মায়ানগৰীত অসমৰ এনে বহু শিল্পী আছে; যিয়ে তাত প্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালকৈ বহু ভাল কামো কৰিছে। কিন্তু এনে এগৰাকী অসম জীয়ৰী আছে যিয়ে ২২ টা ভিন্ন ভাষা শিকি ৭ হাজাৰতকৈ অধিক গীতত কন্ঠদান কৰিছে; ইয়াৰ উপৰিও কামৰূপীয়া ও গোৱালপৰীয়া গীতত নিজৰ স্থিতি মজবুত কৰি তেওঁ ভোজপুৰী গীতত নিজাববীয়াকৈ টুইষ্ট আনি দৰ্শকৰ আগত প্ৰদান কৰি প্ৰশংসা লাভ কৰিছে। তেওঁৰ নাম হৈছে কল্পনা পাটোৱাৰী; “Indian Classical Music, Lucknow” ৰ পৰা সংগীতত বিষাৰদ প্ৰাপ্ত এই গৰাকী কন্ঠশিল্পীয়ে প্ৰথম অৱস্থাত অল ইণ্ডিয়া ৰেডিঅ’ ও দূৰদৰ্শনৰ নিয়মীয়া শিল্পী ৰূপে যোগদান কৰিছিল। কিন্তু, ২০০১ চনত মুম্বাইলৈ ধাৱমান হোৱো কল্পনা পাটোৱাৰীয়ে অসমীয়া ভাষাটোকে আদি কৰি শিকি লয় আন কেইবাটাও ভাষা।

ভোজপুৰী গীতৰ বিভিন্ন প্ৰকাৰক তেওঁ ন-ৰূপ দিছিল যদিও পাহৰি যোৱা নাছিল নিজৰ মাতৃভাষা। পিতৃ বিপিন পাটোৱাৰীৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰা কল্পনা পাটোৱাৰীয়ে অসমীয়া ছবি “কন্যাদান”, “ৰণাংগন”, “অহেতুক” আৰু “বহ্নিমান” ৰ গীতত কন্ঠদান কৰিছে। এক সাক্ষাৎকাৰ যোগে কন্ঠশিল্পী গৰাকীয়ে নিজেই কৈছিল যে তেওঁ সংগীতৰ ক্ষেত্ৰত কেতিয়াও “চা ৰে গা মা” ৰ ৰিয়াজ কৰি নাইবা হাৰমনিয়াম অথবা তানপুৰাৰ সৈতে তেওঁ গীত শিকা নাই। তেওঁ যেতিয়াই ঘৰত “ৰিয়াজ” কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়াই তেওঁৰ হাতত এখন দতৰা দি দিয়া হৈছিল।

Add comment