Rupaliparda.com
"স্ৰষ্টায়ে নিজে ভবা ধৰণে গীত এটাক আকাৰ দিয়াটোৱেই স্ৰষ্টাগৰাকীৰ কাৰণে সফলতা"- স্বৰাজ প্ৰিয় 1

“স্ৰষ্টায়ে নিজে ভবা ধৰণে গীত এটাক আকাৰ দিয়াটোৱেই স্ৰষ্টাগৰাকীৰ কাৰণে সফলতা”- স্বৰাজ প্ৰিয়

সম্প্ৰতি সময়ছোৱাত নৱপ্ৰজন্মৰ এনে একাংশ প্ৰতিভা আছে যিসকলে নিৰৱিচ্চিন্ন ভাৱে কাম কৰি গৈ থাকে। একাংশ লোকৰ মাজত তেওঁলোকৰ সৃষ্টি সমূহ ইমানেই গ্ৰহণযোগ্য হৈ পৰে যে তেওঁলোকে নৱপ্ৰজন্মৰ এই সৃষ্টিসমূহকে বহুদিনলৈ বুকুত বান্ধি ঘূৰি ফুৰে। আমি এই পেজটোৰ জৰিয়তে প্ৰায় প্ৰতিটো দিনতেই একোজন নৱপ্ৰজন্মৰ প্ৰতিভাৰ বিষয়ে আপোনালোকক জনাই আহিছো। তেওঁলোকৰ এই মনোৰঞ্জন ক্ষেত্ৰখনক লৈ থকা আগ্ৰহ আৰু মৰম তেওঁলোকৰ প্ৰতিটো সৃষ্টিত ফুঁটি উঠা দেখিবলৈ পোৱা যায়। আপোনালোকৰ নিশ্চয় মনত আছে, আমি কিছুদিন পূৰ্বে “ডাৱৰীয়া” শীৰ্ষক এটি অসমীয়া গীতৰ কথা পাতিছিলো; উক্ত গীতটিত অন্তৰ্নিৰ্হিত কথা তথা ইয়াৰ আঁৰৰ ভাৱানুভূতি ইমানেই অধিক সুন্দৰ আছিল যে ই অতি সোনকালে শ্ৰোতা-দৰ্শকক নিজৰ সৈতে জড়িত কৰোৱাই লোৱাত সক্ষম হৈছিল। অভিলাষ চৌধুৰীৰ সৈতে গীতটিৰ প্ৰস্তুতিত সহযোগ কৰিছিল স্বৰাজ প্ৰিয়; গীতটিৰ কথাত সহযোগ কৰাৰ সমান্তৰালকৈ তেওঁ গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু চিত্ৰনাট্যৰ দায়িত্বতো আছিল। আচলতে, সঁচা কথা ক’বলৈ গ’লে; অসমীয়া সংগীত ক্ষেত্ৰখন তাহানিৰ দিনৰ পৰাই চহকী। বাণিজ্যিক দিশৰ পৰা সফল একাংশ গীতৰ পৰা ফালৰি কাটি যদি আমি চাবলৈ যাওঁ তেন্তে দেখিবলৈ পাম যে ইয়াত একাংশ এনে গীত আছে যিয়ে শ্ৰোতাক আমোদ তথা মনোৰঞ্জন প্ৰদানৰ লগতে তেওঁলোকৰ ভিতৰত চলি থকা চিন্তা-ভাৱনা ইত্যাদি বিভিন্নতা দিশক সংযোগ কৰিবলৈ সক্ষম হয়।

https://youtube.com/channel/UCg3sZl5hElDXLO3yLCo88dQ

"স্ৰষ্টায়ে নিজে ভবা ধৰণে গীত এটাক আকাৰ দিয়াটোৱেই স্ৰষ্টাগৰাকীৰ কাৰণে সফলতা"- স্বৰাজ প্ৰিয় 2


শেহতীয়াকৈ আমি ৰূপালীপৰ্দা তৰফৰ পৰা স্বৰাজ প্ৰিয়ৰ সৈতে পাতিছিলো কিছু কথা। সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “২০১৮ চনৰ পৰা মই এই ক্ষেত্ৰখনৰ সৈতে জড়িত। এই চনটোতেই “বেঙুনীয়া ডাঁৱৰ জাক” নামে এটা এলবামে মুক্তি লাভ কৰিছিল; এলবামটোৰ তিনিটা গীতত কথা মোৰ আছিল। গতিকে, সেয়াই আছিল মোৰ আৰম্ভণি।” এটা গীতৰ সফলতা/বিফলতা তথা এটা গীতৰ কোনটো উপাদানৰ ওপৰত স্বৰাজে অধিক গুৰুত্ব দিয়ে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “স্ৰষ্টায়ে নিজে ভবা ধৰণে গীত এটাক আকাৰ দিয়াটোৱেই স্ৰষ্টাগৰাকীৰ কাৰণে সফলতা; আনহাতে ভবাধৰণে হৈ নুঠাটোৱেই হৈছে গীতটিৰ বিফলতা। অৱশ্যে, এই একেটা কথা শ্ৰোতাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে উত্তৰটো বেলেগ হ’ব। আপুনি সোধা আন এটা প্ৰশ্নৰ উত্তৰত ক’বলৈ বিচাৰিম যে, “কোনোবা এটা নিৰ্দিষ্ট উপাদানৰ ওপৰত গুৰুত্ব দিয়া কথাটো ভুল বুলিহে মই বিশ্বাস কৰো; এটা গীত বিভিন্ন উপাদানৰ সমূহ, সকলোবোৰ শব্দৰ মিশ্ৰণ এটাহে আমি শুনো, এটা উপাদানক আনটোৰ পৰা পৃথক কৰি শুনা নাযায়। গতিকে, এটা নিৰ্দ্দিষ্ট উপাদানৰ ওপৰত গুৰুত্ব দিয়াৰ কথা ক’লে ভুল হ’ব, মই গুৰুত্ব গীতৰ আত্মাক দিওঁ।” আগন্তুক প্ৰকল্পৰ বিষয়ে প্ৰশ্ন কৰাত স্বৰাজে কয় যে, “প্ৰকল্প কিছু হাতত আছে বিশেষকৈ “Streetsকথাৰ” ফালৰ পৰাও কিছুমান কাম চলি আছে। এতিয়াই বিতংভাৱেহে ক’ব পৰা নাযাব পিছে; সময়ত ৰূপালীপৰ্দাক নিশ্চয় জনাম।”

"স্ৰষ্টায়ে নিজে ভবা ধৰণে গীত এটাক আকাৰ দিয়াটোৱেই স্ৰষ্টাগৰাকীৰ কাৰণে সফলতা"- স্বৰাজ প্ৰিয় 3


এনে একোজন দৃঢ় নৱপ্ৰজন্মৰ প্ৰতিটো সৃষ্টিক লৈ উৎসাহিত দৰ্শক-শ্ৰোতা। স্বৰাজ প্ৰিয়ৰ প্ৰতিটো সৃষ্টি আৰু তেওঁৰ আগন্তক প্ৰকল্প সমূহক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform