আপোনালোকো নিশ্চয় জ্ঞাত যে শেহতীয়াকৈ গুৱাহাটীস্থিত অনুৰাধা চিনপ্লেক্সে উদযাপন কৰিছে নিজ ৫০ টা সোণালী বৰ্ষ। ২৭ জানুৱাৰী তাৰিখে অসমীয়া ছবি “মিডনাইট চং” ৰ প্ৰিমিয়াৰৰ লগতে উদযাপন কৰা হয় ছবিগৃহটোৰ সোণালী জয়ন্তী। আচলতে, সমগ্ৰ গুৱাহাটীবাসীৰ বাবেই ই এক উৎসাহৰ কথা কিয়নো গুৱাহাটীস্থিত এই চিত্ৰগৃহটোৰ সৈতে প্ৰতিজন দৰ্শকৰে কম-বেছিকৈ হ’লেও কিছু স্মৃতি জড়িত হৈ আছে। গুৱাহাটীৰ মাজ-মজিয়াত থকা “অনুৰাধা চিনেপ্লেক্স” ৰ আসনৰ সংখ্যাৰ পৰা আৰম্ভ কৰি কাৰিকৰী দিশটোও বৰ্তমান অধিক উপভোগ্য হৈ উঠিছে। ১৯৬৯ চনৰ ৫ মাৰ্চ তাৰিখে ছবিগৃহৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পিছতেই ১৯৭১ চনৰ ১ জানুৱাৰী তাৰিখে অনুৰাধা চিনেপ্লেক্সৰ স্বত্বাধিকাৰী প্ৰয়াত ড° ফণী শৰ্মাই চিনেপ্লেক্সৰ উদ্ধোধন কৰে। হয়টো, বহু কাহিনীৰ আৰম্ভ হয় বহু কাহিনীৰ বিৰাম হয়টো সেই চিনেপ্লেক্সৰ এখন ছবিৰ সৈতেই হৈছে; অ’ত বছৰে স-সন্মানে থিয় হৈ থকা অনুৰাধা চিনেপ্লেক্সৰ সোণালী জয়ন্তীত বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ আৰু অভিনেত্ৰী হেমা মালিনীয়েও শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিছে কিয়নো অনুৰাধা স্থাপিত হোৱাৰ পিছত তাত প্ৰদৰ্শিত প্ৰথমখন ছবি আছিল হেমা মালিনী আৰু ধৰ্মেন্দ্ৰ অভিনীত “তুম হাসিন মে’ জাৱান”।


মুঠ ১১৩২ খন আসনেৰে আৰম্ভ হোৱা অনুৰাধা চিনেপ্লেক্সৰ সেইটো সময়ৰ উচ্চতম মূল্য আছিল ৩ টকা ৬০ পইচা আৰু নিম্নতম মূল্য আছিল ৬০ পইচা। প্ৰযুক্তিগত চাউণ্ড চিষ্টেমৰ লগতে সকলো দিশৰ পৰা আধুনিকীকৰণ কৰা অনুৰাধা চিনেপ্লেক্সৰ ৫০ বছৰীয়া সোণালী বৰ্ষত ড° ফণী শৰ্মাৰ পুত্ৰ চিন্ময় শৰ্মাই আৱেগিক এক ভাষণ দাঙি ধৰাৰ লগতে ছবিগৃহটোৰ সৈতে জড়িত তেওঁৰ প্ৰতিটো কথাৰ কিছু আভাস তাত উপস্থিত জনসাধাৰণক প্ৰদান কৰে। উল্লেখ্য যে, “ববী”, “শ্বোলে” “ড° বেজবৰুৱা”, “স্বৰগম” “মেৰা নাম জোকৰ”, “ব’হাগৰ দুপৰীয়া” আদিৰ ছবিৰ অনুৰাধাত ১০০ দিন প্ৰদৰ্শন হোৱাৰ লগতে ২০১৭ চনত অনুৰাধা চিনপ্লেক্সে মুম্বাইৰ ষ্টাৰ গ্ৰুপ মাল্টিপ্লেক্স এক্সচেলেন্সিৰ পৰা “বেষ্ট চিংগল স্ক্ৰীণ থিয়েটাৰৰ” বঁটা লাভ কৰে। বৰ্তমান চিনেপ্লেক্সৰ প্ৰতিটো টিকটৰ এক অংশ “ড° ফণী শৰ্মা ৱেলফেয়াৰ ট্ৰাষ্ট” ত জমা কৰা হয়; যি ধন প্ৰতিটো বছৰে অসমৰ উদীয়মান প্ৰতিভাসম্পন্ন খেলুৱৈক প্ৰদান কৰা হয়।

অনুৰাধা চিনেপ্লেক্সৰ এই সোণালী জয়ন্তীত চিত্ৰগৃহটোৰ সৈতও জড়িত প্ৰত্যেকগৰাকী সদস্যক জনাইছো শুভকামনা।
Add comment