Rupaliparda.com
ক'ৰোণাৰ গ্ৰাসত চিলেব্ৰেটী; কোৱাৰেন্টাইনৰ দিন গণনা মিলিন্দ সুমনৰ- 1

ক’ৰোণাৰ গ্ৰাসত চিলেব্ৰেটী; কোৱাৰেন্টাইনৰ দিন গণনা মিলিন্দ সুমনৰ-

মহাৰাষ্ট্ৰক বৰ্তমানৰ ক’ৰোণাৰ দ্বিতীয়টো ঢৌৱে পূৰ্ণৰূপত গ্ৰাস কৰিছে; কেইবাখনো ঠাইত ইতিমধ্যে ঘোষণা কৰা হৈছে সম্পূৰ্ণ “লক-ডাউন”। ইয়াৰ লগতে, এইকেইটা দিনত কেইবাগৰাকীও বলীউড চিলেব্ৰেটী ক’ৰোণাত গ্ৰাসত সোমাইছে; তাৰ ভিতৰত শেহতীয়াকৈ নাম অন্তৰ্ভূক্ত হৈছে মডেল তথা অভিনেতা মিলিন্দ সুমনৰ। তেওঁ চচিয়েল মিডিয়াত এক পোষ্ট যোগে কোৱাৰেন্টাইনত থকা নিজৰ দিন গণনা কৰিবলৈ লৈছে। ক’ভিড পজিটিভ হোৱা পিছতেই তেওঁ এক টুইটযোগে জনাইছিল যে, “মোৰ টেষ্ট পৰীক্ষা পজিটিভ আহিছে আৰু মই কোৱাৰেন্টাইনত আছো।” মিলিন্দ সুমনৰ লগতে কিছুদিন পূৰ্বে ক’ৰোণাৰ গ্ৰাসত অহা আন এগৰাকী তাৰকাৰ নাম আছিল আমিৰ খান; তেওঁয়ো নিজ বাসগৃহতেই কোৱাৰেন্টাইন হৈ থকা বুলি ইতিমধ্যে জানিব পৰা গৈছে। ইয়াৰ লগতে আৰ মাধৱন, কাৰ্তিক আৰিয়ন তথা ৰণৱীৰ কাপুৰো ক’ৰোণাৰ গ্ৰাসত অহা বাবে হৈছে কোৱাৰেন্টাইন। আনহাতে, উল্লেখ্য যে ক’ৰোণা পজিটিভ হোৱাৰ সমান্তৰালকৈ তাৰকা সকলে ভেকচিন লগোৱাও আৰম্ভ কৰিছে। য’ত নাম অন্তৰ্ভূক্ত কৰা হৈছে অভিনেতা ছলমান খান আৰু সঞ্জয় দত্তৰ।


ফেশ্বন জগত খনৰ এটা উল্লেখনীয় নাম হৈছে মিলিন্দ সুমন। মডেলিং তথা অভিনয়ৰ দ্বাৰাও এই গৰাকী শিল্পীয়ে দৰ্শকক আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছিল। ৯০ দশকৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হৈছিল মিলিন্দ সুমন। কিন্তু, সাংস্কৃতিক জগত খনৰ বাবে নহয়; চচিয়েল মিডিয়াত তেওঁ ট্ৰোল হৈছিল নিজৰ ব্যক্তিগত জীৱনৰ বাবেহে। আছলতে, এজন চেলিব্ৰটীৰ পাৰ্ছনেল আৰু প্ৰফেচনেল লাইফৰ ওপৰত ভিত্তি কৰিয়েই বাতৰি প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায় আৰু এয়াই হৈছিল মিলিন্দৰ সৈতে। কোৱা হয়, বয়সে হেনো প্ৰেম নামানে। বয়স,ওজনৰ নিচিনা একোটা সমীকৰণৰ উৰ্দ্ধত থাকে প্ৰেম। এয়া প্ৰমাণ কৰিলে ৫৩ বছৰীয়া মিলিন্দে, যেতিয়া তেওঁ বিয়া কৰোৱালে এগৰাকী ২৮ বছৰীয়া যুৱতী অংকিতা কোঁৱৰক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.