Rupaliparda.com
ফাগুনৰ গাতেই বান্ধি প্ৰেম আজুৰিছে আচুৰ্য্য বৰপাত্ৰইঃ 1

ফাগুনৰ গাতেই বান্ধি প্ৰেম আজুৰিছে আচুৰ্য্য বৰপাত্ৰইঃ

শুকান হৃদয়ত প্ৰেমৰ গীতাৰ থবজাই আহিবলৈ সাজু হৈছে ফাগুন মাহ। অশান্ত সাধাৰণজন আৰু অশান্ত হৃদয়ৰ মাজত এক প্ৰেমময় বাৰ্তা কঢ়িয়াই আনে এই ফাগুনৰ বতাহ জাকে। পলাশৰ ৰঙেৰে উপচি পৰে এই অভিমানী ভালপোৱা বোৰ। ফাগুন বুলিলেই যে সাঁৱতি ধৰা হৃদয়বোৰত অহৰহ বাজে প্ৰেমৰ গান; মুঠৰ ওপৰত ফাগুন বুলিলেই নাচে মনবোৰ, হৃদয়বোৰ। সকলোৰে বাবে যেন আপোন এই মাহটো; শুকান হ’লেও মলয়া বতাহ জাকৰ নাচোনত নাচি থাকে হিয়াবোৰ। ফাগুন বুলি কোৱাৰ পিছতেই এতিয়া আকৌ এবাৰ আপোনালোকৰ মাজলৈ লৈ আনিছো আন এক সু-খবৰ। কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই এই ফাগুন মাহটোক লৈয়ে অহা ১২ ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিব এক সুৰীয়া যাত্ৰা। গোটেই “ফাগুন” মাহটোকেই উদযাপন কৰিব আচুৰ্য্য বৰপাত্ৰৰ লগতে সংগীত ক্ষেত্ৰখনৰ একাংশ শিল্পী আৰু জনসাধাৰণে। তেওঁৰ এই যাত্ৰাটোক লৈ ইতিমধ্যে সৃষ্টি হৈছে উৎসাহৰ। “ফাগুন… এজাক সুৰীয়া বতাহ” ৰ এক পোষ্টাৰ নিজৰ চাইকেলত ওলমাই কন্ঠশিল্পী গৰাকীৰ এই যাত্ৰাৰ বাৰ্তা কঢ়িয়াই ফুৰিছে এজন ডাকোৱালে। ১২ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰা পোনপ্ৰথমে আৰম্ভ হ’ব কটন বিশ্ববিদ্যালয়ৰ পৰা।

ফাগুনৰ গাতেই বান্ধি প্ৰেম আজুৰিছে আচুৰ্য্য বৰপাত্ৰইঃ 2


#letscelebratefagun নামেৰে হেছটেগ ব্যৱহাৰ কৰি কন্ঠশিল্পী গৰাকীয়ে আৰম্ভ কৰিছে চচিয়েল মিডিয়াতো প্ৰচাৰ। এইবাৰ ফাগুনৰ গাতেই অনুৰাগীয়ে বান্ধি আনিছে তেওঁলোকৰো উৎসাহ; আচুৰ্য্য বৰপাত্ৰৰ গীতৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ এই ফাগুনৰ সময়ছোৱাত আচুৰ্য্যৰ এমুঠি সুৰীয়া গীত শুনিবলৈ পালে তাতকৈ আৰু আন ভাল লগা বিষয় কি হ’ব পাৰে? ইয়াৰ লগতে, বছৰটোৰ আৰম্ভণিতে মুক্তি লাভ কৰা “হয়নে ক” শীৰ্ষক গীতটিয়েও লাভ কৰিছিল যথেষ্ট সমাদৰ। কেৱল মাত্ৰ ১৫ দিনৰ ভিতৰতেই গীতটিয়ে ৩ লাখতকৈও অধিক ভিউচ লাভ কৰিবলৈ সক্ষম হৈছিল ইউটিউবত। গীতসমূহৰ ক্ষেত্ৰত কন্ঠশিল্পী গৰাকীৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়।

ফাগুনৰ গাতেই বান্ধি প্ৰেম আজুৰিছে আচুৰ্য্য বৰপাত্ৰইঃ 3


আহিবলগীয়া সময়ৰ “ফাগুন” আৰু তাত কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ কন্ঠই যে আকৌ এক মাদকতাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত। আগন্তুক এই প্ৰকল্পটোৰ বাবে আচুৰ্য্য বৰপাত্ৰৰ লগতে তেওঁৰ সমগ্ৰ টীমটোকেই জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform