Rupaliparda.com
"যিবোৰ প্ৰকল্পৰ দ্বাৰা সমাজক মই এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব পাৰো"- জিনি কাকতি 1

“যিবোৰ প্ৰকল্পৰ দ্বাৰা সমাজক মই এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব পাৰো”- জিনি কাকতি

অভিনয় দিশটোত সক্ৰিয়তাৰে আগবঢ়া একাংশ নৱপ্ৰজন্মই শেহতীয়াকৈ জনসাধাৰণক আপ্লুত কৰিব পৰা বিধৰ একাংশ গঠনমূলক কাৰ্য্য সম্পাদন কৰিছে। তেওঁলোকৰ গীত, নৃত্য, অভিনয় ইত্যাদি প্ৰতিটো দিশত মনোৰঞ্জনৰ সমান্তৰালকৈ কিবা এটা লাভৰ আশা কৰিব পৰা যায়। ইতিমধ্যে এনে বহু অভিনেতা-অভিনেত্ৰীৰ বিষয়ে আমি শুনিবলৈ পাইছো অথবা তেওঁলোকৰ দ্বাৰা সম্পাদিত কৰ্মসমূহ উপভোগ কৰিছো। আচলতে, আজি আমি এনে এগৰাকী অভিনেত্ৰীৰ বিষয়ে আপোলোকক জনাবলৈ ওলাইছো যিগৰাকীয়ে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ক্ৰমে গায়ত্ৰী মহন্ত তথা বৰ্ষাৰাণীৰ পৰা লাভ কৰিছিল অনুপ্ৰেৰণা। টেলিভিছন পৰ্দাত তেওঁলোকৰ অভিনয় উপভোগ কৰিয়ে খাটাং কৰি পেলাইছিল নিজ জীৱনৰ লক্ষ্য তথা উদ্দেশ্য। তেওঁৰ নাম হৈছে জিনি কাকতি; নাটকৰ সৈতে বহুদিনৰ পৰা জড়িত এইগৰাকী অভিনেত্ৰীক আহিবলগীয়া দিনত আপোনালোকে দেখিবলৈ পাব সম্প্ৰচাৰিত ধাৰাবাহিক “সপোনাৰ ডেউকা” ত। আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত আমি পাতিছিলো জিন কাকতিৰ সৈতে কিছু কথা। চাওঁচোন আহকঃ

"যিবোৰ প্ৰকল্পৰ দ্বাৰা সমাজক মই এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব পাৰো"- জিনি কাকতি 2

প্ৰশ্নঃ অভিনয় ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?

জিনি কাকতিঃ অভিনয় যাত্ৰাৰ আৰম্ভণি বুলি ক’বলৈ গ’লে ১০ বছৰ মান বয়সৰ পৰাই হৈছিল বুলি ক’ব লাগিব। মই মহৰ্ষি বিদ্যা মন্দিৰত পঢ়িছিলো; তাত সৰু সুৰাকৈ ক’ৰবাত কেতিয়াবা অভিনয় কৰাৰ লগতে ছাৰ-বাইদেউসকলেও তেওঁলোকৰ ফালৰ পৰা নাচ তথা নাটক কৰোৱাইছিল, গতিকে আগ্ৰহটো অভিনয়ৰ প্ৰতি তেতিয়াৰ পৰাই বাঢ়িছিল। সৰুৰ পৰাই আচলতে মই খুব অসমীঅ ভিচিডিবোৰ চাইছিলো; শ্ৰদ্ধাৰ গায়ত্ৰী মহন্ত বা আৰু বৰ্ষাৰাণী বিষয়া বা অভিনীত “জোনবাই” ভিচিডি খন উপভোগ কৰা পিছতেই সিদ্ধান্ত লৈ পেলাইছিলো যে অভিনয় দিশটোত মই আগবাঢ়িম। অৱশ্যে ষষ্ঠ শ্ৰেণীত পঢ়ি থকা অৱস্থাত মই মিউজিক ভিডিঅ’ এটাত কাম কৰাৰ সুবিধা পাইছিলো; পিছলৈ নাটক কৰিবলৈ আৰম্ভ কৰিলো। নাটকৰ কৰ্মশালা সমূহত অংশগ্ৰহণ কৰি শিকিবলৈ আৰম্ভ কৰিলো; ৰবীন্দ্ৰ ভৱনত মোৰ প্ৰথমখন নাট আছিল “কুণ্ডিলকুঁৱৰী”; তাত মই ৰুক্মিণী চৰিত্ৰটো ৰূপায়ন কৰিছিলো। আৰু, বৰ্তমান তেনেকৈয়ে আগবাঢ়ি গৈ আছো আৰু মোৰ এই যাত্ৰা অব্যাহত আছে।

"যিবোৰ প্ৰকল্পৰ দ্বাৰা সমাজক মই এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব পাৰো"- জিনি কাকতি 3

প্ৰশ্নঃ অভিনয় ক্ষেত্ৰখনত তোমাৰ কেনেধৰণৰ প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ মন?

জিনি কাকতিঃ মই বৰ্তমান চাহিন আজমিন বৰা বাৰ পৰিচালনাৰে নিৰ্মিত ৰং চেনেলত সম্প্ৰচাৰিত ধাৰাবাহিক “সপোনৰ ডেউকা” ৰ সৈতে জড়িত হৈ আছো। ধাৰাবাহিক খনত মোৰ নাম হৈছে “ৰ’দালি”। ইয়াৰ উপৰিও মোৰ মিউজিক ভিডিঅ’, ধাৰাবাহিক অথবা চুটি ছবি, ছবি আদি প্ৰতিটো প্ৰকল্পৰ সৈতে মোৰ জড়িত হোৱাৰ মন; যিবোৰ প্ৰকল্পৰ দ্বাৰা সমাজক মই এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব পাৰো।

"যিবোৰ প্ৰকল্পৰ দ্বাৰা সমাজক মই এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব পাৰো"- জিনি কাকতি 4

প্ৰশ্নঃ আহিবলগীয়া সময়ত অভিনয় ক্ষেত্ৰখনৰ কোনগৰাকী অভিনেতা/অভিনেত্ৰীৰ সৈতে কাম কৰা ইচ্ছা আৰু কিয়?

জিনি কাকতিঃ মই এই ক্ষেত্ৰখনত একেবাৰে নতুন; গতিকে মই যিসকলৰ সৈতে কাম কৰিবলৈ আহিবলগীয়া সময়ত সুবিধা পাম তেওঁলোক আটাইৰে পৰা মই কিবা নহয় কিবা এটা শিকিবলৈ পাম। আৰু, বৰ্তমান পৰিপ্ৰেক্ষিত মোৰ বাবে শিক্ষাটো অতি প্ৰয়োজনীয়। আনহাতে, আপোনাৰ প্ৰশ্নটোৰ যদি পোনপটীয়া উত্তৰ দিবলগীয়া হয় তেতিয়াহ’লে ক’ব লাগিব যে মোৰ ৰবি শৰ্মা দাৰ সৈতে অভিনয় কৰাৰ খুব ইচ্ছা আছে কাৰণ তেওঁৰ চিন্তা-ধাৰা, আউল নলগোৱা কথাবোৰ মোৰ খুব ভাল লাগে। “লজিকেল” কথা কয় ৰবি শৰ্মা দাই; আনহাতে, বৰ্ষা বা, নিশিতা বা তথা গায়ত্ৰী বাৰ সৈতে এবাৰ হ’লেও মঞ্চত একেলগে অভিনয় কৰিবলৈ খুব মন আছে। আৰু, লগতে জুবিন গাৰ্গ দা; তেওঁৰ সৈতে এবাৰ অভিনয় কৰিবলৈ পালে মই বৰ সুখী হ’ম। সমান্তৰালকৈ, মই শেহতীয়াকৈ যিখন ধাৰাবাহিকৰ সৈতে জড়িত, তাত অভিনীত প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰ পৰা যথেষ্টখিনি কথা শিকিবলৈ পাৰিছো; লগতে ধাৰাবাহিক খনৰ পৰিচালক চাহিন বাৰ প্ৰতি মই সদায় চিৰকৃতজ্ঞ হৈ ৰ’ম।

প্ৰশ্নঃ এগৰাকী “শিল্পী” ৰ সংজ্ঞা তোমাৰ মতে কি?

জিনি কাকতিঃ সহজ অৰ্থত যদি সংজ্ঞা দিবলগীয়া হয় তেতিয়াহ’লে “শিল্পী” বুলি ক’লে মোৰ মনলৈ আহে এনে এজন ব্যক্তি যাৰ সমাজৰ প্ৰতি দায়িত্ব, মৰম, সন্মান, সহানুভূতি আৰু ভাল চিন্তা-ধাৰা থাকে। “শিল্পী” এগৰাকীক বহু ব্যক্তিয়ে অনুকৰণ কৰে; গতিকে তেওঁ ভাল হৃদয়ৰ হোৱাৰ লগতে সমাজ খনক উন্নতিৰ দিশত আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত সক্ৰিয় হ’ব লাগে। অভিনয় অথবা এটা গান অথবা এখন চিত্ৰ ইত্যাদি যিকোনো এগৰাকী প্ৰশিক্ষিত ব্যক্তিয়ে কৰিব পাৰে কিন্তু এগৰাকী “শিল্পী” হ’বলৈ হ’লে সাধনাৰ প্ৰয়োজন।

"যিবোৰ প্ৰকল্পৰ দ্বাৰা সমাজক মই এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব পাৰো"- জিনি কাকতি 5

প্ৰশ্নঃ তোমাৰ আগন্তুক প্ৰকল্প কি কি?

জিনি কাকতিঃ “সপোনাৰ ডেউকা” ৰ বাদে আন একো বিশেষ প্ৰকল্প মোৰ নাই কিন্তু যিহেটো মই সংগীতৰ দিশটোত বিষাৰদ কৰিলো গতিকে গানৰ ৰেকৰ্ডিঙৰ কথা ভাবি থকা হৈছে; আনহাতে মই সত্ৰীয়া নৃত্যটো গুনীন কৰিছো। সমান্তৰালকৈ, ভিজুৱেল আৰ্ট আৰু পেইণ্টিং কৰিছো গতিকে আটাইবোৰ দিশত কিবা এটা কৰাৰ মন আছে। চাওঁচোন কেনেদৰে আগবাঢ়িব পাৰো!

"যিবোৰ প্ৰকল্পৰ দ্বাৰা সমাজক মই এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব পাৰো"- জিনি কাকতি 6

ৰূপালীপৰ্দাঃ ধন্যবাদ জিনি কাকতি। তোমাৰ পৰিকল্পনা সফল হওঁক…

জিনি কাকতিঃ ধন্যবাদ ৰূপালপৰ্দা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform