অসমীয়া সংগীতশিল্পী, অভিনেতা-অভিনেত্ৰী সমূহৰ সমান্তৰালকৈ আমাৰ সংস্কৃতিৰ দিশটো সুন্দৰ কৰি ৰখাত সহায় কৰিছে একোগৰাকী সত্ৰীয়া নৃত্যশিল্পীয়ে। এওঁলোকৰ নিৰৱিচ্চিন্ন সাধনাই আমাৰ সংস্কৃতিৰ দিশটো আৰু অধিক আগুৱাই লৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। ৰূপালীপৰ্দাই শেহতীয়া এগৰাকী সত্ৰীয়া নৃত্যশিল্পী অনন্যা মহন্তৰ সৈতে পাতিছিল কিছু কথা; নৃত্য ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, ” সৰুৰ পৰাই এই নৃত্যক্ষেত্ৰখনত চিনাকী; ৩ বছৰ মানৰ পৰা সৃষ্টিশীল নৃত্যৰে যাত্ৰা আৰম্ভ কৰিছিলো। পিছলৈ ৭ বছৰ বয়সত মা-দেউতাই সত্ৰীয়া নৃত্য ক্ষেত্ৰখনৰ সৈতে চিনাকী কৰোৱাই দিছিল। পোন প্ৰথমে গুৰু গোবিন্দ শইকীয়া ছাৰৰ ওচৰত নৃত্যৰ শিক্ষা গ্ৰহণ কৰি পিছলৈ অৰ্থাৎ ২০০৩ চনত শাৰদী শইকীয়া আই আৰু ড° ভৱানন্দ বৰবায়ন অধ্যাপকৰ তত্ত্বাৱধানত “Rangayan-An Academy of Dance, Theatre and Music” ত মই সত্ৰীয়া নৃত্যৰ শিক্ষা আৰম্ভ কৰিছিলো। ২০০৮ চনলৈ মই সত্ৰীয়া নৃত্যত ডিপ্লোমা গ্ৰহণ কৰিবলৈ সক্ষম হ’লো। আচলতে, শিক্ষাৰ কোনো শেষ নাই গতিকে সেইবাবেই মইও “সংগীত সত্ৰ” ৰ পৰা ৫ বছৰীয়া সত্ৰীয়াৰ পাঠ্যক্ৰম গ্ৰহণ কৰি ডিপ্লোমা অৰ্জন কৰিছো। বৰ্তমানলৈ সত্ৰীয়া নৃত্যৰ চৰ্চা মই অব্যাহত ৰাখিছো সত্ৰীয়া নৃত্যত ওস্তাদ বিচমিল্লাহ খান যুৱ পুৰষ্কাৰ বঁটাপ্ৰাপ্ত গুৰু নৰেন চন্দ্ৰ বৰুৱা ছাৰৰ ওচৰত।”
“লক-ডাউন” ৰ সময়ছোৱাত কেনেদৰে নৃত্যচৰ্চা কৰিছিলে বুলি কৰা প্ৰশ্নৰ উত্তৰত অনন্যাই কয় যে, “সঁচাকৈ ক’বলৈ গ’লে লক-ডাউনে মোক যথেষ্টখিনি উপকৃতহে কৰিলে। এনেই নিজক বৰ-বেছি সময় দিব পৰা নাযায়; লক-ডাউনত নিজৰ দৈনন্দিন ৰুটিন সলাই গতানুগতিক ভাৱে নৃত্যচৰ্চা আৰম্ভ কৰিছিলো। ভিন্ন ধৰণৰ ভিডিঅ’ অথবা চিনাকী একাংশৰ সৈতে যুঁটীয়া প্ৰচেষ্টাৰে প্ৰকল্প নিৰ্মাণ লগতে নৃত্যৰ সৈতে জড়িত সাক্ষাৎকাৰো দিলো। তাৰ উপৰিও গুৰুত্বপূৰ্ণ যে সেই সময়খিনিত এখন Webinar প্ৰস্তুত কৰিলো, যাৰ মূল মন্ত্ৰ আছিল এয়াই যে আমি নৱপ্ৰজন্মই কলা-সংস্কৃতিক কেনেদৰে জীয়াই ৰাখিব পাৰো তাৰ ওপৰত এক পৰ্যালোচনা। Webinar খনত আমাক বিভিন্ন দিশৰ ক্ৰমে ক্লাচিকেল, ৱেষ্টাৰ্ণ আদি প্ৰতিটো দিশৰ সুদক্ষ শিল্পীয়ে আহি সহযোগিতা আগবঢ়াইছিল। “লক-ডাউন” ৰ প্ৰথমাৱস্থাত এনে কিছু ধনাত্মক কাম কৰিব পাৰিম বুলি একেবাৰে ভবা নাছিলো যদিও পিছলৈ নিজক ব্যস্ততাৰ মাজত ৰাখি এটা সুন্দৰ মাত্ৰা প্ৰদান কৰাত মই নিজেই সুখী হৈছিলো।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক প্ৰকল্প ৰূপে কিছু দায়িত্ব আৰু সপোন আছে। মোৰ আৰু দেউতাৰ কাৰণে সেইখিনি পূৰণ কৰিব বিচাৰো; যদিও মাক মই যোৱা তিনি মাহ আগতে হেৰুৱালো তথাপিও এওঁলোক দুয়োৰে নিৰৱিচ্চিন্ন সঁহাৰিয়ে মোক সত্ৰীয়া নৃত্যৰ দিশটোত আগবঢ়াত যথেষ্ট সহায় কৰিলে।”
তেওঁ আগলৈ কয় যে,”কিমান খিনি আগুৱাব পাৰিম সেয়া সকলো সময়ৰ ওপৰত নিৰ্ভৰশীল; কিন্তু মোৰ চেষ্টা অব্যাহত থাকিব। আৰু এই চেষ্টা সত্ৰীয়া নৃত্যৰ চৰ্চাৰ ক্ষেত্ৰত থাকিব; যিটো গতিত বৰ্তমান সত্ৰীয়া নৃত্যক এতিয়া সকলোৱে আদৰি চৰ্চা আৰম্ভ কৰিছে সেয়া যাতে সদায় অব্যাহত থাকক। মোৰ নিজ যাত্ৰাটোতকৈ মোৰ কলাৰ উন্নতিৰ প্ৰয়াস কৰিম; এই দিশটোত আৰু বহু লোক আহক। শেষত, সকলোৰে ভাল হওঁক, ভগৱানৰ ওচৰত এয়াই কামনা কৰিছো।”
Add comment