Rupaliparda.com
একলব্যৰ আঁৰত কি আছে? তেওঁ কি বিচাৰে! আদি একাংশ প্ৰশ্নৰ সৈতে সাঙুৰ খোৱা উত্তৰৰ কাহিনীৰেই "একলব্য"- 1

একলব্যৰ আঁৰত কি আছে? তেওঁ কি বিচাৰে! আদি একাংশ প্ৰশ্নৰ সৈতে সাঙুৰ খোৱা উত্তৰৰ কাহিনীৰেই “একলব্য”-

ক’ৰোণা ভাইৰাছৰ পিছত সম্প্ৰতি পৰিস্থিতি কিছু সূস্থ আৰু সবল হোৱাৰ দিশে আগবাঢ়িছে। নতুন বছৰ আৰম্ভণিৰ সমান্তৰালকৈ মনোৰঞ্জন ক্ষেত্ৰখনলৈও আহিছে কেতবোৰ নতুন খবৰ; “মিডনাইট চং” আৰু “গৰু” ৰ দৰে একোখন অসমীয়া ছবিৰ মুক্তিৰ পিছত অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকৰ হৃদয়তো উৎসাহৰ সৃষ্টি হৈছে। শেহতীয়াকৈ এখন নতুন ছবিৰ খবৰেও লগাইছে খলকনি; ইতিমধ্যে ছবিখনৰ পোষ্টাৰ খনে লাভ কৰিছে মুক্তি। ছবিখনৰ পোষ্টাৰ জনসাধাৰণে চচিয়েল মিডিয়াত ইমানেই অধিক ভাইৰেল কৰি তুলিছে যে ছবিখনক লৈ এতিয়া অপেক্ষাৰত হৈ পৰিছে প্ৰত্যেক জন। একাংশ নৱপ্ৰজন্মৰ চেষ্টা আৰু প্ৰয়াসেৰে আহিবলগীয়া সময়ৰ এখন উল্লেখনীয় ছবি হৈছে “একলব্য”। ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়িত কমল লোচনৰ “একলব্য” হৈছে প্ৰথমখন বাণিজ্যিক ধৰ্মী ছবি। “একলব্য” ত কেৱল মাত্ৰ কমল লোচন বুলিয়ে নহয়; ছবিখনত দৃষ্টি আকৰ্ষণ কৰিব পৰা বিধৰ আন একাংশ নতুন প্ৰজন্মৰ প্ৰতিভাইও কৰিছে কাম। মহাভাৰতৰ একলব্যৰ স্থিতপ্ৰজ্ঞতা, গুৰুৰ প্ৰতি একান্ত শ্ৰদ্ধাৰ কথা আমি সকলোৱে শুনিছো অথবা পঢ়িছো কিন্তু বৰ্তমানৰ একলব্যৰ আঁৰত কি আছে? তেওঁ কি বিচাৰে! আদি একাংশ প্ৰশ্নৰ সৈতে সাঙুৰ খোৱা উত্তৰৰ কাহিনীৰেই নিৰ্মাণ কৰি উলিওৱা হৈছে অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি “একলব্য”; যিখন অতিশীঘ্ৰে আপোনালোকে ছবিগৃহত উপভোগ কৰাৰ সুবিধা লাভ কৰিব।

একলব্যৰ আঁৰত কি আছে? তেওঁ কি বিচাৰে! আদি একাংশ প্ৰশ্নৰ সৈতে সাঙুৰ খোৱা উত্তৰৰ কাহিনীৰেই "একলব্য"- 2


আলফ্ৰেডৰ পৰিচালনাৰে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যৰ দায়িত্বত আছে প্ৰণৱ ভৰালী আৰু পৰিচালক আলফ্ৰেডে নিজেই। ৰিভান প্ৰডাকচনৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰিছে চৈয়দ আজিজুল হক, ঋত্বিক শইকীয়া আৰু অলকা শইকীয়াই। ১০ মাৰ্চৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ হৈ ইয়াৰ চিড্যুল সমাপ্ত হ’ব চলিত বৰ্ষৰেই জুলাই মাহত। ৭ বছৰীয়া এটি শিশুৰ পৰা আৰম্ভ কৰি এজন বৃদ্ধয়েও উক্ত ছবিখনৰ পৰা আমোদ লাভ কৰিব বুলি প্ৰকাশ কৰে পৰিচালক আলফ্ৰেডে। প্ৰেম, থ্ৰীলাৰ আদিৰে পৰিপূৰ্ণ এই ছবিখনত কমল লোচনৰ উপৰিও আপোনালোকে সচৰাচৰ স্ক্ৰীণত দেখিবলৈ পোৱা একাংশ অভিনেতা-অভিনেত্ৰীয়েও কৰিছে অভিনয়। অৰুণ নাথ, ৰূপচন্দা শৰ্মা, হিমাংশু গগৈ, অতনু মহন্ত আৰু কৰিশ্মা পূজাৰীৰ অভিনয়ৰে ছবিখনৰ সংলাপৰ দায়িত্বত আছে ত্ৰৈলোক্য কাশ্যপ আৰু আলফ্ৰেড। ছবিখনত সংগীত কৰিছে সংগীতৰ ক্ষেত্ৰখনত ব্যতিক্ৰমৰ সৃষ্টি কৰি যোৱা সংগীতশিল্পী অৰূপজ্যোতি বৰুৱাই।

একলব্যৰ আঁৰত কি আছে? তেওঁ কি বিচাৰে! আদি একাংশ প্ৰশ্নৰ সৈতে সাঙুৰ খোৱা উত্তৰৰ কাহিনীৰেই "একলব্য"- 3


ছবিখনক লৈ বৰ্তমান প্ৰত্যেকেই নিজ নিজ আশা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। নৱপ্ৰজন্মৰ প্ৰচেষ্টাক লৈ সুখী এতিয়া সকলো। ৰূপালীপৰ্দাৰ তৰফৰ পৰা ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীক জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform