Rupaliparda.com
কিয় বন্ধ হ'ব "দা কপিল শৰ্মা" শ্ব?? 1

কিয় বন্ধ হ’ব “দা কপিল শৰ্মা” শ্ব??

হিন্দী কমেডী শ্ব’ সমূহৰ ভিতৰত জনপ্ৰিয় হৈছে “দা কপিল শৰ্মা” শ্ব। কেৱল মাত্ৰ বলীউড বুলিয়ে নহয় বিভিন্ন খন ক্ষেত্ৰৰ চিলেব্ৰেটীক মাতি শ্ব’টোত কথা-বতৰাৰ মাজেৰেই দৰ্শকক হহুঁৱাবলৈ চেষ্টা কৰে কমেডীয়ান কপিল শৰ্মাই। কিন্তু শেহতীয়াকৈ শ্ব’টো বন্ধ হোৱা খবৰে চৰ্চা লাভ কৰিছে চচিয়েল মিডিয়াত; আকৌ কিছু সময় পিছতেই শ্ব’টোৰ এটা নতুন সংস্কৰণৰ সৈতে আগবাঢ়িব নিৰ্মাতা সকল। এই বিষয়টোক লৈ বিগত দিনৰ পৰা কোনো ধৰণৰ মন্তব্য কৰা নাছিল কপিল শৰ্মাই; কিছু দিন পূৰ্বে ইনষ্টাগ্ৰামত #AskKapil ত বিভিন্ন জন অনুৰাগীয়ে কপিলক কিছু প্ৰশ্ন কৰিছিল যাৰ উত্তৰ তেওঁ দি গৈছিল। তাৰ মাজতেই এগৰাকী অনুৰাগীয়ে তেওঁক যেতিয়া “দা কপিল শৰ্মা” শ্ব’ টো বন্ধ হোৱা প্ৰসংগত প্ৰশ্ন কৰে তেতিয়া তেওঁ কয় যে, “এই শ্ব’টো এইবাবেই বন্ধ হ’ব কিয়নো বৰ্তমান মই নিজৰ পৰিয়ালক কিছু সময় দিয়াৰ প্ৰয়োজন। মোৰ দ্বিতীয়টো সন্তানৰ আগমনৰ প্ৰস্তুতি মই কৰিব লাগিব।”

কিয় বন্ধ হ'ব "দা কপিল শৰ্মা" শ্ব?? 2
কিয় বন্ধ হ'ব "দা কপিল শৰ্মা" শ্ব?? 3


ভাৰতীয়ে উক্ত শ্ব’টো এৰা কথাটোৱেও কিছুদিন পূৰ্বে চৰ্চা লাভ কৰিছিল সচেতন মহলত। কিন্তু উক্ত বিষয়টোত প্ৰতিজন সদস্যই ভাৰতীৰ সৈতে মাৰ বান্ধি থিয় হোৱা ওদেখিবলৈ পোৱা গৈছিল। ট্ৰোলৰ সন্মুখীন হ’লেও শ্ব’টোক লৈ থকা অনুৰাগীৰ কথাও নুই কৰিব নোৱাৰি।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.