প্ৰেম প্ৰেম লগা অনুভূতিটোৱেটো আচলতে সুকীয়া; প্ৰত্যেকজন জনসাধাৰণৰ জীৱনতেই অৱশ্যে প্ৰেম আছে। একোজন ব্যক্তিৰ সৈতে নহ’লেও প্ৰকৃতি তথা একোটা নিৰ্দ্দিষ্ট বস্তুৰ সৈতেও প্ৰেমত পৰা ব্যক্তি আছে। আমি প্ৰকৃতিৰ সৈতে উমলি সকলোৱে ভালপাওঁ; সেইবাবেই ফাগুনৰ শুকান বতাহজাকৰ সমান্তৰালকৈ শাৰদীয় সুবাসৰ প্ৰেমতো আমি পৰো। মুকুতা হৈ গছৰ পাতত পৰি ৰোৱা নিঁয়ৰ কণেও আমাৰ মনলৈ প্ৰশান্তি আনে; নহয়নে? আমাৰ অসমৰ সংগীত ক্ষেত্ৰখনতো এনে বহু কন্ঠশিল্পী আছে; যিয়ে প্ৰকৃতিৰ সলনি হোৱা ৰংবোৰ নিজ সৃষ্টিত সামৰি ভাল পায়। শেহতীয়াকৈ “ক’তেনো নিঁয়ৰ সৰে” ত দেখিবলৈ পোৱা গ’ল প্ৰকৃতি আৰু প্ৰেমৰ সংমিশ্ৰণৰ সোঁৱাদ। তেজপুৰৰ নিবাসী দেৱৰাজ বৰাৰ সদ্যমুক্তিপ্ৰাপ্ত উক্ত গীতটিয়ে শ্ৰোতা-দৰ্শকৰ পৰা লাভ কৰিছে বহুল সঁহাৰি। এটি সৰল প্ৰেমৰ কাহিনীৰে আগবঢ়া এই গীতটিত কথা, সুৰ আদিকে আৰম্ভ কৰি গীতটিত লাভ কৰিবলৈ সক্ষম হোৱা প্ৰকৃতিৰ সোঁৱাদেই আছিল গীতটিৰ উপভোগ্যতাৰ আন এক লক্ষণ। গীতটিৰ ভিডিঅ’ত দেৱৰাজৰ সৈতে অভিনয় কৰিছে আপোনালোক সকলোৰে পৰিচিত অসমীয়া অভিনেত্ৰী উপাসনা প্ৰিয়মে।
গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াত কথা আৰু সুৰৰ দায়িত্বতো আছে দেৱৰাজ বৰা। আনহাতে, ইয়াত সংগীত কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিচিত অসম সন্তান মৃন্ময় শৰ্মাই। তবলা গৌতম শৰ্মাৰ, চিতাৰ শুভাংকৰ হাজৰিকাৰ আৰু বাঁহী বজাইছে ভাস্কৰ জ্যোতি কলিতাই। গীতটিত শব্দ সংমিশ্ৰণ কৰিছে ভূপেশ শইকীয়াই; আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে হীৰক জে শৰ্মা, দৃশ্যগ্ৰহণ কৰিছে সুদীপ্ত সাগৰ কলিতা, কৌশিক ভূঞা আৰু হীৰক জে শৰ্মাই। ভিডিঅ’ৰ কাহিনী আৰু বিষয়বস্তু বেদান্ত চক্ৰৱৰ্তীৰ। গীতটিৰ ভিডিঅ’ Alchemy Pixels ৰ। দেৱৰাজ বৰা আৰু উপাসনা প্ৰিয়মৰ যুঁটিটোক ইতিমধ্যে পচন্দও কৰিছে জনসাধাৰণে। নৱপ্ৰজন্ম আৰু তেওঁলোকৰ সৃষ্টিত নতুনত্ব আছে বুলি আমি প্ৰতিদিনেই আপোনালোকক কৈছো; কেৱল মাত্ৰ কোৱাই নহয়। এনে সৃষ্টি সমূহৰ বহু উদাহৰণো আমি পাইছো। বাণিজ্যিক গীত সমূহৰ পৰা ফালৰি কাটি নৱপ্ৰজন্মৰ একাংশ গীতে বাৰুকৈয়ে সংযোগ কৰিবলৈ সক্ষম হৈছে আজিৰ জনসাধাৰণক।

বিগত তিনিটা বৰ্ষৰ পৰা সংগীত ক্ষেত্ৰখনত জড়িত দেৱৰাজ বৰাৰ গীতসমূত লাভ কৰা থলুৱা সংগীতৰ সোঁৱাদে তেওঁৰ অনুৰাগীৰ শাৰী দীঘলীয়া কৰিছে। তেওঁৰ এই নতুন গীতটিক লৈ তেওঁলৈ জনাইছো অশেষ শুভকামনা।
Add comment