Rupaliparda.com
Reel Drama ৰ এক প্ৰয়াস "Acting Masterclass With Anupam Kaushik Borah " 1

Reel Drama ৰ এক প্ৰয়াস “Acting Masterclass With Anupam Kaushik Borah “

অসম আৰু অসমীয়া কোনো ক্ষেত্ৰতেই যে কোনো এটা দিশৰ পৰা পিছুৱাই থকা নাই সেই কথাষাৰৰ ওপৰত বাৰু আপোনালোকে কেনেদৰে বিশ্বাস কৰে? মানে, আমি একাষাৰে অৰ্থনৈতিক, সামাজিক অথবা ৰাজনৈতিক আদি দিশটোক লৈ ওপৰৰ কথাষাৰ কোৱা নাই। মই ক’বলৈ বিচাৰিছো আন এটা প্ৰসংগ ক্ৰমেহে; সম্প্ৰতি সময়ছোৱাত আমি যদি অসমীয়াৰ প্ৰতিভাৰ দিশটোৰ কথা কিছু সময়ৰ বাবে টানি অনাৰ চেষ্টা কৰো তেতিয়াহ’লে দেখিবলৈ পোৱা যাব যে বৰ্তমান কোনো এটা দিশতে কোনো ফালৰ পৰাই প্ৰতিভাৰ ক্ষেত্ৰত পিছপৰি ৰোৱা নাই অসমীয়া। কোনোবা এগৰাকী অভিনেতা-অভিনেত্ৰীয়ে যেতিয়াই তেওঁৰ লগতে আপোনাক হহুঁৱাব পাৰে, কন্দুৱাব পাৰে অথবা খঙত জ্বলাই তুলিব পাৰে তেতিয়াই সেই নিৰ্দ্দিষ্ট অভিনেতা বা অভিনেত্ৰী গৰাকী হৈ পৰে সফল। আপোনালোকে ইতিমধ্যে ডিজিটেল প্লেটফৰ্ম Reel Drama ৰ বিষয়ে শুনিছে, তাত উপলদ্ধ হ’বলগীয়া কেইবাটাও প্ৰকল্পৰ ভিতৰত এটা বিশেষ প্ৰকল্পৰ নাম হৈছে “Acting Masterclass With Anupam Kaushik Borah”। হয়, আপোনালোকে ঠিকেই শুনিছে। সম্প্ৰতি চলা অনলাইন ক্লাছৰ কুছকাৱাজৰ মাজতেই একাংশ অভিনয় প্ৰেমী ছাত্ৰ-ছাত্ৰীৰ বাবে কৰা হৈছে এই প্ৰয়াস; য’ত অনুপম কৌশিক বৰাই ২০ বছৰ ধৰি নিজেই অভিনয়ৰ দিশটোক লৈ শিকি অহা বস্তুবোৰৰ যথোপযুক্ত উপস্থাপনৰ দ্বাৰা প্ৰদান কৰিব কিছু পাঠ। উক্ত প্ৰকল্পটোৰ ট্ৰেইলাৰে ইতিমধ্যে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে চচিয়েল মিডিয়াত; অভিনয়ৰ প্ৰতি আগ্ৰহী একাংশৰ বাবে এয়া যে এক সুন্দৰ তথা সোণালী সুযোগ সেয়া নুই কৰিব পৰা নাযায়।


ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চমুকৈ NSD ৰ স্নাতক, ১০ খনতকৈ অধিক অভিনয়ৰ কৰ্মশালাৰ শিক্ষক আৰু ২ খনকৈ বিশ্ববিদ্যালয়ৰ অভিনয়ৰ প্ৰশিক্ষক লগতে ১৫ খনতকৈ অধিক নাটকৰ পৰিচালক আৰু আটাইতকৈ অধিক গুৰুত্বপূৰ্ণ যে বাণিজ্যক ভাৱে সফল ছবি “বৰনদী ভটিয়ায়” ৰ পৰিচালক অনুপম কৌশিকে জীৱনযোৰা অভিনয়ৰ শিক্ষা বিলাবলৈ আপোনালোকৰ মাজত আহি সাজু হৈছে। ২২ টা খণ্ডযুক্ত উক্ত চিৰিজ খনৰ প্ৰতিটো খণ্ড হ’ব প্ৰায় ১৫ মিনিট দৈৰ্ঘ্যৰ; য’ত তেওঁক এই শিক্ষা প্ৰদানত সহায় কৰিব কৌশিক নাথৰ লগতে দৰথী ভৰদ্বাজে। আনহাতে, উল্লেখযোগ্য যে, প্ৰতিটো খণ্ডত এগৰাকী সুদক্ষ অভিনেতা-অভিনেত্ৰীও তেওঁলোকৰ অভিনয়ৰ দিশটোত থকা অভিজ্ঞতা অৰ্থাৎ “Tips and Tricks” প্ৰদান কৰিব আপোনালোকক। বাহাৰুল ইচলামৰ পৰা আৰম্ভ কৰি জেৰিফা ৱাহিদ লগতে মুকাভিনয় শিল্পী মইনুল হক আদিও উপস্থিত থাকিব অভিনয়ৰ কিছু কিছু কথা আপোনালোকক জনাবলৈ।

Reel Drama ৰ এক প্ৰয়াস "Acting Masterclass With Anupam Kaushik Borah " 2
Reel Drama ৰ এক প্ৰয়াস "Acting Masterclass With Anupam Kaushik Borah " 3


এই সমগ্ৰ প্ৰকল্পটোৱে আহিবলগীয়া সময়ত সফলতাক চুমাৰ সমান্তৰালকৈ অভিনয়ৰ প্ৰতি আগ্ৰহী সকলক এক উপযোগ্য শিক্ষা দিয়াৰ ক্ষেত্ৰতো যে এই প্ৰকল্পটো সফলকাম হ’ব সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform