Rupaliparda.com
পোৱা-নোপোৱাৰ উৰ্দ্ধত সৰু সৰু সুখানুভূতিৰে "প্ৰেমৰ সুবাস"- 1

পোৱা-নোপোৱাৰ উৰ্দ্ধত সৰু সৰু সুখানুভূতিৰে “প্ৰেমৰ সুবাস”-

আমি বাৰু সৰু সৰু কথাতেই সুখী নহওঁনে? দামী ৰেষ্টুৰাত বহি দামী চাহৰ কাপত চুমুক দিয়াতকৈ আমি ৫ টকীয়া সেই চাহকাপেই আমাক এক সুকীয়া সোঁৱাদ নিদিয়েনে? হাই-হূলস্থুলৰ মাজৰ পৰা ফালৰি কাটি আমি কেতিয়াবা আমাৰ জীৱনৰ মৰমৰ কোনোবা এগৰাকীৰ সৈতেই নিজ জন্মদিনটো উদযাপন কৰিব নোখোজোনে? হয়, মই আপোনালোককেই সুধিছো; আমি কেতিয়াবা সাধাৰণ হয় জীয়াবলৈ ভাল পাওঁ, যান্ত্ৰিকতাৰ পৰা ওলাই আহি সৰু সৰু বস্তুতেই আমি সুখানুভূতি অনুভৱ কৰিবলৈ বিচাৰো। সকলো সা-সুবিধাৰে পৰিপূৰ্ণ এটা পৰিয়ালৰ তুলনাত দুবেলা-দুমুঠি খাবলৈ নিতৌ ৰাতিপুৱাৰ পৰাই কষ্ট কৰি যোৱা পৰিয়ালটোৰ সদস্যকেইজনৰ নিজৰ মানুহখিনিৰ বাবে সেই একেই অনুভৱ হয়। সময় নাথাকিলেও তেওঁলোকে প্ৰতিটো সময়ত আপোনজনৰ কথা ভাবিয়েই সকলো কষ্টক আওঁকান কৰিবলৈ বিচাৰে? মই কোৱা কথাখিনিৰ সৈতে যদিহে আপোনালোকে সংযোগ কৰিব পাৰিছে তেতিয়াহ’লে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “প্ৰেমৰ সুবাস” কো আপোনালোকে আঁকোৱালি ল’ব পাৰিব। অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী আৰু ৰোমান্টিক গীতৰ ক্ষেত্ৰত এক বিশেষ দখল থকা দীক্ষু শৰ্মা আৰু নৱপ্ৰজন্মৰ প্ৰতিভা প্ৰতিক্ষা শৰ্মাৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত উক্ত গীতটিয়ে মুক্তিৰ পিছতেই লাভ কৰিছে হাজাৰ হাজাৰ শ্ৰোতা-দৰ্শকৰ সঁহাৰি।


আকৌ এবাৰ নিজ নিজ অভিনয়েৰে দৰ্শকৰ কাষ চাপিবলৈ সক্ষম হৈছে অভিনেত্ৰী সুৰভী দাস তথা অভিনেতা দীপজ্যোতি মহন্ত। গীতটিৰ কথা শৰৎ ৰঞ্জন শৰ্মাৰ; সুৰ নয়ন নিবিড়ৰ লগতে শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। উক্ত গীতটিৰ ভিডিঅ’ৰ বিষয়বস্তু সঁজাইছিল দীপজ্যোতি মহন্ত আৰু তিৰাপ সীমান্ত মেধিয়ে। আনহাতে, তিৰাপ সীমান্ত মেধি গীতটিৰ পৰিচালনা, সম্পাদনা তথা দৃশ্যগ্ৰহণৰো দায়িত্বত আছিল। বিশ্বনয়ন বৰুৱাৰ সহঃপৰিচালনাৰে ৰূপসজ্জা কৰিছিল ৰশ্মি ৰেখা বৰুৱাই। গীতটিৰ অডিঅ’টোৰ সৈতে ভিডিঅ’টিয়েও আদৰ লাভ কৰিছে দৰ্শকৰ, যেন দুয়োটাৰে মাজত এক সুন্দৰ সংগতি ৰাখিহে প্ৰস্তুত কৰা হৈছে দুয়োটা প্ৰকল্পই।

পোৱা-নোপোৱাৰ উৰ্দ্ধত সৰু সৰু সুখানুভূতিৰে "প্ৰেমৰ সুবাস"- 2


নৱপ্ৰজন্মৰ সৃষ্টি সমূহক লৈ বৰ্তমান সাধাৰণজনৰ সমান্তৰালকৈ একোগৰাকী প্ৰতিষ্ঠিত শিল্পীও অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে। আহিবলগীয়া দিনবোৰৰ প্ৰতি লক্ষ্য ৰাখি যদি কোৱা হয় তেনেহ’লে মনোৰঞ্জন ক্ষেত্ৰখনত পুংখানুপুংখভাৱে অন্তৰ্ভূক্ত হ’বলৈ একাংশ নৱপ্ৰজন্মই অহৰহ প্ৰচেষ্টা হাতত লৈছে। এতিয়া এনেক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ দায়ৱদ্ধতা হৈছে যে তেওঁলোক আঁসোৱাহবোৰ আঙুলিয়াই তেওঁলোকৰ সুন্দৰ সৃষ্টিসমূহ আঁকোৱালি লোৱাটো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform