অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে আহি আছে এখন এনথ্লজি ফিল্ম “যি গল্পৰ শেষ নাই”। তিনিটা ভিন্ন কাহিনীৰে এটা বিষয়বস্তুক প্ৰতিফলিত কৰা এইখনেই উত্তৰ-পূবৰ প্ৰথমখন “এনথ্লজি ফিল্ম”। “অকলশৰীয়া” আৰু অস্তিত্ববাদ” ভাৱটোৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে উক্ত বোলছবিখন।
বিখ্যাত ফ্ৰান্স লিখক গাই দি মোপাসান্টৰ গল্পৰ পটভূমিত প্ৰদ্যুত কুমাৰ ডেকাই পৰিচালনা কৰিছে বোলছবিখনৰ প্ৰথমটো কাহিনী; “আধা সত্য”। কাহিনীটোৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে পংকজ মহন্ত আৰু কল্পনা কলিতাই।
সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত অসমৰ বিখ্যাত লিখক তথা সাংবাদিক হোমেন বৰগোঁহাইৰ গল্পৰ আধাৰত নিৰ্মিত কৰা হৈছে বোলছবিখনৰ
দ্বিতীয়টো খণ্ড; “এপিতাফ”। এগৰাকী লিখকৰ সংঘৰ্ষ আৰু প্ৰেম কাহিনীৰ আধাৰত প্ৰশান্ত শইকীয়াই পৰিচালনা কৰিছে দ্বিতীয়টো কাহিনী। এই খণ্ডটোত মূখ্য চৰিত্ৰত থকা হিমাংশু প্ৰসাদে এগৰাকী “প্ৰট’গনিষ্ট” ৰ অভিনয় কৰিছে।
উৎপল দত্তৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছে তৃতীয়টো কাহিনী। ফ্ৰান্স উপন্যাসিক অন’ৰ ডি বেলজেকৰ গল্পক মূল হিচাপে লৈ কাহিনী দিয়া হৈছে তৃতীয়টো খণ্ডত; নাম “প্ৰশ্নবোধক”। স্বামী-স্ত্ৰীৰ মাজৰ প্ৰয়োজনীয় শূণ্যতা অৰ্থাৎ তেওঁলোকৰ মাজৰ “ডিজায়াৰ স্পেচ” ৰ কাহিনীক লৈ চিত্ৰিত কৰা হৈছে বোলছবিখনৰ তৃতীয়টো কাহিনী।
প্ৰায় ৮০ বছৰৰ যাত্ৰাৰ শেষত অসমীয়া বোলছবিয়ে উক্ত বিষয়বস্তুৰ সোৱাদ পাব বুলি বিশ্বাস কৰে পৰিচালকসকলে। তিনিওটা কাহিনীৰে প্ৰযোজনা কৰিছে ক্ৰমে পল্লৱী বৰা, কৃষ্ণ কলিতা, নম্ৰতা দত্তয়ে।

Add comment