Rupaliparda.com
"মধুলগন" ৰ বৰ্ষপূৰ্তি আৰু ত্ৰিশ লাখ ভিউৱাৰচঃ 1

“মধুলগন” ৰ বৰ্ষপূৰ্তি আৰু ত্ৰিশ লাখ ভিউৱাৰচঃ

কিছুমান গীত কেতিয়াবা খুবেই আপোন হৈ পৰে; যিটো গীত অহৰহ ঘূৰি থাকিবলৈ লয় প্লে-লিষ্টত! আমাৰ প্ৰত্যেকৰে ভাললগা এনে কিছু গীত নিশ্চয় আছে; যিসমূহ আমি আন কেইবাটাও নতুন গীত আহিলেও নিজৰ প্লে-লিষ্টখনত সদায় ৰাখি থওঁ। বিগত বৰ্ষৰ প্ৰায় কেইবাটাও গ্ৰহণযোগ্য গীতৰ লগতে মুক্তি লাভ কৰিছিল এটি সুন্দৰ ৰোমান্টিক গীত; যিটো গীত বহু প্ৰেমাস্পদৰ মিলনৰ সাক্ষী হৈছে নহ’লে এই গীতটি আপোনালোকে বহুকেইখন বিবাহৰ একোটা সুন্দৰ মূহুূৰ্তৰ সাক্ষী হোৱা দেখিছে। গীতটিৰ নাম হৈছে “মধুলগন”; বিগত বৰ্ষৰ প্ৰায় প্ৰথম ভাগতেই মুক্তি লাভ কৰা গীতটিয়ে আছিল “মধুলগন”। দীপলিনা ডেকা আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ প্ৰথমটো যুঁটীয়া কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিয়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে ত্ৰিশ লাখতকৈও অধিক ভিউৱাৰচ। হৃদয়ত সুখানুভূতি আৰু মুখলৈ হাঁহি আনিব পৰা বিধৰ গীতটিয়ে আছিল “মধুলগন”। গীতটিৰ বৰ্ষপূৰ্তিৰ লগতে গীতটিয়ে লাভ কৰা সফলতাক লৈ আকৌ এবাৰ জনসাধাৰণ উৎসাহিত হৈ পৰিছে; শেহতীয়াকৈ “মধুলগন” ক মনত পেলাই উৎসাহিত হৈ পৰিছিল গীতটিৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী।


বিগত বৰ্ষৰ ১৯ মাৰ্চত মুক্তিপাবলগীয়া এই গীতটিত কথা প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ। লগতে, গীতটিত সংগীত পৰিচালনা কৰিছে পল্লৱ তালুকদাৰে আৰু “মধুলগন” ৰ ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছিল শচীন বৰুৱাৰ। ইয়াৰ উপৰিও, গীতটিত অভিনয় কৰিছে দীপলিনাৰ লগতে প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাই। উক্ত গীতটিক লৈ দৰ্শক উৎসাহিত হোৱাৰ আন কাৰণো অৱশ্যে নথকা নহয়; এই গীতটিত দীপলিনাক দেখিবলৈ পোৱা কইনা সাঁজেৰে লগতে হোঁমৰ গুৰিত বহি থকা দীপলিনাৰ লুকটোৱে নৱ প্ৰজন্মৰ বহু যুৱকৰ হৃদয়ত খলকনি লগাবলৈ সক্ষম হৈছিল। আনহাতে, উক্ত গীতটিৰ পিছত দীপলিনা ডেকা আৰু প্ৰণৱ প্ৰিয়াংকুশ বৰুৱাৰ যুঁটিটোক লৈ উৎকন্ঠিত হৈ পৰিছিল; তেওঁলোকৰ তৰফৰ পৰা আন বহু প্ৰকল্পৰ আশাও অনাগত দিনত কৰিছে তেওঁলোকৰ অনুৰাগীয়ে। উল্লেখ্য যে, দীপলিনা ডেকাৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত কেইবাটাও গীতে ইতিমধ্যে শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰিছে।

"মধুলগন" ৰ বৰ্ষপূৰ্তি আৰু ত্ৰিশ লাখ ভিউৱাৰচঃ 2


ইয়াৰ লগতে, প্ৰণৱ প্ৰিয়াংকুশ বৰুৱা ব্যস্ত তেওঁৰ এলবাম “এক যোগ এক” গীত সমূহক জনসাধাৰণৰ মাজলৈ উলিয়াই অনাত। “মধুলগন” ৰ বৰ্ষপূৰ্তি তথা সফলতাক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰা প্ৰত্যেককে জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform