Rupaliparda.com
"অংকুৰ শ্ৰেণীত থাকোতেই তেওঁ ৰঁচা এটা গীতত কন্ঠদান কৰিছিলো আৰু পুৰস্কৃতও হৈছিলো"- অনম'ল ৰাজ শইকীয়া 1

“অংকুৰ শ্ৰেণীত থাকোতেই তেওঁ ৰঁচা এটা গীতত কন্ঠদান কৰিছিলো আৰু পুৰস্কৃতও হৈছিলো”- অনম’ল ৰাজ শইকীয়া

আমাক প্ৰত্যেককে সৰুতে এখন ৰচনা লিখিবলৈ দিয়া হৈছিল; যিখন আছিল “মোৰ জীৱনৰ লক্ষ্য”। এই ৰচনাখন লিখি থকা সময়তে তাত থকা এটা শাৰী আছিল এনেধৰণৰ, “এগৰাকী লক্ষ্য নোহোৱা ব্যক্তি বঁঠা নোহোৱা নাওঁৰ দৰে”। আমি সৰুতেই যিমানেই অইন ভিন্ন ভিন্ন লক্ষ্যত উপনীত হ’ম বুলি নকওঁ কিয়; আমি পিছলৈ যিটো বস্তুৰ প্ৰতি আগ্ৰহী হওঁ সেইটো বস্তুটোকেই শিকি লৈ তাক আৰু এঢাপ এঢাপকৈ ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰি গৈ থাকো। তেনেই এক অহৰহ প্ৰচেষ্টা আৰু প্ৰয়াস আমি বৰ্তমান দেখিবলৈ পাইছো সম্প্ৰতি সময়ৰ একাংশ নৱপ্ৰজন্মৰ তাত। তেওঁলোকে নিজ নিজ প্ৰতিভাসমূহক লৈ কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰয়াসেৰে এতিয়া হৃদয় জিনিবলৈ সক্ষম হৈছে প্ৰত্যেকগৰাকী জনসাধাৰণৰ। সদ্যমুক্তিপ্ৰাপ্ত Zeroth Drma ৰ প্ৰথমটো মিউজিক ভিডিঅ’ “অনামিকা” বাৰু আপোনালোকে উপভোগ কৰিলেনে? নিশ্চয় কৰিছে, কিয়নো এই সময়ছোৱাত দৰ্শকক আকৰ্ষণ কৰিব পৰা অন্যতম ইউটিউব চেনেল হৈছে উক্ত চেনেলটো। “অনামিকা” শীৰ্ষক এই গীতটিত কন্ঠদান কৰাৰ উপৰিও ইয়াত সুৰ আৰু গীতটিৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বতো আছিল এইগৰাকী প্ৰতিভাৱান অনম’ল ৰাজ শইকীয়া। অৱশ্যে, এই আটাইকেইটা দায়িত্বত থকা এইগৰাকী প্ৰতিভাৰ উপস্থাপন শৈলীও নুই কৰিব পৰা নাযায়।

"অংকুৰ শ্ৰেণীত থাকোতেই তেওঁ ৰঁচা এটা গীতত কন্ঠদান কৰিছিলো আৰু পুৰস্কৃতও হৈছিলো"- অনম'ল ৰাজ শইকীয়া 2


ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে অনম’লক সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ উত্তৰত নিজ পিতৃৰ সহযোগিতাৰ কথা ব্যক্ত কৰি কয় যে, “আৰম্ভণি বুলি ক’বলৈ গ’লে মই পোনপ্ৰথমে নাম ল’ব লাগিব দেউতাৰ। অংকুৰ শ্ৰেণীত থাকোতেই তেওঁ ৰঁচা এটা গীতত কন্ঠদান কৰিছিলো আৰু পুৰস্কৃতও হৈছিলো; গতিকে সেয়াই আছিল আৰম্ভণি।” তেওঁৰ বাবে এটা শাৰীত সফলতাৰ সংজ্ঞা জানিবলৈ বিচৰাত অনম’লে কয় যে, “গীত এটিত কন্ঠদান কৰাৰ পিছত যেতিয়া মই আত্মসন্তুষ্টি লাভ কৰো আৰু তাৰ সমান্তৰালকৈ যেতিয়া শ্ৰোতা-দৰ্শকে গীতটিৰ সৈতে নিজকে সংযোগ কৰিব পাৰে তেতিয়াই সেই গীতটি সফল অথবা মই সফল বুলি নিজকে ভাবো।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ অসমবাসীলৈ এটি বিহুগীত আগবঢ়াই দিয়াৰ কথা ব্যক্ত কৰে। ইয়াৰ লগতে, আহিবলগীয়া সময়ত তেওঁৰ কোনগৰাকী অসমীয়া কন্ঠশিল্পীৰ সৈতে যুঁটীয়াভাৱে কাম কৰাৰ ইচ্ছা বুলি সোধাত অনম’ল ৰাজ শইকীয়াই দীক্ষু শৰ্মাৰ নাম লয়। তেওঁ কয় যে, “তেওঁ মাতটো ইমান মিঠা আৰু ইমান সুৱলা যে মোৰ হৃদয় চুই যায় তেওঁ গানবোৰে। ভাল লাগে তেওঁৰ কন্ঠ। গতিকে, তেওঁৰ সৈতে এবাৰ কাম কৰাৰ ইচ্ছা।”

"অংকুৰ শ্ৰেণীত থাকোতেই তেওঁ ৰঁচা এটা গীতত কন্ঠদান কৰিছিলো আৰু পুৰস্কৃতও হৈছিলো"- অনম'ল ৰাজ শইকীয়া 3


অনম’ল ৰাজ শইকীয়াৰ পৰিকল্পনাৰে আগন্তুক সময়ত আপোনালোকে আন বহু প্ৰকল্পৰ সোঁৱাদ লাভ কৰিবলৈ সক্ষম হ’ব। এইগৰাকী প্ৰতিভাক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform