Rupaliparda.com
বিহুলৈ সাজু কন্ঠশিল্পীঃ মুক্তি লাভ কৰিছে বিদিশা নয়ন ভূঞাৰ "সঁচাকে কছোন" 1

বিহুলৈ সাজু কন্ঠশিল্পীঃ মুক্তি লাভ কৰিছে বিদিশা নয়ন ভূঞাৰ “সঁচাকে কছোন”

মাজত মাত্ৰ আৰু কেইটামান দিম বাকী; অসমীয়া প্ৰায় প্ৰত্যেকগৰাকী কন্ঠশিল্পী সাজু হৈছে বিহু অনুষ্ঠান সমূহৰ বাবে। বিগত বৰ্ষৰ ক’ৰোণা ভাইৰাছৰ ফলত হোৱা স্তব্ধতাৰ বাবে বিহু অনুষ্ঠান সমূহৰ পৰা আৰম্ভ কৰি কন্ঠশিল্পী সমূহেও পোনপ্ৰথমবাৰৰ বাবে ঘৰতে থাকি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটোক উদযাপন কৰিবলগীয়া হৈছিল। কিন্তু, এইবাৰ তেনে নহয়। চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা সক্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা গৈছে মনোৰঞ্জন ক্ষেত্ৰখনত; ছবিসমূহৰ আৰম্ভ হোৱা শ্বুটিং চিড্যুলকে লৈ সংগীত ক্ষেত্ৰখনতো প্ৰতিদিনেই নতুন আৰু হৃদয়স্পৰ্শী গীতৰ মুক্তিৰ খবৰ আহিছে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “মৰম” শীৰ্ষক গীতটি ইতিমধ্যে আপোনালোক সকলোৱে শুনিছে; গীতটিয়ে অৱশ্যে মুক্তিৰ পিছতেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। গীতটিৰ ভিডিঅ’টোতো ভিউৱাচৰ সংখ্যা আছিল লেখত ল’বলগীয়া। গীতটিৰ গায়িকা গৰাকীৰ নাম হৈছে বিদিশা নয়ন ভূঞা; শেহতীয়াকৈ তেওঁৰ কন্ঠৰে মুক্তি লাভ কৰিছে এটি বিহুসুৰীয়া গীত “সঁচাকে কছোন”। অৱশ্যে গীতটিৰ লিৰিকেল ভিডিঅ’টিহে লাভ কৰিছে মুক্তি; তেওঁৰ প্ৰতিটো গীতৰ দৰে সদ্যমুক্তিপ্ৰাপ্ত গীতটিও ৰাইজৰ বহুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।


চলিত বৰ্ষৰ “জেতুকা” এলবামটোৰ দ্বিতীয় সংস্কৰণটোত অন্তৰ্ভূক্ত এই গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত কথা আৰু সুৰ দিয়াৰ দায়িত্বতো আছে বিদিশা নয়ন ভূঞা। গীতটিত সংগীত আৰু শব্দ-সংমিশ্ৰণ কৰিছে প্ৰণয় দত্তই; এইবাৰ কোনোপধ্যেই যেন বিহুটোক এৰি দিবলৈ বিচৰা নাই কন্ঠশিল্পী সমূহে। প্ৰায় এমাহ পূৰ্বৰে পৰা এওঁলোকৰ প্ৰয়াস তথা চেষ্টা পৰিলক্ষিত হৈছে; নিজ মাতৃৰ পৰা পোন প্ৰথমে গীত গাবলৈ অনুপ্ৰেৰণা লাভ কৰা এই গৰাকী কন্ঠশিল্পীৰ সংগীতক লৈ অনুপ্ৰেৰণা আছিল তেওঁৰেই মাতৃ। “হিন্দুস্তানী ক্লাছিকেল মিউজিক” ৰ প্ৰতি সৰুতেই আকৰ্ষিত হোৱা বিদিশা নয়নে পিছলৈ কেছেটত বিভিন্ন প্ৰকাৰৰ গীত শুনি সংগীতৰ প্ৰতি সম্পূৰ্ণৰূপে ঢাল খাই পৰে। তেওঁ আহিবলগীয়া সময়ত কেৱল মাত্ৰ ৰোমান্টিক বুলিয়ে নহয়; আন বহু প্ৰকাৰৰ গীতত কন্ঠদান কৰাৰো ইচ্ছা প্ৰকাশ কৰে বিদিশাই।

বিহুলৈ সাজু কন্ঠশিল্পীঃ মুক্তি লাভ কৰিছে বিদিশা নয়ন ভূঞাৰ "সঁচাকে কছোন" 2


আনহাতে, চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে বিদিশা আৰু নীল আকাশৰ যুঁটীয়া কন্ঠৰে মুক্তি লাভ কৰা গীত “লাহে লাহে ভালপোৱা” টো শ্ৰোতা-দৰ্শকে দিয়া মৰম দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.