Rupaliparda.com
"কোন হ'ব?" ত আকৌ এবাৰ ফুটি উঠিছে নৱপ্ৰজন্মৰ প্ৰয়াসঃ 1

“কোন হ’ব?” ত আকৌ এবাৰ ফুটি উঠিছে নৱপ্ৰজন্মৰ প্ৰয়াসঃ

“কোন হ’ব মোৰ বাবে”; গীতটিৰ কথা ৰাহুল দে দাসৰ আৰু গীতটিৰ সৈতে সুন্দৰ সম্পৰ্ক ঘটাই ইয়াৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছিল নৱপ্ৰজন্মৰ পৰিচালক প্ৰণৱ ভৰালী। আকৌ একোজন নৱপ্ৰজন্মৰ সুন্দৰ প্ৰয়াসত আপ্লুত শ্ৰোতা-দৰ্শক; আমি শেহতীয়াকৈ শুনিবলৈ অথবা উপভোগ কৰিবলৈ পোৱা প্ৰায় প্ৰতিটো গীতেই বাৰু আমাৰ আপোন হয় পৰা নাই নে? সঁচাকৈ আপোন হৈছে কিয়নো এই গীতসমূহ মুক্তিৰ এঘন্টা পিছতেই ই ইমানেই বেছি শ্ৰোতা-দৰ্শকৰ সমাদৰ লাভ কৰাত সক্ষম হয় যে আমি নুই কৰিব নোৱাৰো। আনহাতে, এই গীতসমূহৰ আঁৰৰ ব্যক্তি সমূহ একেকেইজন হোৱাৰ বাবেও আচলতে ইয়াক লৈ দৰ্শকৰ মাজত এক বেলেগ উৎসাহৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। “ভবাই নাছিলো” ৰ পিছত Atlas Creation ৰ বেনাৰত নিৰ্মিত “কোন হ’ব” তেওঁলোকৰ দ্বিতীয়টো প্ৰচেষ্টা; নীল আকাশ আৰু বৰষা বৰাৰ কন্ঠৰে সদ্যমুক্তিপ্ৰাপ্ত গীতটিত কন্ঠশিল্পী দুগৰাকীয়ে নিজ নিজ কন্ঠক সুন্দৰকৈ উলিয়াই অনা যেনেই অনুভৱ হয়। সমান্তৰালকৈ, গীতটিক নিজ শব্দৰে সঁজোৱা ৰাহুল দে দাসৰ এতিয়া প্ৰত্যেকটো গীততেই যে তেওঁৰ প্ৰতিভা ফুটি উঠিছে তাক একাষাৰে কৈ দিব পৰা যায়।


“কোন হ’ব” গীতটিৰ ভিডিঅ’ পৰিচালনা দিশটিৰ প্ৰসংগলৈ যদি আহো তেতিয়াহ’লে এটাই কথা ক’ব লাগিব যে বৰ্তমান সময়ৰ প্ৰণৱ ভৰালীৰ কাহিনী, বিষয়বস্তু আদি ইমানেই অধিক সৱল হৈ পৰিছে যে সম্প্ৰতি সময়ছোৱাৰ প্ৰযোজক গোষ্ঠীৰ বাবে শীৰ্ষত থকা পৰিচালক গৰাকীয়ে হৈছে প্ৰণৱ ভৰালী। প্ৰতিটো গীত অথবা প্ৰকল্পত তেওঁৰ নতুনত্ব দেখিবলৈ পোৱা যায়; লগতে গীতটিত অভিনয় কৰিছে কমল লোচন আৰু অঞ্জু দহলে। কমল লোচনৰ দীঘল চুলিৰ পৰিৱৰ্তে তেওঁৰ নতুন লুক আৰু অভিনয় দিশটোত থকা তেওঁৰ পৰিপক্কতা লক্ষ্যণীয়। গীতটিত সংগীত অনুপম কোঁৱৰৰ আৰু ইয়াত সুৰ কৰিছে প্ৰৱীণ বৰাই। পিংকু দাসৰ শব্দ সংমিশ্ৰণেৰে গীতটিত গীতাৰ বজাইছে ৰাজীৱ হাজৰিকাই। জান্হৱী গগৈৰ সহঃপৰিচালনাৰে তথা ৰুহুল বৰভূঞাৰ দৃশ্যগ্ৰহণেৰে নিৰ্মিত গীতটিৰ সম্পাদনা আৰু গ্ৰাফিক্স উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্যৰ।

"কোন হ'ব?" ত আকৌ এবাৰ ফুটি উঠিছে নৱপ্ৰজন্মৰ প্ৰয়াসঃ 2


Atlas Creation বেনাৰত নিৰ্মিত গীতসমূহৰ ওপৰত এতিয়া শ্ৰোতা-দৰ্শকৰ বিশ্বাস পৰিলক্ষিত হৈছে। ৰূপালীপৰ্দাৰ পৰা এওঁলোকক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform