Rupaliparda.com
২২ ফেব্ৰুৱাৰীত বিয়াত বহিব বৰ্ষাৰাণী বিষয়াঃ পিছে দৰানো কোন? 1

২২ ফেব্ৰুৱাৰীত বিয়াত বহিব বৰ্ষাৰাণী বিষয়াঃ পিছে দৰানো কোন?

অসমীয়া অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ জীৱনলৈ আকৌ এক সুখবৰ। চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰী তাৰিখে বিবাহত বহিব অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া; পেচাত এগৰাকী শিক্ষক ভাস্কৰ বৰুৱাৰ সৈতে বিবাহত বহিব অভিনেত্ৰী গৰাকী। আচলতে, প্ৰথম বিবাহৰ কিছুদিন পিছতেই মৃত্যুক সাৱটিছিল তেওঁৰ স্বামীয়ে; তাৰ পিছত এক অকলশৰীয়া জীৱনক সাৱটি লৈয়েই আগবাঢ়িছিল অভিনেত্ৰী গৰাকী। শেহতীয়াকৈ তেওঁৰ ফালৰ পৰা অহা এই সু-খবৰে প্ৰত্যেককে উৎসাহিত কৰি তোলাত সক্ষম হৈছে। এইখিনিতে, আন এক উল্লেখযোগ্য কথা এয়াও যে প্ৰথম স্বামীৰ পিতৃ-মাতৃয়ে এইবাৰ বৰ্ষাৰাণীৰ দ্বিতীয় বিবাহৰ কন্যাদান কৰিব। ইনষ্টাগ্ৰামত ভাস্কৰ বৰুৱাৰ সৈতে থকা বৰ্ষাৰাণীৰ কেইবাখনো ফটোৱে ইতিমধ্যে চচিয়েল মিডিয়াত লাভ কৰিছে; এই সু-খবৰে অভিনেত্ৰী গৰাকীৰ প্ৰতিজন অনুৰাগীক উৎসাহিত কৰি ৰখাত সক্ষম হৈছে। বৰ্ষাৰাণী এনে এগৰাকী অভিনেত্ৰী, যি গৰাকীয়ে এক দীঘলীয়া সময়ৰ পৰাই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিজ প্ৰতিষ্ঠা অব্যাহত ৰাখিছে।


আহিবলগীয়া সময়ত অসমীয়া ছবি ক্ৰমে “গুৱাহাটী ডায়েৰিজ” আৰু “ৰাজনীতি” ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। তেওঁ প্ৰায়ে অনুৰাগীক আকৰ্ষণ টানিবলৈ একো একোখন ফটোৰে জীৱনৰ ধনাত্মক কথাবোৰ বাখ্যা কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform