Rupaliparda.com
সহজ-সৰল দীপলিনা ডেকাৰ আপোন মানুহৰ প্ৰতি আন্তৰিকতাঃ 1

সহজ-সৰল দীপলিনা ডেকাৰ আপোন মানুহৰ প্ৰতি আন্তৰিকতাঃ

আমি আমাৰ প্ৰিয় কন্ঠশিল্পী গৰাকীৰ প্ৰতিটো সৃষ্টি অথবা তেওঁ ক’ত আছে, কি কৰিছে ইত্যাদি প্ৰায়বোৰ কথাক লৈ ব্যস্ত থাকো; নহয়নে? তেওঁলোকৰ কৰ্মক লৈয়ে আমি উৎসাহিত। কন্ঠশিল্পী দীপলিনা ডেকাৰ অনুৰাগীৰ দীঘলীয়া শাৰীটো আমাৰ পৰা লুকাই থকা নাই; তেওঁ চচিয়েল মিডিয়াত আপলোড কৰা প্ৰতিটো পোষ্টত অনুৰাগীৰ যথেষ্ট ভিৰ আমি দেখো। ঋণাত্মক কমেন্টৰ পয়োভৰৰ সলনি ধনাত্মক আৰু উৎসাহিত বহু বাৰ্তা তেওঁক অনুৰাগীয়ে প্ৰেৰণ কৰে। দীপলিনা ডেকাক প্ৰায়ে সহজ-সৰল হৈ থকাই দেখা যায়; অৱশ্যে তেওঁৰ কন্ঠৰ কোমলতাৰ লগতে তেওঁৰ এই সহজ-সৰল মনোভাৱৰ বাবেই তেওঁক অসমৰ যথেষ্ট সংখ্যক অনুৰাগীয়ে নিজৰ কৰি ল’বলৈ সক্ষম হৈ পৰে। শেহতীয়াকৈ তেওঁ কৰা পোষ্টত আকৌ এবাৰ কন্ঠশিল্পী গৰাকীৰ কোমলতা স্পষ্ট হৈ উঠিছে। তেওঁ কয় যে, “পৃথিৱীখনৰ জাকজমকতাৰ বিপৰীতে আপোন চহৰত আপোন মানুহখিনিৰ সৈতে সাধাৰণ হৈ থাকিয়ে ভাল লাগে।” তেওঁৰ এই পোষ্টটোৱে আকৌ এবাৰ অনুৰাগীক টানিবলৈ সক্ষম হৈ পৰিছে। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে ব্যস্ত দীপলিনা ডেকাৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত দুয়োটা গীত ক্ৰমে “নিগাজী” আৰু “দুবাহুৰে সাৱটি ল’বানে” ত দেখিবলৈ পোৱা গ’ল শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ।

সহজ-সৰল দীপলিনা ডেকাৰ আপোন মানুহৰ প্ৰতি আন্তৰিকতাঃ 2


“নিগাজী” ৰ জৰিয়তে দীপলিনা ডেকা এগৰাকী সুৰকাৰ ৰূপেও অনুৰাগীৰ কাষ চাপিছিল। নিজ সুৰেৰে সঁজোৱা তেওঁৰ এই গীতটিক লৈ দীপলিনা ডেকা নিজেও উৎসাহিত হৈ থকা দেখিবলৈ পোৱা গৈছিল। দীপলিনা ডেকা বুলি ক’লেই উৎকন্ঠিত হৈ পৰে অনুৰাগী; সেয়েহে তেওঁৰ প্ৰতিটো প্ৰকল্পৰ প্ৰতি আগ্ৰহী হৈ থাকে জনসাধাৰণো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.