Rupaliparda.com
"আমি যি কৰো দৰ্শকৰ বাবেই কৰো"- অপূৰ্ব বৰ্মন 1

“আমি যি কৰো দৰ্শকৰ বাবেই কৰো”- অপূৰ্ব বৰ্মন

নাটকৰ ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী অভিনেতাৰ অভিনয়ৰ ক্ষেত্ৰত থকা দক্ষতাক নুই কৰিব পৰা নাযায়। আচলতে, তেওঁলোকে অভিনয়ৰ দিশটোক ইমানেই অধিক মনোগ্ৰাহী কৰি তোলে যে আমি প্ৰতিটো সময়ত মঞ্চত অথবা স্ক্ৰীণত তেওঁলোকক চাবলৈ অপেক্ষা কৰি ৰওঁ। কিছুদিন পূৰ্বে গুৱেৰ্ণিকাৰ এখন ডিজিটেল নাট “হেংদাং ফৌৰ চেল” ক লৈ সাংঘাতিক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছিল। নাটকখন দৰ্শকৰ আগত মঞ্চস্থ কৰিবলৈ নিদিয়াৰ পৰা আৰম্ভ কৰি সম্প্ৰতি সময়ৰ এক পৰিস্থিতিক উপস্থাপন কৰাকে ধৰি নাটখনে প্ৰতিটো দিশৰ পৰাই বুটিলিছিল চৰ্চা। নাটকখনত চৰিত্ৰ কেইটাৰ উপস্থাপনৰ দিশটোকো মজবুত কৰি ৰখা হৈছিল; ইয়াত মূখ্য চৰিত্ৰত অভিনীত দুগৰাকী অভিনেতাৰ ভিতৰৰ এগৰাকী হৈছে অপূৰ্ব বৰ্মন। তেওঁক শেহতীয়াকৈ এটি চৰিত্ৰত দেখিবলৈ পোৱা গৈছিল হিমাংশু প্ৰসাদ দাসৰ ছবি “গৰু” ত। নৱপ্ৰজন্মৰ সৃষ্টি আৰু দক্ষতাই প্ৰতিটো সময়তে জনসাধাৰণক উৎসাহিত কৰাত সক্ষম হৈছে; তেওঁৰ প্ৰতিটো বস্তুৰ উপস্থাপনৰ দিশ ইমানেই সাৱলীল যে তেওঁৰ অভিনয়ৰ বহুল প্ৰশংসাও কৰিছে দৰ্শকে। ২০০৭ চনৰ পৰাই পেছাগত ভাৱে এই অভিনয় ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা অপূৰ্ব বৰ্মনৰ পৰা তেওঁৰ অভিনয়ৰ বিষয়ে কিছু কথা জানিবলৈ বিচৰাত তেওঁ কয় যে, “মই জীৱনত প্ৰথম অভিনয় কৰিছিলো সপ্তম শ্ৰেণীত অধ্যয়নৰত সময়ত আৰু তেতিয়াৰ পৰাই এখন-দুখনকৈ নাটক কৰা আৰম্ভ কৰিছিলো। তেতিয়াৰ পৰা বৰ্তমানলৈ অভিনয় কৰি আছো আৰু কৰি যাম।”

"আমি যি কৰো দৰ্শকৰ বাবেই কৰো"- অপূৰ্ব বৰ্মন 2


“হেংদাং ফৌৰ চেল” ডিজিটেল নাটক খনৰ পিছতেই অপূৰ্বৰ অনুৰাগীৰ সংখ্যা পূৰ্বতকৈ বাঢ়িছে; এই বিষয়ত তেওঁ কি ক’ব বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “আমি যি কৰো দৰ্শকৰ বাবেই কৰো; আমাক কেনেকৈ আদৰি লয় অথবা কিয় আদৰি নলয় সেয়া সম্পূৰ্ণৰূপে দৰ্শকৰ সিদ্ধান্ত ৷ যদিহে মই কেনেবাকৈ কোনোবা এজন দৰ্শকৰ মন চুবলৈ সক্ষম হৈছো তেনেহ’লে মই তাতেই সুখী ৷ ভাল লাগিছে, এনেদৰে মৰমবোৰ দি যাব বুলি মই আশাবাদী।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আহিবলগীয়া সময়খিনিত কৰিবলৈ দুখন চিনেমা আৰু দুখনখনমান নাটকৰ সৈতে চুক্তিবদ্ধ হৈছো; আৰু যিহেতু মই ইমান বছৰে নাটক কৰিলো, এইবাৰ এখন নাটক পৰিচালনা কৰিবলৈ মন মেলিছো ৷ সমান্তৰালকৈ এখন চুটি ছবিৰ পৰিকল্পনাও কৰি আছো ৷ চাওঁচোন কিমানদূৰ সফল হওঁ।”

"আমি যি কৰো দৰ্শকৰ বাবেই কৰো"- অপূৰ্ব বৰ্মন 3


আগলৈ তেওঁ কয় যে, “আপোনালোকৰ মৰমে আমাৰ উৎসাহ দুগুণে বৃদ্ধি কৰে। গতিকে, বৰ্তমানলৈ আপোনালোকে যেনেদৰে আদৰ আমাক কৰি আহিছে আহিবলগীয়া সময়তো কৰি যাব।” অপূৰ্ব বৰ্মনৰ পৰিকল্পনাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform