বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা প্ৰায়ে তেওঁৰ ব্যক্তিগত কথা সমূহৰ বাবে চৰ্চা লাভ কৰি থাকে। অভিনেত্ৰী গৰাকীয়ে সাক্ষাৎকাৰ সমূহত নিজৰ ব্যক্তিগত কথা সমূহ প্ৰকাশ কৰি অনুৰাগীক উৎসাহিত কৰি ৰাখে। প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ আহিবলগীয়া ছবি “অনফিনিশ্ড” ৰ বিষয়ে কয় থকাৰ সময়তে তেওঁ কৈছিল যে ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনত কাম কৰি অভিনেত্ৰী গৰাকীয়ে এবাৰ জনসাধাৰণৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়াত পৰিছিল। তেওঁ কয় যে,”চাউথ এছিয়াত উজ্বলতা বঢ়োৱা ক্ৰীমৰ কথা পতাটো একেবাৰে সৰু কথা। এতিয়াও ইয়াক সঠিক বুলি বহুতেই ভাৱে কিন্তু যেতিয়া এগৰাকী মহিলা কলাকাৰে এনে বিজ্ঞাপন কৰে তেতিয়া এয়া অশুদ্ধ হৈ পৰে। মোৰ বাবে এগৰাকী সৰু ছোৱালীয়ে মুখত টেলকম পাউদাৰ ব্যৱহাৰ কৰিবলৈ লৈছিলে কিয়নো মই এয়া বিশ্বাস কৰোৱাইছিলো যে ক’লা ৰঙৰ হোৱাটো ভুল কথা।


হলীউডত কাম কৰিবলৈ আৰম্ভ কৰাৰে পৰা অৰ্থাৎ ২০১৫ চনৰে পৰা প্ৰিয়ংকা চোপ্ৰাই এনে ক্ৰীমৰ বিজ্ঞাপনৰ পৰা নিজক আঁতৰাই ৰাখিছিল। উল্লেখ্য যে, তেওঁৰ আহিবলগীয়া ছবি “অনফিনিচড” ত প্ৰিয়ংকা চোপ্ৰাৰ শৈশৱৰ পৰা আৰম্ভ কৰি “মিছ ৱৰ্ল্ড” ৰ শিৰোনামৰ জয়ী হোৱালৈ লগতে হলীউডত অহালৈ প্ৰতিটো বিষয়ক অন্তৰ্ভূক্ত কৰা হৈছে।
Add comment