Rupaliparda.com
"প্ৰতিজন শিল্পীয়েই নিজ নিজ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাটো প্ৰয়োজন"- ধ্ৰুৱজ্যোতি কাশ্যপ 1

“প্ৰতিজন শিল্পীয়েই নিজ নিজ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাটো প্ৰয়োজন”- ধ্ৰুৱজ্যোতি কাশ্যপ

এখন ছবি, চুটি ছবি, ধাৰাবাহিক অথবা একোটা ভিডিঅ’ গীতেই নহওঁক কিয় এই আটাইবোৰ দিশ পুংখানুপুংখ হৈ দৰ্শকৰ মাজত ওলাই আহিবলৈ হ’লে তাত পৰিচালনাৰ দিশটো সবল হোৱাটো গুৰুত্বপূৰ্ণ। এটা প্ৰকল্পৰ সৈতে জড়িত পৰিচালক গৰাকীয়ে বুজি পাব লাগিব যে দৰ্শকে ক’ত নিজ সোঁৱাদ বিচাৰিবলৈ সক্ষম হ’ব; অথবা সম্প্ৰতি সময়ছোৱাত একোজন দৰ্শকে বিচাৰিছে কি? শেহতীয়াকৈ এখন ধাৰাবাহিকক লৈ জনসাধাৰণৰ বিশেষ আকৰ্ষণ দেখিবলৈ পোৱা গ’ল; ধাৰাবাহিকখনৰ নাম হৈছে “স্বাভিমান”। গতানুগতিক কাহিনীৰ অগতানুগতিক উপস্থাপন কৰা উদ্দেশ্য ধাৰাবাহিকখনক দৰ্শকৰ মাজলৈ লৈ আনিছিল পৰিচালক ধ্ৰুৱজ্যোতি কাশ্যপে। আজিৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষত আমি আপোনালোকৰ মাজলৈ লৈ আনিছো এইগৰাকী পৰিচালক ধ্ৰুৱজ্যাতি কাশ্যপক; পৰিচালনা দিশটোৰ সৈতে কেতিয়াৰ পৰা জড়িত লগতে আন বহুতো এক্সক্লুচিভ কথা-বতৰাৰ সৈতে ধ্ৰুৱজ্যোতি কাশ্যপৰ সাক্ষাৎকাৰ। চাওঁচোন আহকঃ

"প্ৰতিজন শিল্পীয়েই নিজ নিজ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাটো প্ৰয়োজন"- ধ্ৰুৱজ্যোতি কাশ্যপ 2

প্ৰশ্নঃ পৰিচালনা দিশটোৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?

ধ্ৰুৱজ্যোতি কাশ্যপঃ পৰিচালনা দিশটোৰ সৈতে জড়িত হোৱা বুলি ক’বলৈ মই বিগত ২০০৭ চনৰ পৰা এই দিশটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছো। এই সময়ছোৱাত মই বিভিন্নজন বিশিষ্ট তথা সুদক্ষ আৰু জনপ্ৰিয় পৰিচালকৰ পৰা শিকা লগতে তেওঁলোকৰ সৈতে থাকি কাম কৰাৰ সোভাগ্য হৈছে।

"প্ৰতিজন শিল্পীয়েই নিজ নিজ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাটো প্ৰয়োজন"- ধ্ৰুৱজ্যোতি কাশ্যপ 3

প্ৰশ্নঃ এগৰাকী পৰিচালক ৰূপে আপোনাক কেনে ধৰণৰ কাহিনীয়ে আকৰ্ষণ কৰে?

