অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন আচলতে সক্ৰিয়; বৰ্তমান সময়ৰ প্ৰায় কেইবাগৰাকীও নৱপ্ৰজন্মই সক্ৰিয়তাৰে এই মনোৰঞ্জন ক্ষেত্ৰখনক আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে। এইক্ষেত্ৰখনত শেহতীয়াকৈ জড়িত হোৱা একাংশৰ বিষয়ে ইতিমধ্যে আপোনালোকক জনাবলৈ ৰূপালীপৰ্দা সক্ষম হৈছে; যাৰ ফলত আমি প্ৰতি দেওবাৰে একোগৰাকী মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত একোজন ব্যক্তিৰ বিষয়ে জনাবলৈ চেষ্টা কৰি আহিছো। এইবাৰৰ দেওবৰীয়া সাক্ষাৎকাৰ বিশেষত আমি আপোনালোকৰ মাজলৈ লৈ আনিছো নৱপ্ৰজন্মৰে এগৰাকী যুৱক সুৰজিৎ হাটীমূৰীয়া; ইতিমধ্যে নিজ কেইবাটাও সৃষ্টিৰ সৈতে তেওঁ মনোৰঞ্জন প্ৰেমী ৰাইজক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। “গাৰ্লচ হোষ্টেল(ধাৰাবাহিক), “তোমালৈ কিমান মৰম(সংগীত)”, “মোৰ প্ৰিয়া(সংগীত)”, “কায়া (ৱেব চিৰিজ), “ৰিঙা ৰিঙা মন(সংগীত) “অনুৰাগী মন(সংগীত)” আদি বিভিন্নতা প্ৰকল্পৰ সৈতে জড়িত সুৰজিৎ হাটীমূৰীয়াৰ সৈতে আমি পাতিছিলো কিছু কথা। তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিছিলো কিছুমান বিশেষ প্ৰশ্নৰ উত্তৰ। চাওঁচোন আহকঃ

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত?
সুৰজিৎ হাটীমূৰীয়াঃ অইন প্ৰত্যেকৰে দৰে আচলতে সৰুৰ পৰাই মই এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত হৈছিলো বুলি কয় দিব নোৱাৰো। সৰুৰ পৰা মই মনোৰঞ্জ ক্ষেত্ৰখনক লৈ আগ্ৰহী আছিলো যদিও বিভিন্ন কাৰণত মই জড়িত হ’বলৈ সুবিধা পোৱা নাছিলো। পিছলৈ, ২০১৬ চনৰ পৰা মই পেছাগতভাৱে লগতে ওতঃপ্ৰোতভাৱে এই ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছো।

প্ৰশ্নঃ আপোনাৰ মতে, এগৰাকী “শিল্পী” ৰ সংজ্ঞা কি?
সুৰজিৎ হাটীমূৰীয়াঃ এগৰাকী “শিল্পী” ৰ সংজ্ঞা একাষাৰে কৈ দিয়া সম্ভৱপৰ নহয়; কাৰণ সঁচাকৈ এই শব্দটোৰ পৰিসৰ যথেষ্ট বহল গতিকে কেৱল দুটামান শাৰীতেই এই শব্দটোক সামৰিব নোৱাৰো। কিন্তু তথাপিও, মোৰ মতে যদি “শিল্পী” শব্দটোৰ কথা ক’বলৈ যাওঁ তেতিয়াহ’লে সেয়া এয়া হ’ব যে এগৰাকী শিল্পী হ’বলৈ হ’লে এজন ব্যক্তি প্ৰথমতে উদাৰ মনৰ আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ হ’ব লাগিব। ইয়াৰ লগতে, শিল্পী সত্তাটো তেওঁৰ তাত থকাটো অতিকৈ প্ৰয়োজনীয়। আনহাতে, কেৱল মাত্ৰ মনোৰঞ্জন ক্ষেতখনৰ সৈতে জড়িত এজন নিৰ্দ্দিষ্ট ব্যক্তিকেই যে “শিল্পী” বুলি ক’ম তেনে নহয়; শিল্পৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়েই হৈছে একোজন “শিল্পী”।

প্ৰশ্নঃ দৰ্শকক আকৰ্ষণ কৰিব পৰা বিধৰ প্ৰকল্প সমূহৰ সৈতে আপুনি জড়িত হৈ ভাল পায় নে যিটো প্ৰকল্পৰ সৈতে আপুনি সংযোগ কৰিব তেনে প্ৰকল্পই আপোনাক টানে?
সুৰজিৎ হাটীমূৰীয়াঃ আচলতে, আমাৰ সৃষ্টি বোৰ হয় দৰ্শকৰ বাবেই অৰ্থাৎ দৰ্শকৰ উপভোগৰ বাবেই। গতিকে, দৰ্শকৰ ৰুচিৰ ওপৰত সৃষ্টিসমূহ বহুত নিৰ্ভৰ কৰিবলগীয়া হয়; নিশ্চিত ভাবেই দৰ্শকক আকৰ্ষণ কৰা প্ৰকল্পৰ সৈতে জড়িত হৈ মই ভাল পাওঁ। কিন্তু, সেইবুলিয়ে দৰ্শকক আকৰ্ষণ কৰিবলৈ তৰল বা সস্তীয়া সৃষ্টিশীলতাক মই প্ৰাধান্য নিদিওঁ।

প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।
সুৰজিৎ হাটীমূৰীয়াঃ আগন্তুক প্ৰকল্প বুলি ক’বলৈ গ’লে মই বৰ্তমান “Anthomania Creations” নামৰ নিজৰে এটা প্ৰডাকচন হাউচৰ বেনাৰত কেইবাটাও নতুন গীতৰ পৰিকল্পনা কৰি আছো; গীতকেইটা অতি সোনকালে শ্ৰোতা দৰ্শকৰ বাবে আগবঢ়াই দিয়া হ’ব; লগতে এখন ৱেব চিৰিজৰ পৰিকল্পনা চলি আছে । গতিকে, চাওঁচোন কিমান দূৰ সফল হওঁ। ৰাইজৰ সঁহাৰি সদায় বিচাৰিছো।

ৰূপালীপৰ্দাঃ ধন্যবাদ সুৰজিৎ হাটীমূৰীয়া; তোমাৰ পৰিকল্পনা সমূহ সফল হওঁক।
সুৰজিৎ হাটীমূৰীয়াঃ ধন্যবাদ ৰূপালীপৰ্দা।
Add comment