Rupaliparda.com
বিগত বৰ্ষৰ "ডাৱৰীয়া"; অভিলাষ চৌধুৰীৰ গীতটি উপভোগ কৰিলেনে?ঃ 1

বিগত বৰ্ষৰ “ডাৱৰীয়া”; অভিলাষ চৌধুৰীৰ গীতটি উপভোগ কৰিলেনে?ঃ

বিগত দুই-তিনিটা বৰ্ষৰ পৰা অসমীয়া সংগীত ক্ষেত্ৰখনত কেইটামান এনে গীতৰ সৃষ্টি হৈছে যিকেইটাই শেহতীয়াকৈ দৰ্শক-শ্ৰোতাৰ বহুল হাৰত ধ্যান আকৰ্ষণত সক্ষম হৈছে। “অলকানন্দা”, “নক্ষত্ৰ” ৰ পৰা আৰম্ভ কৰি “জীপাল ২.০” অথবা “তুমি সুবাস”,” মৌন আকাশ”, “ভালপাব খোজো আকৌ এবাৰ” ইত্যাদি বিভিন্নটা গীত মুক্তিৰ ইমান দিন পিছতো গীতকেইটিয়ে শ্ৰোতা-দৰ্শকৰ প্লে-লিষ্টত ঘূৰিবলৈ সক্ষম হৈছে। মুঠতে, শেহতীয়াকৈ মুক্তি লাভ কৰা একোটা গীত ইমান গভীৰ যে ই শ্ৰোতাৰ হৃদয়ৰ অন্তৰ্নিহিত ভাৱানুভূতিক তৎক্ষণাত আকৃষ্ট কৰি তুলিব পাৰে। বিগত ২০২০ চনৰ নৱেম্বৰ মাহত মুক্তি লাভ কৰা এটি অসমীয়া গীত হৈছে “ডাৱৰীয়া”। গীতটিত হাজাৰ হাজাৰ শ্ৰোতাই আহি ভিৰ কৰা নাই যদিও গীতটিৰ কমেন্ট বক্সত থকা কমেন্ট সমূহৰ পৰাই জানিব পৰা যায় যে গীতটিয়ে কিমান সুন্দৰকৈ প্ৰতিজন শ্ৰোতাক সংযোগ কৰিব পাৰিছে। আমি প্ৰায়ে সংগীতশিল্পী সমূহক কৰা প্ৰশ্নটো আছিল এনেধৰণৰ যে তেওঁলোকক সংগীতৰ কোনটো উপাদানে অধিক আকৰ্ষণ কৰে? ইয়াৰ উত্তৰত প্ৰায় প্ৰত্যেকেই দিয়া উত্তৰটোত আছিল “সংগীতৰ কথা”। অৱশ্যে, সংগীতৰ কথাত যেতিয়া গুৰুত্বপূৰ্ণ বাখ্যা সোমাই থাকে তেতিয়াই আচলতে একোটা গীতে আকৰ্ষণ কৰে শ্ৰোতাক।


Streetsকথাৰ বেনাৰত নিৰ্মিত “ডাৱৰীয়া” শীৰ্ষক এই গীতটিত কন্ঠদান কৰাৰ পৰা আৰম্ভ কৰি ইয়াত সুৰ, কথা, ব্যৱস্থাপনা, প্ৰযোজনা, গীতাৰ লগতে বেছ গীতাৰৰ দায়িত্বত আছে অভিলাষ চৌধুৰী নিজেই। গীতটিত কথা দিয়াত সহযোগ কৰিছে স্বৰাজ প্ৰিয়ই। শব্দ-সংমিশ্ৰণ ৰমিল সিনহাৰ আৰু ড্ৰাম মিলন হাজৰিকাৰ। গীতটিৰ ভিডিঅ’ পৰিচালনা তথা চিত্ৰনাট্য স্বৰাজ প্ৰিয়ৰ লগতে ইয়াত দৃশ্যগ্ৰহণ আৰু সম্পাদনা মানস দত্তৰ। “While She Waits For The Spring” শীৰ্ষক অভিলাষ চৌধুৰীৰ এলবামত অন্তৰ্ভূক্ত গীতটি হৈছে “ডাৱৰীয়া”।

বিগত বৰ্ষৰ "ডাৱৰীয়া"; অভিলাষ চৌধুৰীৰ গীতটি উপভোগ কৰিলেনে?ঃ 2


নৱপ্ৰজন্মৰ সৃষ্টি সমূহক লৈ বৰ্তমান সাধাৰণজনৰ সমান্তৰালকৈ একোগৰাকী প্ৰতিষ্ঠিত সংগীতশিল্পীও অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে। আহিবলগীয়া দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি যদি কোৱা হয় তেনেহ’লে মনোৰঞ্জন ক্ষেত্ৰখনত পুংখানুপুংখভাৱে অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই অহৰহ প্ৰচেষ্টা হাতত লৈছে। এতিয়া এনেক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ দায়ৱদ্ধতা হৈছে যে তেওঁলোক আঁসোৱাহবোৰ আঙুলিয়াই তেওঁলোকৰ সুন্দৰ সৃষ্টিসমূহ আঁকোৱালি লোৱাটো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform