Rupaliparda.com
"তেওঁৰ প্ৰত্যেকটো সিদ্ধান্তত মই তেওঁৰ সৈতে আছো"- শক্তি কাপুৰ 1

“তেওঁৰ প্ৰত্যেকটো সিদ্ধান্তত মই তেওঁৰ সৈতে আছো”- শক্তি কাপুৰ

বলীউড অভিনেতা বৰুণ ধৱনৰ বিবাহৰ পিছত চৰ্চা চলিছে শ্ৰদ্ধা কাপুৰৰ বিবাহৰো। খবৰনুসৰি, শ্ৰদ্ধা কাপুৰে নিজৰ শৈশৱৰ বন্ধু ৰোহন শ্ৰেষ্ঠৰ সৈতে বিবাহত বহিব বুলি জানিব পৰা গৈছিল। কিন্তু এই আটাইবোৰ খবৰক শেহতীয়াকৈ নাকচ কৰিছে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে নিজেই; তেওঁ বৰ্তমান বিবাহতকৈ অধিক গুৰুত্ব ছবি সমূহত দিয়াৰ কথা প্ৰকাশ কৰে। শ্ৰদ্ধা কাপুৰে নাকচ কৰা পিছতেই এতিয়া তেওঁৰ পিতৃ তথা জনপ্ৰিয় অভিনেতা শক্তি কাপুৰৰ মতামত সমুখলৈ আহিছে। এক সাক্ষাৎকাৰ যোগে তেওঁ কয় যে, “মই নাজানো যে এনে কোনো খবৰ বাহিৰত চলি আছে, কিন্তু যদিহে এনে খবৰ চলি আছে তেতিয়াহ’লে মই নিজৰ ছোৱালীৰ সৈতে থিয় হ’ম। কেৱল মাত্ৰ বিবাহ বুলিয়ে নহয়; তেওঁৰ প্ৰত্যেকটো সিদ্ধান্তত মই তেওঁৰ সৈতে আছো। ৰোহন শ্ৰেষ্ঠ বুলিয়ে নহয়; তেওঁ মোৰ ওচৰত যিজন ল’ৰাৰ কথাই ক’ব সেইজনৰ সৈতেই মই মোৰ জীয়ৰীক বিয়া দিম।”

"তেওঁৰ প্ৰত্যেকটো সিদ্ধান্তত মই তেওঁৰ সৈতে আছো"- শক্তি কাপুৰ 2
SOURCE: ANI NEWS


উল্লেখ্য যে, আহিবলগীয়া সময়ত শ্ৰদ্ধা কাপুৰক দেখিবলৈ পোৱা যাব “নাগিন” চৰিত্ৰত। অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে নিজেই কৈছিল যে, “ডাঙৰ পৰ্দাত “নাগিন” ৰ চৰিত্ৰ ৰূপায়ন কৰাটো মোৰ বাবে বহু ডাঙৰ কথা। সৰুৰ পৰাই শ্ৰী দেৱী মেমৰ ছবি “নাগিনা” আৰু নিগাহে” চাই ডাঙৰ হৈছো গতিকে এনে ছবিত অভিনয় কৰাটো মোৰ বাবে ডাঙৰ অভিজ্ঞতা।” শ্ৰদ্ধা কাপুৰৰ এই ছবিখনৰ পৰিচালনা কৰিব বিশাল ফুৰিয়াই আৰু ইয়াৰ প্ৰযোজনা নিখিল দ্বিবেদীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.