Rupaliparda.com
অসমীয়া ছবি "ব্ৰীজ" লৈ আকৌ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানঃ 1

অসমীয়া ছবি “ব্ৰীজ” লৈ আকৌ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানঃ

অসমীয়া ছবি “ব্ৰীজ” লৈ আকৌ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান। গোৱা আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহত ছবিখনে লাভ কৰিছে জুৰীৰ বিশেষ সন্মান। “ব্ৰীজ” য়ে হৈছে প্ৰথমখন ভাৰতীয় ছবি যিয়ে লাভ কৰিবলৈ সক্ষম হৈছে জুৰীৰ বিশেষ সন্মান। কৃপাল কলিতাৰ দ্বাৰা পৰিচালিত এই ছবিখনে ইয়াৰ পূৰ্বেও লাভ কৰিছিল আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত মনোনয়ন তথা খিতাপ।ছবিখন এখন নৈ পৰীয়া গাওঁক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে য’ত এখন দলঙৰ অভাৱত জীয়াতু ভুগিবলগীয়া হৈছে গাওঁৰ জনসাধাৰণ। অসংখ্য সমস্যাৰ আগ্ৰাসনত থকা স্বত্বেও গাঁৱৰে এগৰাকী কিশোৰীয়ে নিজ পৰিয়ালটি পোহপাল দিয়া সংগ্ৰামী কাহিনীক জীৱন্ত ৰূপত দাঙি ধৰা হৈছে “ব্ৰীজ” তi উল্লেখ্য যে, ছবিখনৰ মূল কাহিনীভাগ আগবাঢ়িছে এখন গাঁওক কেন্দ্ৰ কৰি য’ত এখন দলঙৰ অভাৱত তাত বসবাস কৰা মানুহখিনিয়ে বিভিন্ন ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হয়।সীমাহীন সমস্যাৰ আবৰ্তত থকা সত্বেও সেইখন গাঁওৰে এইগৰাকী কিশোৰীয়ে পৰিয়ালটি পোহপাল দিয়াৰ নিমিত্তে বাছি লোৱা সংগ্ৰামী জীৱনক ছবিখনৰ মাজেৰে দেখুৱা হৈছে। বানাক্ৰান্ত অঞ্চলৰ মানুহৰ দুৰ্দশা এফালে যেনেকৈ হৃদয় বিদাৰক আনপিনে নৈখনৰ প্ৰতি থকা দুৰ্বাৰ স্নেহ তথা প্ৰতিবছৰ বানপানীৰ পিছত পুনৰায় অযুত সপোন বুকুত বান্ধি একোটা নতুন জীৱন আৰম্ভ কৰা দৃশ্য নিশ্চিতভাৱে লক্ষ্যণীয়। সত্য ঘটনাৰ ওপৰত আধাৰিত এই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ পৰিচালক গৰাকীৰ নিজৰ।


“কৃষ্টিপথাৰ” ৰ বেনাৰত নিৰ্মিত ছবিখন যুঁটীয়াভাৱে প্ৰযোজনা কৰিছে ৰাম কুমাৰ দাস আৰু সবিতা দেৱীয়ে ।অভিনয় কৰিছে শিৱ ৰাণী কলিতা, পাৰ্থ প্ৰতীম বৰা, অনিন্দিতা দাস, স্বপ্নীল নাথ, কৃপাল কলিতা,গোপামনি গগৈ, ৰীণা বৰা, সুৰেণ মহন্ত, অজিত কুমাৰ ভূঞা, ভূপেন শৰ্মা, ৰোহিণী কুমাৰ ডেকা, ধনজিৎ শৰ্মা,প্ৰিয়ান্সী কাশ্যপ ,শচীন্দ্ৰ ভূঞা, বিশ্বনাথ বিশ্বাস, ৰাজু ভৰালী, দ্বিপেন চুতীয়া, দীপশিখা শইকীয়া আদিয়ে।উল্লেখ্য যে, দুই-এগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ বাহিৰে ছবিখনৰ প্ৰায় আধা সংখ্যাক শিল্পীয়ে নৱাগত।

অসমীয়া ছবি "ব্ৰীজ" লৈ আকৌ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানঃ 2


সহঃ কাৰী পৰিচালক প্ৰিয়ান্সী কাশ্যপ আৰু প্ৰাঞ্জল সন্দিকৈ। ঢকুৱাখানাৰ সোণাৰী চাপৰি গুৱাহাটী আৰু জোনাইৰ বিভিন্ন লোকেশ্বনত এই ছবিখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছিল ৰমেন ৰাভা।সংগীত কৃপাল কলিতাৰ I সম্পাদনা কিশোৰ ডেকা। ,চিংক চাউণ্ড মাধব দাস আৰু গুণজিৎ শৰ্মা, শব্দ সম্পাদনা বিজয় নাথ I “ব্ৰীজ”চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে ৰ মুম্বাইত অমৃত প্ৰীতমে I ডি.আই ৰাজেশ য়াদৱ(মুম্বাই)।কলা নিৰ্দেশনা দ্বিপেন চুতীয়া, সাজসজ্জা সবিতা দেৱী, এনিমেশ্বন ভাস্কৰ শইকীয়া, গ্ৰাফিক্স দেৱৰাজ বৰঠাকুৰ চাবটাইটেল- শ্ৰুতি ভট্টাচাৰ্য্য,আৰু প্ৰযোজনা নিয়ন্ত্ৰক ৰোহিণী কুমাৰ ডেকা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform