Rupaliparda.com
কাৰিকৰী দিশ আৰু উপস্থাপনৰ দিশ মজবুত ৰাখি শ্বুটিঙৰ বাবে সাজু "যোদ্ধা"- 1

কাৰিকৰী দিশ আৰু উপস্থাপনৰ দিশ মজবুত ৰাখি শ্বুটিঙৰ বাবে সাজু “যোদ্ধা”-

ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস আৰু “লক-ডাউন” ৰ দীৰ্ঘদিনীয়া মাধমাৰৰ শেষত আকৌ এবাৰ ঠন ধৰি উঠিছে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰ। বহুদিনীয়া স্তব্ধতাৰ পিছতেই এতিয়া প্ৰত্যেকদিনেই একো একোটা সুখবৰে আহি টোকৰ মাৰিবলৈ আৰম্ভ কৰিছে চাৰিওফালে। শেহতীয়াকৈ কেইবাখনো ছবি নিৰ্মাণৰ কথা আমি শুনিবলৈ পাইছো, হয়টো অতিশীঘ্ৰে এই আটাইবোৰ ছবিৰ নিৰ্মাণৰ কামো পূৰ্ণদ্যোমত আগবাঢ়ি যাব। এইকেইদিনতে শুনিবলৈ পোৱা কেইখনমান ছবিৰ ভিতৰত এখন হৈছে “যোদ্ধা”। ২০ জানুৱাৰী তাৰিখে শুভ মহুৰৎ সম্পন্ন হোৱা এই ছবিখনৰ অহা ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব শ্বুটিং প্ৰক্ৰিয়া। আনহাতে, ৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে ছবিখনৰ কৰা হ’ব পোষ্টাৰ মুক্তি। পৰিমল এন্টাৰপ্ৰাইজৰ দ্বাৰা নিবেদিত ছবিখন পৰিচালনাৰ দায়িত্বত আছে ভাস্কৰ জ্যোতি গোস্বামী। কাৰিকৰী দিশৰ পৰা ছবিখনক উপভোগ্য কৰি তুলিবলৈ মুম্বাইৰ পৰা দৃশ্যগ্ৰহণকাৰীৰ লগতে অনা হৈছে উন্নত মানদণ্ডৰ কেমেৰা আৰু টেকনিচিয়ানৰ দল। ছবিখনৰ দুটা ফাইট চিকুৱেনচৰ বাবে চেন্নাইৰ পৰা অনা হৈছে বিশেষজ্ঞৰ দল। ছবিখনৰ কাহিনীৰ বিষয়ে কৰা প্ৰশ্ন উত্তৰত পৰিচালক গৰাকীয়ে কয় যে, “আমাৰ ইয়াৰ কাহিনী সমূহ ক’ৰবাত নহয় ক’ৰবাত এটা মূহুৰ্তলৈ গৈ এটা আনটোৰ সৈতে খাপ খাই পৰে।”

কাৰিকৰী দিশ আৰু উপস্থাপনৰ দিশ মজবুত ৰাখি শ্বুটিঙৰ বাবে সাজু "যোদ্ধা"- 2


আগলৈ তেওঁ কয় যে, “ভাৰতবৰ্ষত দুটাই কাহিনী আছে যি হৈছে “ৰামায়ণ” আৰু “মহাভাৰত”। গোটেই কাহিনীবোৰ এই দুই প্ৰসংগৰ পৰাই ওলাই অহা। গতিকে, আমাৰ এই ছবি “যোদ্ধা” ত আমি উপস্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছো। আমি প্ৰত্যেকেই একোজন একোজন নিজ জীৱনত যোদ্ধা, আমি সদায় কোনোবা এটা নিৰ্দ্দিষ্ট পৰ্যায়ত গৈ অবিৰত সংগ্ৰামত নিয়োজিত হৈ থাকো। কেতিয়াবা এই সংগ্ৰামত কোনোবা সফল হৈছে যদিও কোনোবাই কিবা এটা কাৰণত হাৰ মানিবলগীয়া হৈছে; গতিকে ছবিখনৰ দ্বাৰা মইয়ো এই বিষয়ত এটা নতুন বাখ্যা দিয়াৰ চেষ্টা কৰিছো। তাৰ মাজতে, “যোদ্ধা” ত চৰিত্ৰসমূহৰ উপস্থাপনৰ ক্ষেত্ৰত যৎপৰোনাস্তুি চেষ্টা কৰিছো। “ৰত্নাকৰ” য়ে যি এটা ৰেকৰ্ডৰ সৃষ্টি কৰিলে সেই ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি দৃশ্যসমূহ উপস্থাপন তথা সংলাপ সমূহৰ ক্ষেত্ৰত জোৰ দিয়াৰ প্ৰয়াস কৰিছো। সমান্তৰালকৈ, আমি ছবিখনৰ চিত্ৰনাট্যৰ দিশটো মজবুত কৰিবলৈ এতিয়ালৈ চিত্ৰনাট্য প্ৰায় ৫ বাৰকৈ সলনি কৰিছিলো। মই এতিয়াও এইটো দিশত এগৰাকী ছাত্ৰহে, “যোদ্ধা” ছবিখন দুগৰাকী দৰ্শকে উপভোগ কৰা পিছত যাতে আন চাৰিজনৰ সৈতে কথা পাতিবলৈ বিচাৰে আৰু ছবিখনৰ বিষয়ে ধনাত্মক চৰ্চা কৰিবলৈ বিচাৰে তাৰেই চেষ্টা অক্ষুণ্ন ৰাখিছো “যোদ্ধা” ত।

কাৰিকৰী দিশ আৰু উপস্থাপনৰ দিশ মজবুত ৰাখি শ্বুটিঙৰ বাবে সাজু "যোদ্ধা"- 3
কাৰিকৰী দিশ আৰু উপস্থাপনৰ দিশ মজবুত ৰাখি শ্বুটিঙৰ বাবে সাজু "যোদ্ধা"- 4


ছবিখনৰ বাবে দুটাকৈ সংগীতৰ কাম ইতিমধ্যে সম্পন্ন কৰিছে জুবিন গাৰ্গে। উল্লেখ্য যে, অহা চেপ্তেম্বৰ-অক্টোবৰ মাহলৈ যদি পৰিস্থিতি আৰু অকণমান সূস্থিৰলৈ নাহে তেতিয়াহ’লে ছবিখন মুক্তিৰ ক্ষেত্ৰত বিকল্প চিন্তা কৰা হ’ব বুলিয়ে প্ৰকাশ কৰে পৰিচালক ভাস্কৰ জ্যোতি দাসে। ছবিখনৰ বিভিন্নটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৰাজকুমাৰ, আলিস্মিতা গোস্বামী, কাজল শৰ্মা, সুনিত বৰা, শ্ৰদ্ধাৰ দীনেশ দাস, আৰু জুৰি শৰ্মাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform