Rupaliparda.com
"মইও সংগীতৰ বিষয়টোত কিবা এটা শিকিবলৈহে প্ৰয়াস কৰি আছো"- নিতুন কাল্পনিক 1

“মইও সংগীতৰ বিষয়টোত কিবা এটা শিকিবলৈহে প্ৰয়াস কৰি আছো”- নিতুন কাল্পনিক

সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ। সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে। পৰিৱৰ্তন যিহেটো প্ৰকৃতিৰ নিয়ম গতিকে এনে নিয়মৰে বশৱৰ্তী আমিবোৰ। ৰূপালীপৰ্দাই ইতিমধ্যে বহুকেইজন নৱপ্ৰজন্মৰ যুৱকৰ তেওঁলোকৰ প্ৰতিভা তথা সংগীতৰ এনে যাত্ৰাৰ বিষয়ে পঢ়ুৱৈ সকলক জনাই আহিছো। গতিকে, এইবাৰৰ দেওবৰীয়া সাক্ষাৎকাৰতো আমি আপোনালোকৰ মাজলৈ লৈ আনিছো এগৰাকী নৱপ্ৰজন্মৰ সংগীত পৰিচালকক। তেওঁৰ নাম হৈছে নিতুন কাল্পনিক। বৰ্তমান সময়ছোৱাত নৱপ্ৰজন্মৰ একাংশয়ে কৰা কিছু সৃষ্টি আছে যিয়ে ক্ষন্তেকতে আকৰ্ষণ কৰি তোলে সাধাৰণজনক। সেইবাবেই হয়টো তেওঁলোকৰ সৃষ্টি সমূহ চাবলৈ অপেক্ষাৰত হয় পৰে বিভিন্ন জন। নিতুন কাল্পনিকক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কি ক’লে চাওঁচোন আহকঃ

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা আৰম্ভণি কৰিছিল?

নিতুন কাল্পনিকঃ এই ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱা মই ২১ বছৰেই হ’ল। ২০০০ চনৰ পৰা সংগীত ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছো; কিন্তু পেচা হিচাপে মই ২০১৪ চনৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিছো।

"মইও সংগীতৰ বিষয়টোত কিবা এটা শিকিবলৈহে প্ৰয়াস কৰি আছো"- নিতুন কাল্পনিক 2

প্ৰশ্নঃ এটি গীতৰ সফলতা/বিফলতা বুলি ক’লে তুমি কি বুজা?

নিতুন কাল্পনিকঃ সংগীত বুলি ক’বলৈ গ’লে আচলতে ইয়াত সফলতা/বিফলতা বুলি তেনেধৰণৰ একো কথা নাই বুলি মই ভাবোঁ। সকলোৱে নিজৰ শৈলীৰে কামবোৰ কৰে। সমান্তৰালকৈ, মইও সংগীতৰ বিষয়টোত কিবা এটা শিকিবলৈহে প্ৰয়াস কৰি আছো; এতিয়াও কোনো এটা নিৰ্দ্দিষ্ট পৰ্যায় পোৱাগৈ নাই যে এইখিনিতে মই ৰ’ব পাৰিম। শিকিবলৈ, বুজিবলৈ আৰু কাম কৰি যাবলৈ আৰু বহুত বাকী আছেগৈ। অইন কন্ঠশিল্পী অথবা অইন সংগীতশিল্পী সমূহে কৰা গান বোৰৰ পৰা মই বহুখিনি শিকিব পাৰিছো; মই ভাবো যে শ্রোতা সকলৰ বাবে আমি সংগীত কৰি যাব পাৰিছো। গতিকে, সংগীতত সফল/বিফল বুলি ক’বলৈ নাই। সংগীত বুলিলেই আচলতে ই এক সুন্দৰ আৰু হৃদয়স্পৰ্শী মাধ্যম।

"মইও সংগীতৰ বিষয়টোত কিবা এটা শিকিবলৈহে প্ৰয়াস কৰি আছো"- নিতুন কাল্পনিক 3

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।

নিতুন কাল্পনিকঃ আপোনালোকক এইখিনিতে জনাবলৈ পাই সুখী হৈছো যে, এতিয়া অসমৰ প্ৰায় সমূহ কন্ঠশিল্পীৰ লগতেই মই কাম কৰাৰ সুবিধা গ্ৰহণ কৰিছো। কুসুম কৈলাশ দাৰ সৈতে কৰা গান এটা প্ৰায় মুক্তিৰ পথত; এইবাৰ আকৌ নিজেও এটি গীতত কন্ঠদান কৰাৰ মন মেলিছো। চাওঁচোন কিমান দূৰ সফল হ’ব পাৰো; আনহাতে, শেহতীয়াকৈ আমাৰ এটা গীত “বৰষুণ” য়ে মুক্তি লাভ কৰিছে। Jollywood Now Music নামে ইউটিউব চেনেলটোত ইতিমধ্যে এই গীতটি উপলদ্ধ হৈছে; গীতটিত কথা নাৰ্জু ডনা খানৰ লগতে গীতটিত সুৰ কৰিছো নাৰ্জু আৰু মই একেলগে। গীতটিৰ সংগীতৰ দায়িত্বতো মইয়ে আছিলো। আশা কৰো, আপোনালোকেও গীতটি শুনিব আৰু কেনে পালে আমাক জনাব। আপোনালোকৰ সহায়-সাৰথিৰ আমাক প্ৰতিটো সময়ত প্ৰয়োজন হয়।

প্ৰশ্নঃ আগলৈ অসমৰ কোনগৰাকী কন্ঠশিল্পীৰ সৈতে যুঁটীয়া ভাৱে কাম কৰাৰ আপোনাৰ ইচ্ছা? আৰু কিয়?

নিতুন কাল্পনিকঃ অসম গৌৰৱ তথা অসম সন্তান অংগৰাগ পাপন মহন্ত; এবাৰ এটা পাপন দাৰ সৈতে কলাব’ কৰিবৰ মন আছে। তেওঁৰ এগৰাকী সাংঘাতিক অনুৰাগী মই। সংগীতৰ ওপৰত তেওঁৰ জ্ঞান অতুলনীয়; তেওঁৰ সৈতে কাম কৰিবলৈ পালে মই কিবা এটা নিশ্চয় শিকিবলৈ পাম।

"মইও সংগীতৰ বিষয়টোত কিবা এটা শিকিবলৈহে প্ৰয়াস কৰি আছো"- নিতুন কাল্পনিক 4

ৰূপালীপৰ্দাঃ ধন্যবাদ নিতুন কাল্পনিক; আপোনালোকৰ সংগীত ক্ষেত্ৰখনৰ প্ৰতি থকা শ্ৰদ্ধাক দেখি অৱশ্যে আমিও উৎসাহিত হওঁ। আপোনাৰ পৰিকল্পনা সমূহ সফল হওঁক…

নিতুন কাল্পনিকঃ ধন্যবাদ ৰূপালীপৰ্দা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform