Rupaliparda.com
নষ্টালজিয়া.com আৰু জোলোঙা ভৰা স্মৃতিঃ 1

নষ্টালজিয়া.com আৰু জোলোঙা ভৰা স্মৃতিঃ

The Filmy Jokers ৰ সৌজন্যত আৰু Jonaki Mon & Soulmates সহযোগিতাত মুক্তিলাভ কৰা ৱেব চিৰিজ নষ্টালজিয়া.com ৰ প্ৰথমটো খণ্ডই চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে চচিয়েল মিডিয়াত। আমি যিমানেই ডাঙৰ হৈ আহিছো অথবা আমাৰ ওপৰত যিমানেই দায়িত্বভাৰ বৃদ্ধি হোৱা যেন অনুভৱ কৰিছো সিমানেই আমি আশাৰ শৈশৱ তথা স্কুলীয়া জীৱনটোলৈ উভতি যোৱাৰ ইচ্ছা কৰিছো। শেষৰখন বেঞ্চত বহি কৰি থকা আঁক-বাঁক লগতে জীৱনৰ অৰ্থহীন কথাবোৰে দিয়া ৰসবোৰে এতিয়াও যেন আমাক উৎসাহিত কৰি ৰাখিছে। নহয়নে? আচলতে, আমি প্ৰত্যেকেই তেতিয়াৰ জীৱনটো ভালকৈ আকৌ এবাৰ জীয়াবলৈ বিচাৰো। এনে কিছু অনুভূতিক লৈয়ে নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে নিৰ্মাণ কৰা হৈছে এই ৱেব চিৰিজখন। নৱপ্ৰজন্মৰে কেইবাগৰাকীও প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰে নিৰ্মাণ কৰা ৱেব চিৰিজখনৰ প্ৰথমটো খণ্ডৰ দৈৰ্ঘ্য হৈছে ১৫ মিনিট। এই ১৫ মিনিট সময়ত প্ৰতিটো চৰিত্ৰৰ ভিন্নতা উপস্থাপন কৰিবলৈ বিচৰা হৈছে। ক্লাছৰুম, আড্ডা আৰু বন্ধুৰ মাজত হোৱা উৎপাতক লৈ নিৰ্মিত নষ্টালজিয়া.com ত দৰ্শকেও হয়টো ক’ৰবাত বিচাৰি পাব নিজক।

নষ্টালজিয়া.com আৰু জোলোঙা ভৰা স্মৃতিঃ 2


ৱেব চিৰিজ খনৰ পৰিচালনা কৰিছে ধ্ৰুৱ হাজৰিকাই।চিত্ৰনাট্য ডানিশৰ লগতে দৃশ্যগ্ৰহণ কৰিছে ৰিয়ান দ্বীপেন নাথে। ধ্ৰুৱ হাজৰিকাৰ সৈতে সহযোগী পৰিচালনা সুমন পাটৰৰ। আনহাতে, ইয়াত সহঃ দৃশ্যগ্ৰহণকাৰীৰ দায়িত্বত আছে মনিদ্বীপ শৰ্মা আৰু দেৱাশীষ হাজৰিকা। সংগীত পৰিচালনা জোনাকী মনৰ লগতে ইয়াত সম্পাদনা কৰিছে প্ৰিয়াংশু মালিকে। ৱেব চিৰিজখনৰ বিভিন্ন খণ্ডত অভিনয় কৰিছে ক্ৰমে জুবিন দাস, দানৱিৰ ভৌমিক, পৰিস্মিতা নাথ, নিহাৰ দাস, অভিজিৎ শৰ্মা, পৰিস্মিতা শৰ্মা, সুভম হাজৰিকা, চিৰঞ্জিতা শইকীয়া, গুণজিৎ বড়ো, বৰষা দত্ত, ৰজলিন ভাৰতী আৰু লক্ষী বৰাই। শ্ৰেণী কোঠাৰ ধেমালি, প্ৰেম আৰু কিছু আৱেগক লৈ নিৰ্মিত “নষ্টালজিয়া.com” ৰ আহিবলগীয়া খণ্ডসমূহক লৈ এতিয়া উৎকন্ঠা সাধাৰণজনৰ।

নষ্টালজিয়া.com আৰু জোলোঙা ভৰা স্মৃতিঃ 3


স্কুলীয়া দিনবোৰৰ ভিন্ন স্মৃতিক লৈ নিৰ্মাণ হোৱা বাবেই হয়টো উক্ত ৱেব চিৰিজখনে আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক এনেদৰে, এওঁলোকৰ প্ৰতিটো খণ্ডৰ বাবে আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform