসাদ দাসৰ “গৰু” য়ে লাভ কৰিছে মুক্তি; আনহাতে বহু নতুন নতুন প্ৰতিভাইও বহু নতুন তথা গ্ৰহণযোগ্য বিষয়বস্তুৰে ছবি নিৰ্মাণত আগবাঢ়িছে। কিন্তু, এই ধাৰাটো বৰ্তমানলৈ থিয়েটাৰত দেখিবলৈ পোৱা হোৱা নাই। তোমাৰ প্ৰশ্নটোৰ ক্ষেত্ৰলৈ আহিলে ক’ব লাগিব যে এই দুইটা ক্ষেত্ৰৰ অভিনয়ৰ মাজত এডাল খীন ৰেখা থকা বুলি যদিও কোৱা হয় তথাপিও কেতিয়াবা ইয়াৰ মাজত গৰুৰ পঘাৰ দৰে এডাল বৰ মজবুত ৰেখা দেখা যায়। গতিকে, এই খীন ৰেখা ডাল নিৰ্ভৰ কৰে শিল্পী গৰাকীৰ অভিজ্ঞতা আৰু সামগ্ৰিক দক্ষতাৰ ওপৰত। “Accuracy of Expression” এগৰাকী অভিনেতা/অভিনেত্ৰীৰ ক্ষেত্ৰত বৰ গুৰুত্বপূৰ্ণ; আৰু এই বস্তুটোকে থিয়েটাৰত অকণমান সম্প্ৰসাৰিত কৰিবলগীয়া হয় দৰ্শক আৰু অভিনেতা/অভিনেত্ৰীৰ মাজত থকা দূৰত্বক কেন্দ্ৰ কৰি। থিয়েটাৰ আৰু কেমেৰাৰ সমুখত কৰা অভিনয়ৰ মাজত সাদৃশ্য থকা আটাইতকৈ প্ৰয়োজনীয় দিশ এইটো হৈছে যে আমি দুইটা দিশৰ অভিনয়ত চৰিত্ৰ সমূহৰ মনস্তাত্বিক বিশ্লেষণ কৰিব লাগে। গতিকে, নাটকৰ ক্ষেত্ৰত কিছুমান বস্তুক বঢ়াবলগীয়া হয় আৰু আনহাতে চিনেমাৰ ক্ষেত্ৰত অভিনয় যিমান পাৰো প্ৰকৃত কৰি ৰাখি থ’লে চৰিত্ৰটো আৰু প্ৰাণৱন্ত হৈ পৰে।
প্ৰশ্নঃ এগৰাকী প্ৰকৃত “শিল্পী” ৰ সংজ্ঞা আপোনাৰ মতে কি?
ৰবিজিতা গগৈঃ প্ৰকৃত “শিল্পী” এগৰাকীৰ সংজ্ঞা সম্পৰ্কে লৈ বিগত কিছুদিন পূৰ্বে বিভিন্ন চৰ্চাৰ সৃষ্টি হৈছিল; ৰাজনৈতিক ক্ষেত্ৰখনত যেতিয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ অধিকাংশ লোকে অন্তৰ্ভূক্তি কৰিছিল তেতিয়াই উক্ত প্ৰশ্নটো আমাৰ সমুখত আহি উপস্থিত হৈছিল। মই একেটা শাৰীতে এই শব্দটোক এনেকৈয়ে প্ৰকাশ কৰিম যে, যিগৰাকীয়ে কোনো ধৰণৰ বাচ-বিচাৰ নকৰাকৈ অথবা নভবাকৈ মনে-প্ৰাণে শিল্পক ভালপায় আৰু শিল্পৰ সাধনা কৰি যায় তেওঁয়েই এগৰাকী প্ৰকৃত “শিল্পী”। এয়া এক নিৰন্তন প্ৰক্ৰিয়া; জীৱনজোৰা সাধানা। শিল্পৰ ক্ষেত্ৰত এগৰাকী শিল্পীয়ে কেতিয়াও নিজ ব্যক্তিগত অভিসন্ধি, ইচ্ছা-অনিচ্ছা নথকাকৈ কেৱল শিল্পৰ সাধনা কৰে। আৰু, তেনে শিল্পৰ কৰোতাজনেই হৈছে এগৰাকী প্ৰকৃত “শিল্পী”।
প্ৰশ্নঃ আপোনাৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।
ৰবিজিতা গগৈঃ আচলতে, অসমৰ দৰে এটা আৰ্থ-সামাজিক শৈল্পিক পৰিৱেশত যেনেদৰে আমি শিল্পৰ সাধনা কৰো তেনে এক পৰিৱেশত বহু বেছি পৰিকল্পনা কৰিব পৰা নাযায়। এয়া একেবাৰে মোৰ ব্যক্তিগত ধাৰণা। আগন্তুক পৰিকল্পনা বুলিবলৈ হৈছে জীৱন, জগত আৰু ভ্ৰমণ। জীয়াই থকা, জীৱনটোক অনুভৱ কৰা, অনুভৱ কৰিবলৈ ভ্ৰমণৰ সহায় লোৱা আৰু ভ্ৰমণৰ যোগেদি যুগুতোৱা অভিজ্ঞতা লগতে জীৱনৰ আনন্দ সেই আটাইবোৰ শিল্পৰ মাজেৰে প্ৰকাশ কৰা। বহু ধৰণৰ চিন্তা মোৰ মনত চলি থাকে ৰীমা, কেতিয়াবা এইটো কৰাৰ কথা ভাবো যদি কেতিয়াবা সেইটো। এই এইটো-সেইটোৰ মাজতে কোনোবা এটাই পূৰ্ণাংগৰূপ লাভ কৰে; যিহেটো মই নাটকৰ শিল্পী গতিকে মোৰ হাতত বহুকেইখন নাটকৰ কাম আছে। ইতিমধ্যে কেইবাখনো নাটকৰ কিতাপৰ কাম আহিছে; আনহাতে তিনিখন চলচিত্ৰৰ পৰিকল্পনা আছে। মই পোনপটীয়াকৈ একাষাৰে কৈ দিব নোৱাৰো যে এইটোৱে কৰিম; যেতিয়া সকলো প্ৰকাৰে সাজু হৈ উঠিম তেতিয়া নিশ্চয় এই নিৰ্দ্দিষ্ট কামটো হাতত লোৱা বুলি ক’ব পাৰিম।
ৰূপালীপৰ্দাঃ ধন্যবাদ বা…
ৰবিজিতা গগৈঃ ধন্যবাদ ৰীমা।
Add comment