Rupaliparda.com
অসমীয়া ছবি "পৰিচয়" ৰ সফলতাঃ অতিশীঘ্ৰে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি- 1

অসমীয়া ছবি “পৰিচয়” ৰ সফলতাঃ অতিশীঘ্ৰে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি-

অসমীয়া ছবিৰ জয়যাত্ৰা বৰ্তমানেও অব্যাহত আছে। বিগত বহু দিনৰ স্তব্ধতাৰ পিছতো আচলতে এই জয়যাত্ৰাত বিৰাম লগা নাই কোনো দিনে। শেহতীয়াকৈ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত এখন অসমীয়া ছবি “পৰিচয়” য়ে লাভ কৰিবলৈ সক্ষম হৈছে তিনিটাকৈ বঁটা। ছবিখনে লাভ কৰা এনে প্ৰশংসা তথা বঁটাই প্ৰতিজন অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকক উৎসাহিত কৰি তোলাত সক্ষম হৈছে। পৰিচালনা আৰু কলা নিৰ্দেশনাৰ দায়িত্বত থকা ৰাজীৱ বৰঠাকুৰৰ দ্বাৰা নিৰ্মিত এই ছবিখন চলিত বৰ্ষতে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি দিয়াৰ কথা জানিবলৈ দিছে পৰিচালক গৰাকীয়ে। Pride East Entertainment pvt. ltd ৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনা কৰিছে ৰিণিকি ভূঞা শৰ্মাই। ইয়াৰ পূৰ্বেও উক্ত প্ৰযোজনা গোষ্ঠীৰ বেনাৰত নিৰ্মাণ হৈছিল “ৰামধেনু” ছবিখন। “ৰামধেনু” ছবিখনৰ সফলতা তথা জনসাধাৰণে ছবিখনক দিয়া সঁহাৰি কোনোপধ্যই নুই কৰিব পৰা নাযায়; সমান্তৰালকৈ আহিবলগীয়া ছবি “পৰিচয়” য়ো দৰ্শকৰ ফালৰ পৰা সঁহাৰি লাভ কৰিব বুলি আশাবাদী পৰিচালক ৰাজীৱ বৰঠাকুৰ। ২০১৯ তেই ছবিখনৰ শ্বুটিং সম্পন্ন কৰা হৈছিল; ছবিখনৰ পৰিচালক গৰাকীক “পৰিচয়” ত এনে কি আছে যিয়ে দৰ্শকক আকৰ্ষণ কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে,

অসমীয়া ছবি "পৰিচয়" ৰ সফলতাঃ অতিশীঘ্ৰে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি- 2


“সৰ্বসাধাৰণ কথাটো হ’ল এনেধৰণৰ যে ছবিৰ কেইবাটাও প্ৰকাৰ আছে। আমাৰ ফালৰ পৰা নিৰ্মিত প্ৰথমখন ছবি আছিল “ৰামধেনু”। কিন্তু “ৰামধেনু” ৰ সৈতে “পৰিচয়” ৰ কোনোধৰণৰ মিল নাই কিয়নো এই ছবিখনৰ দৈৰ্ঘ্যই হৈছে ১ ঘন্টা ৪৪ মিনিট। আনহাতে, “ৰামধেনু” ছবিখনৰ দৈৰ্ঘ্য আছিল প্ৰায় আঢ়ৈ ঘন্টা; ছবিখনক সেইটো সময়ত বাণিজ্যিক অথবা ব্যৱসায়ৰ বাবে মুকলি কৰি দিয়া হৈছিল কিন্তু “পৰিচয়” ছবিখন কেৱল মাত্ৰ মনোৰঞ্জন বুলিয়ে নহয়; সাধাৰণজনৰ মনস্তাত্বিক স্থিতি সমূহক লৈ নিৰ্মাণ কৰা হৈছে। আমি বহু সময়ত নিজৰ পৰিচয়ৰ সন্ধান কৰো, নিজক বিচাৰো অথবা নিজস্বতাক বিচাৰি কেতিয়াবা হাবাথুৰিও খাওঁ। এই পৰিচয়ক বিচাৰি থাকোতে কেতিয়াবা কিছু ঘটনা ঘটে। এনে দুখ-সুখৰ ঘটনাক লৈয়ে হৈছে “পৰিচয়” ছবিখন।” ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে উৎপল দাস, জুপিতৰা ভূঞাৰ লগতে অমিত কুমাৰ বৰাই। পূৰ্বতে কেতিয়াও অনুৰাগীয়ে নেদেখা এটা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে উৎপল দাসে। আনহাতে আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিকুমণি বৰুৱা, কল্পনা দত্ত চৌধুৰী, ভাস্কৰ বৰা, পাপৰি কলিতা, বাবলিৰ লগতে মাজুলীৰ কেইবাগৰাকীও ন-ন শিল্পীয়ে।

অসমীয়া ছবি "পৰিচয়" ৰ সফলতাঃ অতিশীঘ্ৰে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি- 3


মাজুলীত দৃশ্যগ্ৰহণ সম্পন্ন হোৱা এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰণৱ বৰাই লগতে ইয়াত চিত্ৰনাট্য আৰু সংলাপ লিখিছে জিন্তু ভট্টাচাৰ্য্যই। সম্পাদনা কৰিছে যুগল দাসে, বেকগ্ৰাউণ্ড মিউজিকৰ দায়িত্বত আছে সৌৰভ মহন্ত। আনহাতে, DI Color correction কৰিছে ৰতন শীল শৰ্মাই লগতে চাউণ্ড ডিজাইন যতীন শৰ্মাৰ। ৰি-ৰেকৰ্ডিং কৰা হৈছে লহৰ ষ্টুডিঅ’ত মানস হাজৰিকা আৰু চাজুয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform