Rupaliparda.com
আইমী বৰুৱাৰ বাবে বান্ধিছে কাপোৰঃ অসমীয়া ৰাইজৰ আমেৰিকালৈ যোৱাৰ ইচ্ছা- 1

আইমী বৰুৱাৰ বাবে বান্ধিছে কাপোৰঃ অসমীয়া ৰাইজৰ আমেৰিকালৈ যোৱাৰ ইচ্ছা-

অভিনেত্ৰী আইমী বৰুৱাৰ বাবে এতিয়া একাংশ অসমীয়াই বান্ধিছে কাপোৰ কানিৰ লগতে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী। স্বামী তথা বিজেপি নেতা পীযুষ হাজৰিকাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই থকা সময়ছোৱাতে অভিনেত্ৰী গৰাকীৰ বিস্ফোৰক মন্তব্যই এতিয়া কঁপাইছে ৰাজ্য। বিগত বৰ্ষৰ পৰা চলি থকা নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰি অভিনেত্ৰী গৰাকীয়ে যি মন্তব্য কৰিলে এতিয়া তাকেই উদ্দেশ্যি হৈ-চৈ লাগিছে সৰ্বত্ৰে। “কা আমাক লাগিবই,কা আমি মানিমেই; কা যিসকলে নামানে তেওঁলোকক অসম নহয় ভাৰতবৰ্ষৰ পৰা খেদি পঠিওৱা হ’ব”; উক্ত শাৰীকেইটাৰে স্বামীৰ ফলীয়া হৈ দম্ভালি মাৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা আইমী বৰুৱা এতিয়া ৰাইজৰ ৰোষত। অৱশ্যে, আপুনি যদি এই দুটা দিনত মনোৰঞ্জন বিচাৰিছে, তেতিয়াহ’লে তেওঁৰ চচিয়েল মিডিয়া পেজখনত আপলোড কৰা পোষ্ট সমূহত জনসাধাৰণে কৰা কমেন্ট সমূহেও যে আপোনাক আমোদ দিব পাৰিব সেয়া এক প্ৰকাৰে আমি নিশ্চিত। কোনোৱে যদি তেওঁক “জাপানলৈ যোৱাৰ ইচ্ছা আছিল” বুলি কৈছে; আনহাতে কোনোজনে অভিনেত্ৰীগৰাকীক “মোক আমেৰিকাতে পেলাব” বুলি আহ্বান জনাইছে। নিৰ্বাচনৰ আগত ভোট ভিক্ষা কৰিবলৈ গৈ ট্ৰোলৰ সন্মুখীন হ’ল আইমী বৰুৱা।

আইমী বৰুৱাৰ বাবে বান্ধিছে কাপোৰঃ অসমীয়া ৰাইজৰ আমেৰিকালৈ যোৱাৰ ইচ্ছা- 2
আইমী বৰুৱাৰ বাবে বান্ধিছে কাপোৰঃ অসমীয়া ৰাইজৰ আমেৰিকালৈ যোৱাৰ ইচ্ছা- 3


প্ৰায়ে চচিয়েল মিডিয়াত সক্ৰিয় আইমীৰ পোষ্টসমূহ প্ৰতিটো ৰাতিপুৱাই দেখিবলৈ পোৱা যায়। নিজ সন্তানৰ ভিন্ন কাম সমূহৰ সমান্তৰালকৈ তেওঁৰ আহিবলগীয়া প্ৰকল্পৰ বিষয়ে একোটা পোষ্ট যোগে জনাই আহিছে অনুৰাগীক। আগন্তুক কালছোৱাত আইমীৰ এনে মন্তব্যৰ ফলত ৰাইজে আকৌ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব সেয়া হ’ব লক্ষণীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.