বলীউড অভিনেতা অক্ষয় কুমাৰৰ অনুৰাগী সকল এই কথাটোৰ বিষয়ে খুব ভালকৈ অৱগত যে অক্ষয় কুমাৰে ইখনৰ পিছত সিখন ছবিৰ সৈতে কোনো ধৰণৰ আহৰি নোলোৱাকৈয়ে জড়িত হৈ থাকে। তেওঁ ইখন ছবিৰ শ্বুটিং সমাপ্ত কৰিয়েই ঢাপলি মেলে সিখন ছবিৰ শ্বুটিং চিড্যুললৈ। শেহতীয়াকৈ অভিনেতা গৰাকীয়ে “বচ্চন পাণ্ডে” ছবিখনৰ শ্বুটিং সমাপ্ত কৰে আৰু তাৰ পিছতেই তেওঁ অযোধ্যালৈ উৰা মাৰে তেওঁৰ আন এখন ছবি “ৰাম সেতু” ৰ শ্বুটিং আৰম্ভ কৰিবলৈ। ভগৱান শ্ৰী ৰামৰ নাম লৈয়ে অভিনেতা গৰাকীয়ে আৰম্ভ কৰে এই ছবিখনৰ শ্বুটিং; ইয়াৰ লগতে আহিছে আন এক খবৰো। অভিনেতা গৰাকীৰ হাতলৈ আহিছে আন এখন ছবিও; যাৰ নাম হৈছে “Jolly LLB” । ছবিখনৰ তৃতীয়টো সংস্কৰণ প্ৰস্তুতিৰ কথা বৰ্তমান শুনিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, অক্ষয় কুমাৰ আকৌ এবাৰ “Jolly LLB 2” পৰিচালক সুভাষ কাপুৰৰ সৈতে আলোচনাত মিলিত হৈছে। বিগত কেইমাহত এই দুয়োগৰাকীৰ মাজত বহুবাৰ আলোচনা হৈছে। উক্ত যুঁটিটো আকৌ এবাৰ ছবি ক্ষেত্ৰলৈ আহিবলৈ উৎস্যুক হৈ পৰিছে; সকলোবোৰ যদিহে ঠিকে থাকে তেতিয়াহ’লে এই ছবিখন চলিত বৰ্ষৰ মাজ ভাগলৈ হয়টো আৰম্ভ হৈ পৰিব। উল্লেখ্য যে, “বচ্চন পাণ্ডে” ছবিখনৰ ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে জনসাধাৰণৰ সমুখত।


এইখিনিতে, আপোনালোকক জনাওঁ যে, আহিবলগীয়া “বচ্চন পাণ্ডে” অক্ষয় কুমাৰৰ সৈতে দেখিবলৈ পোৱা যাব কালীন ভাই অৰ্থাৎ প্ৰত্যেকৰে মৰমৰ পংকজ ত্ৰিপাঠীক। পোনপ্ৰথমবাৰৰ বাবে এই যুঁটিটোক দেখিবলৈ পোৱা যাব স্ক্ৰীণত। আনহাতে, ছবিখনৰ আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিব অৰশদ বাৰসীয়ে। ইয়াৰ উপৰিও, চিনেমা খনত নায়িকা চৰিত্ৰ ৰূপায়ন কৰিব কৃতি সেননে। ছবিখনৰ নিৰ্দেশনা ফৰহাদ সামজীৰ আৰু ইয়াৰ প্ৰযোজনা কৰিছে সাজিদ নাডিৱালাই।
Add comment