Rupaliparda.com
দীপলিনা ডেকাৰ জন্মদিন আৰু অনুৰাগীৰ উৎসাহঃ 1

দীপলিনা ডেকাৰ জন্মদিন আৰু অনুৰাগীৰ উৎসাহঃ

নিজৰ প্ৰিয় কন্ঠশিল্পী গৰাকীৰ জন্মদিন বুলিলেই মনত উৎসাহৰ সৃষ্টি হয় অথবা আনন্দ লাগে। তেওঁলৈ অহা হাজাৰ হাজাৰটা শুভকামনাৰ মাজত যদি তেওঁ আপোনাক এবাৰ ধন্যবাদ জ্ঞাপন কৰি দিয়ে সেয়াই যেন অনুৰাগীৰ বাবে সাৰ্থক হৈ পৰে। আমি এনে বহু অনুৰাগীও দেখিছো যিয়ে নিজৰ প্ৰিয় কন্ঠশিল্পী গৰাকীৰ জন্মদিনৰ বাবে এক বহুদিনীয়া পৰিকল্পনা কৰি ৰাখে; ঠিক তেনেকৈ আজি ৰাতিপুৱাৰে পৰা চচিয়েল মিডিয়াত এগৰাকী কন্ঠশিল্পীৰ জন্মদিন উপলক্ষে আৰম্ভ হৈছে খলকনিৰ। যুৱপ্ৰজন্মৰ হৃদয়ৰ ৰাণী দীপলিনা ডেকাৰ জন্মদিনত আজি চচিয়েল মিডিয়াতেই তেওঁক অনুৰাগীয়ে শুভকামনাৰে উপচাই পেলাইছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰাও এইগৰাকী কন্ঠশিল্পীলৈ আমি জনাইছো জন্মদিনৰ অলেখ শুভকামনা। চচিয়েল মিডিয়াত আপলোড কৰা একোখন ফটোৰে প্ৰত্যেকদিনেই অনুৰাগীক আকৰ্ষণ কৰা লগতে কন্ঠৰ যাদুৰে মুহি নিয়া দীপলিনাৰ অনুৰাগীৰ শাৰীটো কিমান দীঘলীয়া যে সেয়া হয়টো নক’লেও আপোনালোকেও জানে।

দীপলিনা ডেকাৰ জন্মদিন আৰু অনুৰাগীৰ উৎসাহঃ 2
দীপলিনা ডেকাৰ জন্মদিন আৰু অনুৰাগীৰ উৎসাহঃ 3


অসমীয়া শিল্পী সমূহৰ ভিতৰত দীপলিনা ডেকাই কৰা যিকোনো পোষ্ট কিছু মিনিটৰ ভিতৰত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আনকি, শিল্পীগৰাকীক “জাতীয় বা” হিচাপে ঘোষণা কৰিবলৈও একাংশ অনুৰাগীয়ে কমেন্ট যোগে প্ৰকাশ কৰে। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.