Rupaliparda.com
কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত "মানুহজনী মেইন"- 1

কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত “মানুহজনী মেইন”-

কন্ঠশিল্পী ভৃগু কাশ্যপৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি নতুন গীত “মানুহজনী মেইন”। লিৰিকেল ভিডিঅ’ৰে গীতটি মুক্তি লাভ কৰিছে কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ মাজত। ভৃগু কাশ্যপৰ একোটা গীতে মুক্তি লাভ কৰা ক্ষন্তেক পিছতেই যেনেদৰে ই জনসাধাৰণৰ পৰা বহুল সংখ্যাত সঁহাৰি লাভ কৰাত সক্ষম হয়; ঠিক তেনেদৰে এইবাৰো ই ব্যতিক্ৰম নহয়। শেহতীয়াকৈ মুক্তি লাভ কৰা গীতটিয়েও মুক্তিৰ পিছতেই লাভ কৰে জনপ্ৰিয়তা। গীতটিৰ কথা সুনীত গগৈৰ লগতে সংগীত কৰিছে পুলক নাথে । গীতটিত সুৰ শৰৎ আৰু ভৃগুৰ; আনহাতে শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে। জনপ্ৰিয়তাৰ সমান্তৰালকৈ সমালোচনাৰো সন্মুখীন হৈ পৰে ভৃগু কাশ্যপ। “মানুহজনী মেইন” শীৰ্ষক গীতটিৰ যদিও লিৰিকেল ভিডিঅ’য়েহে মুক্তি লাভ কৰিছে তথাপিও গীতটিৰ ভিডিঅ’ৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈ পৰিছে।

কন্ঠশিল্পী ভৃগু কাশ্যপৰে ন-গীত "মানুহজনী মেইন"- 2


কিছুদিন পূৰ্বে, ভৃগু কাশ্যপ আৰু প্ৰিয়ম পল্লৱীয়ে নিজাববীয়াকৈ খুলি লৈছে এটা নতুন ব্ৰেণ্ড “Vreeyam Collection”। মুকলি কৰা এই ব্ৰেণ্ডটোত বৰ্তমান জনসাধাৰণৰো ইচ্ছা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বহুল সমালোচনাৰে থকা-সৰকা হ’লেও ভৃগু কাশ্যপক ক’ৰোণাৰ আৰম্ভণি সময়ছোৱাত আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশক সহায়-সাৰথি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল। “শিল্পীয়ে শিল্পীৰ বাবে” হোৱা এক লাইভ অনুষ্ঠানত তেওঁ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা একাংশ শিল্পীৰ সুবিধাৰ্থে আগবঢ়াইছিল ১০ হাজাৰ ১ শ ১ টকা।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.