Rupaliparda.com
নিপন ধলুৱা পৰিচালনা আৰু সন্তানৰ তিক্ত বাস্তৱৰ কাহিনীৰে "হেল্ল ফ্ৰম হেভেন"- 1

নিপন ধলুৱা পৰিচালনা আৰু সন্তানৰ তিক্ত বাস্তৱৰ কাহিনীৰে “হেল্ল ফ্ৰম হেভেন”-

সম্প্ৰতি চাৰিওফালে চলিছে নিৰ্বাচনী প্ৰচাৰ। ৰাইজক বিবেকেৰে নিজৰ ভোট সাবস্ত্য কৰিবলৈ এতিয়া প্ৰত্যেকেই প্ৰত্যেকক অনুৰোধ জনাইছে। নিৰ্বাচনৰ সমান্তৰালকৈ মনোৰঞ্জন দিশটোতো ইটোৰ পিছত সিটোকৈ আহিছে কেইবাটাও নতুন খবৰ। আমি চুটি ছবি সমূহক লৈ উৎসাহিত; দৰ্শক সকলক চুটি ছবিসমূহৰ বিষয়বস্তু সমূহে বৰ্তমান বহুল হাৰত আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে। দেশৰ বিভীষিকাৰ সময়ছোৱাত অৱশ্যে অসমীয়া জনসাধাৰণক আমোদ তথা মনোৰঞ্জন প্ৰদান কৰিবলৈ সক্ষম হৈছিল অসমীয়া চুটি ছবিসমূহে। “মি এণ্ড মাই চিষ্টাৰ”, “প্ৰত্যাহ্বান” “মৰীচিকা” আৰু “কমিংগ চুন” আদি চাৰিখনকৈ ছবিৰ পৰিচালক নিপন ধলুৱাৰ পৰিচালনাৰে নিৰ্মিত আন এখন চুটি ছবি “হেল্ল ফ্ৰম হেভেন”। এক হৃদয়স্পৰ্শী বিষয়বস্তুৰে নিৰ্মিত চুটি ছবিসমূহক কিছুদিন পূৰ্বে পৰিচালক গৰাকীৰ ব্যক্তিগত ইউটিউব চেনেল যোগে কৰি দিয়া হৈছে মুকলি। পৰিয়ালত থকা প্ৰতিজন সদস্যৰ মানসিক সংগ্ৰাম তথা আঁকোৰগোজ চিন্তা-ধাৰাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “হেল্ল ফ্ৰম হেভেন”। উক্ত চুটি ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে মণিৰাম সিং আৰু ৰাজেন নেওঁগ। অৱশ্যে পৰিচালক নিপন ধলুৱাই ইতিমধ্যে জনসাধাৰণক নিজৰ সৃষ্টিৰ দ্বাৰা উৎসাহিত কৰি ৰখা দেখিবলৈ পোৱা গৈছে। বিগত বৰ্ষত “লক-ডাউন” ৰ সময়ছোৱাত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ প্ৰতিটো নিয়মাৱলী পালন কৰিও পৰিচালক গৰাকীয়ে নিজ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মাণ কৰি উলিয়াইছিল এখন ৯০ মিনিট দৈৰ্ঘ্যৰ ছবি “দেউতা”।


শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত নিপন ধলুৱাৰ চুটি ছবিখনৰ প্ৰসংগলৈ যদি আহো, তেতিয়াহ’লে ক’বই লাগিব যে আমি প্ৰতিজন ব্যক্তি মৰম আঁকলুৱা। জন্মৰে পৰা আৰম্ভ কৰি নিজ জীৱন কালচোৱাত এটা সন্তানে নিজ পিতৃ-মাতৃৰ মৰমসনা দুহাত আৰু আৱেগসনা কথাবোৰৰ বাবে ৰৈ থাকে; কিন্তু কেতিয়াবা পৰিস্থিতিৰ কবলত পৰি পিতৃ-মাতৃ থকা স্বত্বেও সন্তানগৰাকী অকলশৰীয়া হৈ পৰে আৰু মানসিক ভাৱে ভাঙি পৰে। প্ৰত্যেকদিনাই হয়টো এনে অনুৰূপ কাহিনী আমি শুনো, দেখো অথবা পঢ়ো। পিতৃ-মাতৃৰ কাজিয়াই সন্তানক মানসিক কষ্ট দিয়া কথাটো আমি সকলোৱে জানো আৰু সেইবাবে বহু পিতৃ-মাতৃয়ে নিজৰ অসুবিধা সমূহৰ সৈতে সন্তানক চিনাকী নকৰোৱায়। সন্তানৰ প্ৰাৰ্থনা আৰু পিতৃ-মাতৃৰ কাহানিও শেষ নোহোৱা কন্দলে পিছলৈ কি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেয়া হয়টো আপোনালোকৰ কল্পনাৰো অগোচৰ। এনে এক কাহিনীক লৈয়ে প্ৰায় ৭ মিনিট দৈৰ্ঘ্যৰে নিৰ্মাণ কৰি উলিওৱা হৈছে “হেল্ল ফ্ৰম হেভেন।” কথাতে কয়, পিতৃ-মাতৃৰ আশীৰ্বাদ থাকিলে হেনো সন্তান গৰাকী যিকোনো মূহুূৰ্তৰ যিকোনো যুদ্ধতেই হাৰ মানিবলগীয়া নহয়; কিন্তু কেতিয়াবা অভিভাৱকৰ সামান্য অমনোযোগিতাই সন্তানৰ বাবে তেওঁৰ বাস্তৱ জীৱনটো তিক্ত কৰি তোলে। এখন সংসাৰত থকা প্ৰতিজনৰে সংসাৰখনৰ প্ৰতি দায়িত্ব সমপৰিমাণৰ; ইয়াক কোনো অংক সূত্ৰৰে কম-বেছি কৰিব নোৱাৰি। এইখিনিতে, আপোনালোকেও যদি এই চুটি ছবিখন উপভোগ কৰিব খুজিছে তেতিয়াহ’লে লিংকটো ওপৰত দি দিয়া হৈছে।

নিপন ধলুৱা পৰিচালনা আৰু সন্তানৰ তিক্ত বাস্তৱৰ কাহিনীৰে "হেল্ল ফ্ৰম হেভেন"- 2


ইয়াত অভিনয় কৰিছে নিপন ধলুৱা, কেথৰিন ধলুৱা আৰু নিজৰা গগয়ে। সহকাৰী পৰিচালক ৰূপে আছে নীলিম নিশান। আনহাতে, নিপন ধলুৱাৰ 1000 sq. ft ৰ এটা কোঠালিৰ ভিতৰত নিৰ্মাণ কৰা “দেউতা” ছবিখনকলৈও অপেক্ষাৰত দৰ্শক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform