Rupaliparda.com
মঞ্চলোভী স্বাগতা ভৰালীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপঃ 1

মঞ্চলোভী স্বাগতা ভৰালীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপঃ

মঞ্চলোভী অভিনেত্ৰী স্বাগতা ভৰালীলৈ প্ৰাগ চিনে এৱাৰ্ড ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ; আজিৰ নৱপ্ৰজন্মৰ প্ৰতিভাত যেতিয়া দৰ্শকে বিভিন্নতা দেখে আচলতে তেতিয়াই তেওঁলোকৰ প্ৰতি এক বিশ্বাসৰ সৃষ্টি হয় সকলোৰে। বৰ্তমানলৈ স্বাগতা ভৰালীয়ে ৰূপায়ন কৰা প্ৰতিটো চৰিত্ৰত বিভিন্নতা আছে, একঘেয়ামী নোহোৱাৰ যদি আপোনালোকক উদাহৰণ দিবলগীয়া হয় তেতিয়াহ’লে কিছুদিন পূৰ্বে সমাপ্ত হোৱা ধাৰাবাহিক “দুটি মনৰ জোনাক” আৰু শেহতীয়াকৈ মুক্তি লাভ কৰা চুটি ছবি “মোহ” ক ল’ব পাৰে। ৰূপালীপৰ্দাৰ জৰিয়তে আমি কেইবাবাৰো অভিনেত্ৰী গৰাকীৰ অভিনয়ৰ লগতে তেওঁৰ প্ৰকল্প সমূহৰ বাখ্যা আপোনালোকৰ মাজত দাঙি ধৰিছিলো কিন্তু শেহতীয়াকৈ তেওঁ লাভ কৰা খিতাপক লৈ আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা তেওঁলৈ যাঁচিছো অলেখ শুভকামনা। সৰুতে নিজেই ভেকচন প্ৰতিযোগিতা পাতি নিজেই অভিনয় কৰা লগতে “সংজ্ঞাপন” নামে এটি গ্ৰুপ খুলি নাট পৰিৱেশন কৰিবলৈ পোনপ্ৰথমবাৰৰ বাবে মঞ্চত উঠা স্বাগতা ভৰালীৰ বৰ্তমানৰ অনুৰাগীৰ এখন দীঘলীয়া শাৰী যে প্ৰস্তুত হৈছে সেয়া হয়টো একাষাৰে কৈ দিলেও অতিৰঞ্জিত নহ’ব। তেওঁ লাভ কৰা খিতাপক লৈ বহুতে তেওঁ “গ্লেমাৰহীন কৰ্তব্যপৰায়ণ অভিনেত্ৰী” ৰ আন এক মুকুটো পিন্ধাইছে।

মঞ্চলোভী স্বাগতা ভৰালীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপঃ 2


“ৰিয়াজ”, “গোৱৰ্ধন চৰিত”, “শব্দ-নিশব্দ-কোলাহল” আদি কেইবাখনো অসমীয়া ছবিত দেখা পাবলগীয়া স্বাগতা ভৰালীৰ উক্ত আটাইকেইখন ছবিতেই যে তেওঁ নিজ চৰিত্ৰ সমূহৰ যথোপযুক্ত উপস্থাপনৰ চেষ্টা কৰিছে সেয়া তেওঁৰ চচিয়েল মিডিয়াত ভাইৰেল হোৱা ফটো সমূহৰ পৰাই ধৰিব পৰা যায়। National School of Drama ৰ চিকিম শাখাত অভিনয়ৰ শিক্ষা লাভ কৰা এই অভিনেত্ৰী গৰাকীৰ নিষ্ঠা, একাগ্ৰতাৰ প্ৰতিদিনেই চৰ্চা হোৱা দেখিবলৈ পোৱা যায়। অষ্টম শ্ৰেণীত পঢ়ি থকা অৱস্থাতেই “অসম নাট্য সন্মিলন” যোৰহাট শাখাত অন্তৰ্ভূক্ত হোৱা স্বাগতাৰ সেইটো বয়সৰ পৰাই আছিল নাটক অথবা অভিনয়ৰ প্ৰতি অপাৰ শ্ৰদ্ধা। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ নিজেও জনাইছিল যে, “অসম নাট্য সন্মিলন” ৰ কোনো প্ৰতিযোগিতাই হওঁক অথবা অধিৱেশনেই হওঁক তাত নাটক কৰাৰ সুযোগ লাভ কৰি যেতিয়া সুদক্ষ বহু লোকক লগ পাইছিলো তেতিয়া আচলতে বুজি উঠিছিলো যে অভিনয় বস্তুটোক লৈ অধ্যয়নৰ কিমান প্ৰয়োজন!”

মঞ্চলোভী স্বাগতা ভৰালীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপঃ 3


শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভৰ পিছত অভিনেত্ৰী স্বাগতা ভৰালীৰ অনুৰাগীও যথেষ্ট উৎসাহিত হৈ পৰিছে। আহিবলগীয়া সময়ত অভিনেত্ৰী গৰাকীৰ ছবিসমূহ মুক্তি পোৱা পিছত তেওঁৰ চৰিত্ৰ সমূহ উপভোগ কৰিবলৈ বৰ্তমান অপেক্ষাৰত বহু দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform