Rupaliparda.com
কাইলৈ ছবিগৃহত "মিডনাইট চং"; প্ৰিমিয়াৰতো ছবিখনে লাভ কৰিছে "সুফল" 1

কাইলৈ ছবিগৃহত “মিডনাইট চং”; প্ৰিমিয়াৰতো ছবিখনে লাভ কৰিছে “সুফল”

ক’ৰোণা ভাইৰাছে দীৰ্ঘদিন ধৰি হতাশাৰ সৃষ্টি কৰি তুলিছিল চাৰিওফালে। চিত্ৰগৃহ সমূহ বন্ধ হোৱাৰ ফলত মনোৰঞ্জন প্ৰেমী দৰ্শক সকলো এক স্তব্ধতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু শেহতীয়াকৈ অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শক সকললৈ আহিছে এক সুখবৰ; অহা ২৯ জানুৱাৰী তাৰিখে সমগ্ৰ অসমৰ মুঠ ৮ টা ছবিগৃহত মুক্তি লাভ কৰিব অসমীয়া চিনেমা “মিডনাইট চং”। কালি ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত কৰা হয় গুৱাহাটীস্থিত অনুৰাধা চিনেপ্লেক্সত; এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰিছিলো আন এক সু-খবৰ। ১৯৭১ চনৰ পৰা অবিৰত ভাৱে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰি অহা অনুৰাধা চিনেপ্লেক্সে অতিক্ৰম কৰিছে নিজ ৫০ টা সোণালী বৰ্ষ। অনুৰাধা চিত্ৰগৃহৰ সোণালী জয়ন্তী আৰু “মিডনাইট চং” ৰ প্ৰিমিয়াৰ আজি একেলগে উদযাপন কৰা হ’ল উক্ত ছবিগৃহটোতেই। এই উছাহ-উলাহৰ সাক্ষী হৈ ৰ’ল ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ কেইবাগৰাকীও উল্লেখনীয় তথা জনপ্ৰিয় শিল্পী আৰু কলা-কুশলী। ক’ভিডৰ পিছত মুক্তিপ্ৰাপ্ত প্ৰথমখন ছবি যাক থিয়েটাৰত মুক্তি দিবলৈ ইতিমধ্যে সাজু হৈছে “মিডনাইট চং” ৰ সৈতে জড়িত পৰিচালক, প্ৰযোজকে ধৰি ছবিখনৰ সৈতে জড়িত কলা-কুশলী সকলো।

কাইলৈ ছবিগৃহত "মিডনাইট চং"; প্ৰিমিয়াৰতো ছবিখনে লাভ কৰিছে "সুফল" 2
কাইলৈ ছবিগৃহত "মিডনাইট চং"; প্ৰিমিয়াৰতো ছবিখনে লাভ কৰিছে "সুফল" 3


অৰুণজিৎ বৰাৰ দ্বাৰা পৰিচালিত তথা অপৰাজিতা ভূঞাৰ দ্বাৰা প্ৰযোজিত এই ছবিখন কম টকীয়া বাজেটেৰে প্ৰায় ৯-১০ দিনৰ ভিতৰত শ্বুটিং কৰি সমাপ্ত কৰা হৈছিল। এটা বাংলোৰ ভিতৰত আৰম্ভ হোৱা কাহিনীত সন্নিৱিষ্ট কৰা হৈছিল সমাজত দৈনন্দিন ঘটি থকা এক ঘটনাৰ উপস্থাপন। সম্পৰ্কৰ মাজৰ মৰম, আদৰ আৰু সন্মান আদি বস্তুবোৰ কিমান প্ৰয়োজনীয় ছবিখনে বৰ সৰলকৈ উপস্থাপন কৰাৰ চেষ্টা কৰিছে। “মিডনাইট চং” ৰ মূখ্য চৰিত্ৰ তিনিটা ক্ৰমে ৰূপম চেতিয়া, কল্পনা কলিতা লগতে মনোজ বৰকটকীৰ অভিনয়ৰ ক্ষেত্ৰত নিজৰ শ্ৰেষ্ঠ দিয়াৰ যে চেষ্টা কৰিছে তাক একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব।

কাইলৈ ছবিগৃহত "মিডনাইট চং"; প্ৰিমিয়াৰতো ছবিখনে লাভ কৰিছে "সুফল" 4


২০ খন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত প্ৰশংসিত এই ছবিখনৰ মুক্তিক লৈ বৰ্তমান অপেক্ষাৰত অসমীয়া দৰ্শকো। চচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰা ছবিখনক লৈ আকৌ এবাৰ অসমীয়া ছবি জগতত এক নতুনৰ ৰেকৰ্ডৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী সকলো।

Add comment

Leave a Reply