ধ্ৰুৱজ্যোতি কাশ্যপঃ এগৰাকী পৰিচালক হিচাপে মই নিজকে এটা নিৰ্দ্দিষ্ট পৰিসৰৰ মাজত বান্ধি ল’ব নোৱাৰো। সমান্তৰালকৈ, আমাৰ শ্ৰোতা-দৰ্শকৰ ৰুচিবোধো সময় পৰিৱৰ্তনৰ লগে লগে সলনি হৈ গৈ থাকে; গতিকে এনেক্ষেত্ৰত ৰুচিসম্পন্ন যিকোনো কাহিনীয়ে এগৰাকী পৰিচালক ৰূপে মোক আকৰ্ষিত কৰে। আমি সদায় দৰ্শকৰ বাবে কাম কৰি আহিছো, য’তেই দৰ্শকৰ ইচ্ছা থাকে তাতেই আচলতে আমি নিজৰ ১০০ শতাংশ দিবলৈ চেষ্টা কৰো।

"প্ৰতিজন শিল্পীয়েই নিজ নিজ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাটো প্ৰয়োজন"- ধ্ৰুৱজ্যোতি কাশ্যপ 4

প্ৰশ্নঃ আপোনাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা জানিব বিচাৰিম।

ধ্ৰুৱজ্যাতি কাশ্যপঃ “শিল্পী” ৰ সংজ্ঞা বুলি ক’লে আচলতে প্ৰত্যেকেই এটা নিৰ্দ্দিষ্ট উত্তৰৰ সৈতে ইয়াৰ সংজ্ঞা দাঙি ধৰিব নোৱাৰে; কাৰণ এগৰাকী “শিল্পী” বুলি ক’বলৈ গ’লে ইয়াৰ পৰিসৰ বহুত বহল। গতিকে, মই উত্তৰটো এটা দিশেৰেই দিব বিচাৰিছো। “অভিনয় শিল্পী” হ’বলৈ হ’লে মোৰ বোধেৰে তেওঁ Flexible হোৱাটো ভাল; ঠিক কেঁচা বাঁহৰ দৰে। বাঁহ কেঁচা হ’লে যিকোনো ভাঁজ দিবলৈ সুবিধা হয়। ঠিক তেনেদৰে শিল্পী এগৰাকী Flexible হ’লে তেওঁক যিকোনো চৰিত্ৰতে খাপ খুৱাই ল’বলৈ সুবিধা হয়। কেৱল মাত্ৰ অভিনেতা অথবা অভিনেত্ৰী, কন্ঠশিল্পীয়ে যে “শিল্পী” ৰ শাৰীত পৰিছে আচলতে তেনেও নহয়; “শিল্প” ৰ সৈতে জড়িত প্ৰতিগৰাকীয়ে হৈছে একোগৰাকী শিল্পী। ইয়াৰ লগতে, প্ৰতিজন শিল্পীয়েই নিজ নিজ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাটো প্ৰয়োজন।

"প্ৰতিজন শিল্পীয়েই নিজ নিজ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাটো প্ৰয়োজন"- ধ্ৰুৱজ্যোতি কাশ্যপ 5

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম

ধ্ৰুৱজ্যোতি কাশ্যপঃ আহিবলগীয়া সময়ৰ পৰিকল্পনা বহুতখিনিয়ে; নেদেখাজনে নিশ্চয় সঁহায় কৰিব এইক্ষেত্ৰত। অৱশ্যে ৰং চেনেলৰ বাবে এখন ধাৰাবাহিকৰ প্ৰস্তুতি আমি ইতিমধ্যে আৰম্ভ কৰিছো। পৰৱৰ্তী সময়ত ৰূপালীপৰ্দাৰ সৈতে পুনঃ কথা হ’লে পৰিকল্পনা সমূহৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা হ’ব। নহয় জানো! আপোনালোকৰ পেজটোৰ জৰিয়তে ৰাইজৰ মৰম আৰু আশীষ বিচাৰিছো। লগতে, “ৰূপালীপৰ্দা” শীৰ্ষগামী হওঁক তাৰেই কামনা কৰিলো।

"প্ৰতিজন শিল্পীয়েই নিজ নিজ কৰ্মৰ প্ৰতি নিষ্ঠাৱান হোৱাটো প্ৰয়োজন"- ধ্ৰুৱজ্যোতি কাশ্যপ 6

ৰূপালীপৰ্দাঃ ধন্যবাদ ধ্ৰুৱজ্যোতি কাশ্যপ। আপোনাৰ পৰিকল্পনা সমূহ সফল হওঁক।

ধ্ৰুৱজ্যোতি কাশ্যপঃ ধন্যবাদ।

Add comment

Leave a Reply