Rupaliparda.com
গণৰাজ্য দিৱস উপলক্ষে ৰূপাংকৃতা-অলংকৃতা কলিতাৰ নতুন পদক্ষেপঃ 1

গণৰাজ্য দিৱস উপলক্ষে ৰূপাংকৃতা-অলংকৃতা কলিতাৰ নতুন পদক্ষেপঃ

গণৰাজ্য দিৱস উপলক্ষে Wonder Sisters ৰ যুঁটি ক্ৰমে ৰূপাংকৃতা আৰু অলংকৃতা কলিতাৰ নতুন গীত। আচলতে, উক্ত যুঁটিটোৱে সংগীতৰ শিক্ষা প্ৰদান কৰা একাংশ ছাত্ৰ-ছাত্ৰীক লগত লৈয়ে এই গীতটিক মুকলি কৰি দিয়ে তেওঁলোকে। ফোনতেই ৰেকৰ্ড কৰা গীতটিক লৈ তথা একাংশ তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে তেওঁলোকে উদযাপন কৰে গণৰাজ্য দিৱসৰ উছাহ-উলাহ। গুৱাহাটী নাৰেংগী নিবাসী উক্ত যুঁটিটোৰ নাম বৰ্তমান সকলোৰেই বাবে পৰিচিত। ৰূপাংকৃতাই নিজৰ ডেবিউ গীতেই পৰিৱেশন কৰিছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সৈতে। প্ৰায়বোৰ মঞ্চানুষ্ঠানত আমন্ত্ৰণ জনোৱা এই দুয়োগৰাকী গায়িকা গীতসমূহে সমাদৰো লাভ কৰে শ্ৰোতা ও দৰ্শকৰ। এওঁলোকৰ গীতসমূহৰ উপৰিও দুই ভগ্নীৰ একেধৰণৰ পিন্ধনেও দৰ্শকক আকৰ্ষিত কৰে। মঞ্চত তথা কোনো অনুষ্ঠানত যেতিয়াই দুই ভগ্নীক একেলগে দেখা হয়; দুয়োকে একে ধৰণৰ কাপোৰৰ সৈতেই দেখে দৰ্শকে।

গণৰাজ্য দিৱস উপলক্ষে ৰূপাংকৃতা-অলংকৃতা কলিতাৰ নতুন পদক্ষেপঃ 2


তেওঁলোকৰ প্ৰতিটো মুক্তিপ্ৰাপ্ত গীতেই আচলতে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইয়াৰ উদাহৰণ তেওঁলোকৰ গীত “চেৰেক চেৰেক” অথবা “বাবৰি বাবৰি” ৰ পৰাই পাব পৰা যায়। অনুৰাগীক আকৰ্ষণ কৰি তোলাৰ বাবে এওঁলোকে প্ৰায় একোটা গীতৰ কভাৰ প্ৰস্তুত কৰাও দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform