Rupaliparda.com
"অলকানন্দা" আৰু শ্ৰোতাৰ আৱেগ সন্মিলিত ভাৱনাঃ 1

“অলকানন্দা” আৰু শ্ৰোতাৰ আৱেগ সন্মিলিত ভাৱনাঃ

এটি অসমীয়া গীত আৰু লাখ-লাখ শ্ৰোতাৰ আৱেগ সন্মিলিত এটা কন্ঠই শেহতীয়াকৈ ইমানেই অধিক খলকনিৰ সৃষ্টি কৰিছে যে ইয়াক আকৌ এবাৰ বুজাই কোৱাটোৰ হয়টো প্ৰয়োজন নাই। আমি কেতিয়াবা সংগীতৰ ক্ষেত্ৰত বৰ আঁকোৰগোজ হৈ পৰো। নহয়নে? ব্যক্তিগত ভাৱে ভালপোৱা এটা গীতক আমি শুবলৈ যাওঁতে, খাওঁতে অথবা অতি ব্যস্ততাৰ সময়তো শুনিবলৈ বিচাৰো; যি গীতে আমাৰ মনত প্ৰশান্তি সানে সি হয় পৰে আপোনতকৈও যেন আপোন। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ শংকুৰাজ, সান্নিধ্য তথা তন্মৰ ক্ষেত্ৰতেই নহওঁক কিয়; ভাল কামৰ চৰ্চা দেৰিকৈ হ’লেও হোৱাটো যে একেবাৰেই স্বাভাৱিক। ঠিক তেনেই এটি গীত হৈছে “অলকানন্দা”; “উভতাই আনিলা, জীয়াই তুলিলা”, “এই ৰিক্ত বুকুতে সাধনা সানিলা”। আমাৰ নৱপ্ৰজন্মই প্ৰত্যেকটো সময়ত নিজ নিজ প্ৰতিভা সমূহক এনেদৰেই জনসাধাৰণৰ মাজলৈ লৈ অনা নাই নে? “অলকানন্দা” গীতটিৰ প্ৰতিটো শাৰীয়ে এনেদৰে শিহৰিত কৰি তোলে যে আমি ক’ব নোৱাৰাকৈয়ে বাৰম্বাৰ শুনাৰ পিছতো গীতটিৰ প্ৰেমত আকৌ এবাৰ পৰি ৰওঁ। শেহতীয়াকৈ “অলকানন্দা” প্ৰথমটো অসমীয়া গীত আছিল যাক ১ মিলিয়নৰো অধিক শ্ৰোতাই শুনিছিল Spotify নামৰ এপটোত।


“অলকানন্দা” মুক্তিৰ ক্ষন্তেক পিছতেই যে গীতটিয়ে সফলতাক চুমিছিল তেনে নহয়; গীতটিয়ে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিবলৈ সময় লৈছিল প্ৰায় ৭-৮ মাহ। পৰিয়ালৰ কোনো এজনো সদস্য সংগীত ক্ষেত্ৰখনত জড়িত নহ’লেও শংকুৰাজে সৰুৰে পৰা লাভ কৰিবলৈ সক্ষম হৈছিল এক সাংগীতিক পৰিৱেশ। “অলকানন্দা” ৰ সৈতে জড়িত এটা উল্লেখনীয় নাম হৈছে তন্ময় কৃপটন; Electronic Dance Music ৰ সোঁৱাদ জনসাধাৰণৰ মাজত তুলি ধৰাত সফল হৈছিল তন্ময় কৃপটন। বৰ্তমানৰ প্ৰতিজন সংগীত প্ৰেমী শ্ৰোতাৰ প্লে-লিষ্টত শীৰ্ষক থকা গীতটো যদিও “অলকানন্দা” বুলি কওঁ; হয়টো ই তথাপিও অতিৰঞ্জিত কৰা নহ’ব। যেতিয়া একোটা গীতে মনলৈ প্ৰশান্তি আনিব পাৰে, তেতিয়াই হয় পৰে সেই গীতটি আপোন। গীতটিৰ কথা আছিল মৈত্ৰেয়ী পাটৰৰ; যাৰ শব্দৰ মালা গুঠি গীতটিয়ে লাভ কৰিছে পূৰ্ণতা।

"অলকানন্দা" আৰু শ্ৰোতাৰ আৱেগ সন্মিলিত ভাৱনাঃ 2


“জলপ্ৰপ্ৰাত”, “নক্ষত্ৰ” আদিৰ দৰে গীতসমূহ যেতিয়া শ্ৰোতাৰ বাবে প্ৰিয় হৈ পৰে; তেতিয়াই ফুটি উঠে যে সংগীত ক্ষেত্ৰখন এঢাপ এঢাপ আৰু অধিক ওপৰলৈ উঠিব ধৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform