Rupaliparda.com
পল্লৱী প্ৰয়াসী আৰু ৰাকেশ ৰিয়ানৰ যুঁটিৰে "কি কৰিবি ক!" 1

পল্লৱী প্ৰয়াসী আৰু ৰাকেশ ৰিয়ানৰ যুঁটিৰে “কি কৰিবি ক!”

চলিত ফাগুন মাহটোৱেই অৱশ্যে প্ৰেম প্ৰেম লগা অনুভূতিৰ সৃষ্টি কৰে সকলোৰে মাজত। আৰু, এই প্ৰেমৰ সমান্তৰালকৈ সৃষ্টি হয় কবিতাৰ অথবা সংগীতৰ; আমি আটাইবোৰ সংগীতপ্ৰিয় ব্যক্তি। ক’ৰবালৈ ওলাই যোৱা সময়কণত খিৰিকীৰ কাষৰ চিটতো পোৱাৰ লগে লগে আমি একোটা ভাল গীতৰ সন্ধান কৰো যাতে আমি তাৰ আমোদ লয় আগবাঢ়িব পাৰো। নিদ্ৰাহীন ৰাতিৰ একমাত্ৰ লগৰী ৰূপেও বিচাৰো এই সংগীতকেই; তাতেই আকৌ যেতিয়া সংগীতৰ লগ দিবলৈ বতৰটোৱেও দুহাত মেলি ৰৈ দিয়ে তেতিয়া তাতকৈ অধিক ভাললগা কথা আৰু কি হ’ব পাৰে। শেহতীয়াকৈ নৱপ্ৰজন্মৰ কন্ঠশিল্পী পল্লৱী প্ৰয়াসী আৰু ৰাকেশ ৰিয়ানৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি গীত “কি কৰিবি ক!”। পল্লৱী প্ৰয়াসীৰ “চেংকলিদৈ” এলবামটোৰ দ্বিতীয় সংস্কৰণৰ দ্বিতীয়টো গীত হৈছে “কি কৰিবি ক!”। সৰুৰে পৰা সাংগীতিক ক্ষেত্ৰখনৰ সৈতে জড়িত পল্লৱী প্ৰয়াসীয়ে ২০১২ চনৰ পৰা পেছাগতভাৱে সোমাই পৰিছিল এই ক্ষেত্ৰখনত। সহকাৰী গায়িকা ৰূপে কেইবাটাও ভাষা অৰ্থাৎ অসমীয়া, নেপালী, বড়ো, মিছিং, আদিবাসী আদি ভাষাত কন্ঠদান কৰাৰ লগতে চুটি ছবি, ধাৰাবাহিকতো কন্ঠশিল্পী গৰাকীয়ে কাম কৰিছে। “চেংকলিদৈ”, “পাটমাদৈ” আদি বিহুসুৰীয়া গীত তথা “দেশী গাৰ্ল” নামৰ গীতকেইটিয়ে ইতিমধ্যে পল্লৱীৰ কন্ঠৰে মুক্তি লাভ কৰিছে। আনহাতে, পল্লৱী প্ৰয়াসীৰ সৈতে এইবাৰৰ ৰাকেশ ৰিয়ানৰ যুঁটিটোকো পচন্দ কৰিছে সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকে।


ৰাকেশ ৰিয়ানৰ সদ্যমুক্তিপ্ৰাপ্ত গীত সমূহৰ পৰা ৰোমান্টিক গীতৰ ক্ষেত্ৰত এক বিশেষ ঠাই বনাবলৈ সক্ষম হোৱা ৰাকেশ ৰিয়ানৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত প্ৰতিটো গীততেই এতিয়া অনুৰাগীৰ সঁহাৰি মন কৰিবলগীয়া। “কি কৰিবি ক!” শীৰ্ষক গীতটিৰ কথা আৰু সুৰ পল্লৱী প্ৰয়াসীৰ নিজৰেই। আনহাতে, ইয়াত সংগীত কৰিছে ডেভিদ কাশ্যপে আৰু শব্দ সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়া লগতে দিগন্ত বৰদলৈয়ে। গীতটিত বাঁহী বজাইছে অঞ্জন মেধিয়ে আৰু ইয়াত গীতাৰ তথা ইউকেলে বজাইছে জিন্তু ফুকনে। শিৱম ৰয়ৰ ভিডিঅ’ পৰিচালনাৰে গীতটিৰ ভিডিঅ’ত পল্লৱী প্ৰয়াসীৰ সৈতে অভিনয় কৰিছে নীল তামুলীয়ে। কৃষ্ণমণি চুতীয়া, আচুৰ্য্য বৰপাত্ৰৰ সৈতেও ইতিমধ্যে সংগীতত কন্ঠদান কৰা পল্লৱী প্ৰয়াসীয়ে নিজৰ আটাইবোৰ গীত মুকলি কৰি দিয়ে নিজ প্ৰডাকচন হাউচ “ড্ৰনাক্স” ৰ পৰা।

পল্লৱী প্ৰয়াসী আৰু ৰাকেশ ৰিয়ানৰ যুঁটিৰে "কি কৰিবি ক!" 2


কন্ঠশিল্পী গৰাকীৰ এনে পৰিকল্পনা তথা প্ৰয়াসক ৰূপালীপৰ্দাৰ তৰফৰ পৰা শুভকামনা জনোৱাৰ লগতে তেওঁৰ আগন্তুক প্ৰতিটো প্ৰকল্প সফল হোৱাৰ কামনা কৰিছো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform