Rupaliparda.com
Ipar hipar

ইপাৰ-সিপাৰঃ

খলা-বমাৰে হওঁক বা যোৰ কৰিয়ে হওঁক অসমীয়া চলচিত্ৰই নিজৰ মজবুত খুঁটি সৃষ্টিৰ পাৰ্যমানে চেষ্টা কৰিছে। সফল-অসফলতাৰ মাজেৰে হ’লেও ইখনৰ পিছত সিখনকৈ অসমীয়া বোলছবি মুক্তি পাই আহিছে। এইবাৰ শৰতত মুক্তি পাব “ইপাৰ-সিপাৰ। সামাজিক পটভূমিত সৃষ্ট এখন একচননধৰ্মী চিনেমা।
প্ৰণৱজ্যোতি ভৰালীৰ পৰিচালনাৰে নিৰ্মিত চিনেমাখন এতিয়া মাত্ৰ চেঞ্চৰৰ অপেক্ষাত। অসমৰ এখন ধুনীয়া গাওঁত পতা এখন ভাওঁনাৰ ফলত গাঁওখনৰ ভাগ্য কেনেদৰে সলনি হয় যায় তাকেই চিত্ৰিত কৰা হৈছে উক্ত চিনেমাখনত। ডি এছ ক্ৰিয়েছনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে লতা বৰদলৈয়ে। ছবিখনত অভিনয় কৰিছে উদয়ন দুৱৰা, অমৃতা গগৈ,পল ফুকন, প্ৰণৱ দত্ত, দেৱানন্দ শইকীয়া, কাশ্মীৰী শইকীয়া, যতীন খনিকৰ, বিপুল ৰাভা, দীপ দেউৰী আদিকে ধৰি বহু ন-পুৰণি শিল্পীয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.