Rupaliparda.com
ReelDrama ৰ "ফিছা"; মুক্তিৰ পূৰ্বেই টানিছে দৰ্শকঃ 1

ReelDrama ৰ “ফিছা”; মুক্তিৰ পূৰ্বেই টানিছে দৰ্শকঃ

শেহতীয়াকৈ চচিয়েল মিডিয়াত এখন পোষ্টাৰে খলকনিৰ সৃষ্টি কৰিছে। পোষ্টাৰখনত দেখিবলৈ পোৱা চৰিত্ৰটোৱেও ইতিমধ্যে এই নতুন প্ৰকল্পটোক লৈ আকৰ্ষিত কৰি তুলিছে দৰ্শকক। বৰ্তমান ৱেব চিৰিজ সমূহৰ এক নতুন ঢৌক লৈ আমি উৎসাহিত হৈছো; হলীউড- বলীউডৰ এই ৱেব চিৰিজ সমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ এতিয়া একোখন অসমীয়া ৱেব চিৰিজৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। সমান্তৰালকৈ, অসমীয়া ৱেব চিৰিজৰ এই দিশটোক পূৰ্বতকৈ আৰু অধিক মজবুত কৰি তুলিবলৈ আহিবলগীয়া সময়ত আন কেইবাখনো ৱেব চিৰিজৰ মুক্তিৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছো। এনে পৰিপ্ৰেক্ষিততে, আগন্তুক সময়ত মুক্তি পাবলগীয়া এখন বহু প্ৰত্যাশিত ৱেব চিৰিজ “ফিছা” ৰ মুকলি কৰা হৈছে ট্ৰেইলাৰ তথা ফাৰ্ষ্ট লুক পোষ্টাৰ। প্ৰকল্পটোৰ সৈতে জনসাধাৰণক চিনাকী কৰোৱা উক্ত ট্ৰেইলাৰ তথা পোষ্টাৰখনে খলকনি লগাবলৈ সক্ষম হৈছে সচেতন মহলত। ReelDrama নামে এক নতুন ডিজিটেল প্লেটফৰ্মত এই ৱেব চিৰিজখনে লাভ কৰিব মুক্তি। পূৰ্ণদৈৰ্ঘ্যৰ এখন ছবিতকৈ ৱেব চিৰিজসমূহৰ প্ৰাধান্য এতিয়া ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে; লগতে, এই ৱেব চিৰিজখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰত দেখিবলৈ পোৱা অভিনেতা কমল লোচনৰ লুকটোৱে এতিয়া তেওঁৰ অনুৰাগীসমূহক “ফিছা” ৰ বাবে অপেক্ষাৰত কৰি তুলিছে।

ReelDrama ৰ "ফিছা"; মুক্তিৰ পূৰ্বেই টানিছে দৰ্শকঃ 2


ইতিমধ্যে ট্ৰেইলাৰটোত দেখিবলৈ পোৱা এই ৱেব চিৰিজখনৰ কাহিনীভাগত অন্তৰ্ভূক্ত থ্ৰীলে ইতিমধ্যে আকৰ্ষণ কৰিছে দৰ্শকবৃন্দক। ৮ টা খণ্ডযুক্ত “ফিছা” ৰ পৰিচালনাৰ দায়িত্বত আছে পৰিচালক সংকল্পজিৎ হাজৰিকা। সম্প্ৰতি সময়ছোৱাত মনোৰঞ্জন দিশটোৱে কৰা “ডিমাণ্ড” আৰু নৱপ্ৰজন্মৰ ইচ্ছা সমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই আচলতে এনে একাংশ প্ৰকল্পৰ নিৰ্মাণ হৈছে যিয়ে অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক আৰু এঢাপ ওপৰলৈ তুলি নিয়াত সহায় কৰিছে। জানিব পৰা মতে, “ফিছা” ৰ কাহিনী প্ৰণৱ বৰুৱাৰ। মাৰ্ডাৰ থ্ৰীলাৰ সম্পন্ন এই ৱেব চিৰিজখনত অভিনয় কৰিছে ন-পূৰণি একাংশ জনপ্ৰিয় অসমীয়া তাৰকাই। সেইকেইজন হৈছে ক্ৰমে বৰ্ষাৰাণী বিষয়া, প্ৰসেনজিৎ বৰা, কমল লোচন, দেৱাশ্ৰী দাস, চিন্ময় কটকী, মহেশ বৰা, ৰাজীৱ গোস্বামী, পৰাগ শৰ্মাকে আদি কৰি বিভিন্ন গৰাকী ন-পূৰণি শিল্পীয়ে। “ফিছা” ক দেখুওৱা দৰ্শকৰ ইচ্ছাই এতিয়া ৱেব চিৰিজখনৰ পৰিচালক সংকল্পজিৎ হাজৰিকাকো উৎকন্ঠিত কৰি তুলিছে।

ReelDrama ৰ "ফিছা"; মুক্তিৰ পূৰ্বেই টানিছে দৰ্শকঃ 3

আহিবলগীয়া সময়ত, একাংশ নতুন প্ৰকল্প আৰু নৱপ্ৰজন্মৰ বিভিন্ন প্ৰতিভাক সুবিধা প্ৰদানৰ ক্ষেত্ৰত ডিজিটেল প্লেটফৰ্ম “ReelDrama” য়ে যে সহায় আগবঢ়াব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো এওঁলোকক অশেষ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform