Rupaliparda.com
এটি কন্যা সন্তানৰ মাতৃ অমৃতা গগৈঃ 1

এটি কন্যা সন্তানৰ মাতৃ অমৃতা গগৈঃ

এগৰাকী কন্যা সন্তানৰ সৈতে মাতৃত্বৰ সুখ লাভ কৰিছে অভিনেত্ৰী অমৃতা গগৈয়ে। চচিয়েল মিডিয়াত কন্যাৰ ফটো আপলোড কৰাৰ সমান্তৰালকৈ তেওঁলৈ অভিনন্দন বাৰ্তাও প্ৰেৰণ কৰে অভিনেত্ৰী গৰাকীৰ অনুৰাগীয়ে। মাতৃত্বৰ সুখ লাভ কৰি ইতিমধ্যে উৎসাহিতও হৈ পৰিছে অমৃতা গগৈ; তেওঁৰ লগতে কন্যা সন্তান গৰাকীৰ সূস্বাস্থ্য কামনা কৰি ৰূপালীপৰ্দাৰ তৰফৰ পৰাও যাঁচিছো অলেখ শুভকামনা। বিগত ২০১৯ বৰ্ষত ৮ বছৰীয়া প্ৰেমৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল অভিনেত্ৰী অমৃতাই। যোৰহাটৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ কনিষ্ঠ অভিযন্তা মনদ্বীপ কাকতিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল অভিনেত্ৰী অমৃতা গগৈ। কিছুদিন পূৰ্বে অমৃতা গগৈক সুবাসনা দত্তৰ গীত “আপুনি আহিব” ত কমল লোচনৰ সৈতে দেখিবলৈ পোৱা গৈছিল। অসমীয়া চলচিত্ৰ জগতত এক জনপ্ৰিয় নাম হৈছে অমৃতা গগৈ। শিৱসাগৰত জন্ম লাভ কৰা অমৃতা গগৈ অভিনেত্ৰী হোৱাৰ লগতে এগৰাকী প্ৰশিক্ষিত সত্ৰীয়া নৃত্যশিল্পী।

এটি কন্যা সন্তানৰ মাতৃ অমৃতা গগৈঃ 2
এটি কন্যা সন্তানৰ মাতৃ অমৃতা গগৈঃ 3


ৰং চেনেলৰ দ্বাৰা আয়োজিত “মই অসম দেশৰ ছোৱালী” ৰ খিতাপ লাভ কৰা অমৃতা গগৈ চিৰিয়েল “ৰাগিণী” ৰ পৰা লাভ কৰিছিল চিনেমাৰ প্ৰজেক্ট। “ছয়গাঁৱৰ চম্পা” চিনেমাখন তেওঁৰ ছবিৰ ক্ষেত্ৰত প্ৰথমটো প্ৰজেক্ট আছিল যদিও “অহেতুক” খন প্ৰথমে মুক্তি লাভ কৰাৰ বাবে অমৃতা গগৈৰ জীৱনৰ প্ৰথমখন চিনেমা বুলি ধৰা হয় “অহেতুক” ছবিখনক। ২০২০ বৰ্ষৰ প্ৰথমাভাগত এই গৰাকী অভিনেত্ৰীক নাৰী সৱলীকৰণক কেন্দ্ৰ কৰি নিৰ্মিত ছবি “প্ৰতিঘাত” ত দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.