Rupaliparda.com
কটন বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত বিদ্যা বালনৰ চুটি ছবি "নটখাত"- 1

কটন বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত বিদ্যা বালনৰ চুটি ছবি “নটখাত”-

আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস তথা “মেন এগেইনষ্ট ভায়’লেঞ্চ এণ্ড এবিউছ” চমুকৈ “মাভা” ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা হয় বিদ্যা বালনৰ চুটি ছবি “নটখাত”। বিদ্যা বালন অভিনীত এই চুটি ছবিখন ইতিমধ্যে চলিত বৰ্ষৰ অস্কাৰৰ “শ্ৰেষ্ঠ চুটি ছবি” ৰ দৌৰত অৱতীৰ্ণ। মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিহত কৰাৰ বাবে নিৰৱিচ্চিন্নভাৱে কাম কৰি অহা সংগঠন “মাভা” আৰু কটন বিশ্ববিদ্যালয়ৰ গণ সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগ তথা নাৰী অধ্যয়ন বিভাগৰ যুঁটীয়া প্ৰচেষ্টাৰে উক্ত চুটি ছবিখন প্ৰদৰ্শনৰ আয়োজন কৰা হৈছিল। সমান্তৰালকৈ, ছবিখন প্ৰদৰ্শনৰ পিছত “নটখাত” ৰ অভিনেত্ৰী তথা প্ৰযোজক বিদ্যা বালানকে আৰম্ভ কৰি লেখক অন্নুকাম্পা হৰ্ষ, লেখক তথা পৰিচালক শান ব্যাস আৰু সহযোগী প্ৰযোজক সানায় ইৰাণীৰ লগতে ছবিখনৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলীৰ সৈতে প্ৰদৰ্শনত উপস্থিত শিক্ষাৰ্থী সকলে অনলাইন বাৰ্তালাপ কৰে। ৰশ্মি লাম্বা আৰু তনয়া ভট্টাচাৰ্য্যই আঁত ধৰা এই অনুষ্ঠানখনত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অভিনেত্ৰী বিদ্যা বালানৰ সৈতে হোৱা আলোচনাত কেনেদৰে চলচিত্ৰ ক্ষেত্ৰখনৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা অভিনেতা-অভিনেত্ৰীয়ে সমাজত ইতিবাচক পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা ৰূপায়ন কৰিব পাৰে তাৰ বিষয়ে আলোকপাত কৰা হয়।

কটন বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত বিদ্যা বালনৰ চুটি ছবি "নটখাত"- 2
কটন বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত বিদ্যা বালনৰ চুটি ছবি "নটখাত"- 3


মাভাৰ কাৰ্যবাহী পৰিচালক হৰিশ সাদানিয়ে মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ বিৰুদ্ধে থিয় দিয়া পুৰুষসকলে কেনেদৰে একত্ৰীকৰণ, সংবেদনশীল আৰু মহিলাসকলৰ বাবে এক উন্নত স্থানলৈ ৰূপান্তৰ কৰিব পাৰে, সেই বিষয়ে উল্লেখ কৰে। আনহাতে কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত অফলাইন আলোচনাৰ আঁত ধৰে ইক’ হাব আৰু বোধানাৰ প্ৰতিষ্ঠাপক নেলচন দেৱে।এইখিনিতে, আপোনালোকক জনাই থওঁ যে, অস্কাৰৰ দৌৰত থকা বিদ্যা বালানৰ এই চুটি ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খন ছবি সমাৰোহত বহুল হাৰত লাভ কৰিছে জনসাধাৰণৰ সঁহাৰি।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform