নতুন গীত, নতুন কন্ঠৰ আদৰণি প্ৰত্যেকেই প্ৰত্যেকদিনাই কৰা আমি দেখি আহিছো। আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটা সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। যদিও সংগীতৰ ধাৰাৰ সাল-সলনি কৰা হৈছে, যদিও বৰ্তমানৰ কিছু সংগীতে নতুন ৰূপ লৈছে তথাপিও উঠি অহা কেইগৰাকী মান কন্ঠশিল্পীৰ সৃষ্টিত বিশ্বাস ৰাখিয়ে একাংশই তেওঁলোকৰ বাবে আগ্ৰহ দেখুওৱা পৰিলক্ষিত হয়। অনুৰাগীৰ এখন দীঘলীয়া শাৰী নাথাকিলেও তেওঁলোকৰ কন্ঠৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়। আমি প্ৰায়ে এওঁলোকক লৈ ব্যস্ত নহ’লেও আচলতে তেওঁলোকৰ কন্ঠ শুনিলে আমি এক মিনিটৰ বাবে হ’লেও তেওঁলোকৰ ভিডিঅ’টোৰ সৈতে স্তব্ধ হৈ পৰো। আচলতে, সেয়াই ব্যতিক্ৰম; সেয়াই নতুনত্ব। আজিৰ আমাৰ দেওবৰীয়া বিশেষত কথা পাতিম প্লাবিতা শইকীয়াৰ সৈতে। চাওঁচোন আহকঃ

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা আৰম্ভণি কৰিছিল?
প্লাবিতা শইকীয়াঃ সংগীতৰ আৰম্ভণি মই একেবাৰে শৈশৱৰ পৰাই কৰিছিলো বুলি ক’লেও আচলতে বঢ়াই কোৱা নহ’ব। একেবাৰে সৰু অৱস্থাৰ পৰাই গীত গোৱা আৰম্ভ কৰিছিলো বাবেই ছাগে মই পঞ্চম শ্ৰেণীত পঢ়ি থকা অৱস্থাত দেউতাই মোক বোকাজান মিউজিক কলেজত নাম ভৰ্তি কৰাই দিছিল শাস্ত্ৰীয় সংগীত শিকিবৰ বাবে। তেতিয়াৰ পৰাই মই মোৰ সংগীত জীৱনৰ আৰম্ভণি কৰিছিলো বুলি ক’ব পাৰি।

প্ৰশ্নঃ এটি গীতৰ সফলতা/বিফলতা বুলি ক’লে তুমি কি বুজা?
প্লাবিতা শইকীয়াঃ সংগীতৰ পৰিসৰ আচলতে যথেষ্ট ডাঙৰ, আমি ইয়াত সফলতা অথবা বিফলতা চাই কাম কৰিলে এইটো ভুল হ’ব। প্ৰত্যেকজন শ্ৰোতাৰ বাবেই তেওঁলোকৰ প্ৰিয় সংগীত সমূহ ভিন্ন; তেওঁলোকৰ মনত হয়টো তেওঁলোকৰ প্ৰিয় সংগীতটোৱেই এটা সফল গীত। মোৰ মতে, গীত এটিৰ সফলতা আৰু বিফলতা মানে কি বুলি ক’লে তাৰ উত্তৰ দিয়াটো অথবা একেষাৰে কৈ দিয়াটো একেবাৰে টান। সেয়া নিৰ্ভৰ কৰে গায়কে কি বিচাৰি গীত এটি শ্ৰোতালৈ আগবঢ়াই দিছে। যদি ইউটিউবৰ ভিউচ বাঢ়িলেই তেওঁৰ গীতটি সফল বুলি ভাবে তেন্তে সেয়া তেওঁৰ ৰুচিবোধ। আনহাতে, যেতিয়া এটি গীত শ্ৰোতাৰ মনত স্থায়ী হৈ যায় তেন্তে সেই গীতটি সফল হৈছে বুলি ক’ম ।

প্ৰশ্নঃএগৰাকী “শিল্পী” ৰ সংজ্ঞা আপোনাৰ মতে কি?
প্লাবিতা শইকীয়াঃ আকৌ এটা “টান” প্ৰশ্ন। ইয়াৰ সংজ্ঞাটোও আচলতে বৰ বিশাল; যাৰ কৰ্মৰাজি শিল্পৰ পৰ্যায়লৈ উন্নিত হৈ পৰে মোৰ দৃষ্টিত তেওঁয়েই শিল্পী। এগৰাকী শিল্পী হৈছে এনে এজন ব্যক্তি যিয়ে বিনা স্বাৰ্থত নিজ প্ৰতিভাক ৰাইজৰ ওচৰত প্ৰদৰ্শন কৰাৰ ক্ষমতা ৰাখে। যিজন ব্যক্তিয়ে নিজ কলা বা প্ৰতিভাক ভাল পাই নিজ কৰ্ম অব্যাহত ৰাখিছে তেওঁয়ে মোৰ মতেৰে এগৰাকী প্ৰকৃত শিল্পী; যিয়ে কেতিয়াও নিজৰ “নাম” হোৱাটো নিবিচাৰে আৰু নিৰৱিচ্চিন্ন নিজ ক্ৰিয়া সম্পাদন কৰি যায়।

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।
প্লাবিতা শইকীয়াঃ আগন্তুক প্ৰকল্প বুলিবলৈ ক’লও কেইটামান নতুন প্ৰজেক্টৰ কাম চলি আছে; খুব সোনকালে এটি নতুন গীত শ্ৰোতালৈ আগবঢ়াই দিম; গীতটিক শ্ৰোতাই আদৰি লোৱাৰ লগতে সঁহাৰি তথা সমাদৰ জনাব বুলি মই আশাবাদী।”

ৰূপালীপৰ্দাঃধন্যবাদ প্লাবিতা বৰদলৈ; আপোনাৰ পৰিকল্পনা সমূহ সফল হওঁক।
প্লাবিতা শইকীয়াঃ ধন্যবাদ।
Add comment