নৱপ্ৰজন্মৰ প্ৰয়াস তথা প্ৰচেষ্টা আদিয়ে প্ৰায়ে প্ৰত্যেকটো সময়তে জনসাধাৰণক উৎসাহিত কৰি ৰখা দেখিবলৈ পোৱা যায়। কেতিয়াবা তেওঁৰ সংগীত, ছবি, চুটি ছবি অথবা কেতিয়াবা তেওঁলোকৰ পৰিকল্পনা আদিয়ে প্ৰায়ে এনে কিছু সৃষ্টি কৰে যাক জনসাধাৰণে আকোঁৱালি ল’বলৈ সক্ষম হয়। দেশত হোৱা বিভীষিকাময় পৰিস্থিতিয়ে আচলতে প্ৰায় প্ৰতিজন ব্যক্তিৰ পৰাই কিবা নহয় কিবা এটা বস্তুক কাঢ়ি নিছে। প্ৰাপ্তিৰ ঠাইডোখৰৰ তুলনাত অপ্ৰাপ্তিৰ ৰেখা ক্ৰমশ বাঢ়ি আকাশলংঘী হৈছে। মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰাও এনে বহু শিল্পী আঁতৰি গৈছে যি বৰ্তমানেও সাধাৰণজনৰ কল্পনাৰো অগোচৰ। কিন্তু, বিগত বৰ্ষটোৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ সাধাৰণজনে বহু প্ৰতিভাক ওলাই অহাও দেখিবলৈ পাইছে। সেয়া চুটি ছবিৰ ক্ষেত্ৰতেই হওঁক অথবা সংগীত ক্ষেত্ৰখনতেই হওঁক; নৱপ্ৰজন্মৰ প্ৰতিভাই বৰ্তমান সকলোকে আপ্লুত কৰিছে। “লক-ডাউন” য়ে প্ৰতিজন ব্যক্তিৰ জীৱনত যিমানেই সন্ত্ৰাসৰ সৃষ্টি নকৰক কিয়; ই কেতিয়াও সৃষ্টিৰ ক্ষেত্ৰত বাধা হ’ব নোৱাৰে। আজিৰ দেওবৰীয়া বিশেষত আমি আপোনালোকৰ বাবে লৈ আনিছো এগৰাকী নৱপ্ৰজন্মৰ পৰিচালক ভাস্কৰ জে তামুলীক; মনোৰঞ্জন ক্ষেত্ৰখনক লৈ তেওঁ কি বিচাৰে অথবা তেওঁৰ আশাসমূহৰ বিশ্লেষণ চাওঁচোন আহকঃ

প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?
ভাস্কৰ জে তামুলীঃ মই নাভাবো যে এই ক্ষেত্ৰখনৰ সৈতে মই সম্পূৰ্ণৰূপে জড়িত হ’ব পাৰিছো; মই মাথো এই যাত্ৰাৰ আৰম্ভণিৰ খোজ পেলাইছো। মোৰ এতিয়াও মনত পৰে, তেতিয়া মোৰ ৬ বছৰমান বয়স আছিল। মা আৰু দাদাই বহি পেইন্টিং কৰিছিল আৰু মই তেওঁলোকৰ কাষতেই বহি চাই থাকিছিলো শেষলৈ; “DD National” ত দেওবাৰে দিয়া চিনেমাবোৰ সৰুতে খুউব চাইছিলো আৰু তেতিয়াৰ পৰাই হয়টো কেমেৰাৰ আঁৰৰ কাহিনীবোৰ জানিবলৈ ইচ্ছা হৈছিল। ঘৰতে থকা দেউতাৰ কেমেৰাটো লৈ ঘূৰি ফুৰিছিলো আৰু তেতিয়াৰ পৰাই হয়টো লাহে লাহে বিষয়বস্তুটোৰ গভীৰতাত সোমোৱাৰ বাবে ইচ্ছুক হৈ পৰিছিলো; প্ৰথম কাম বুলিবলৈ ২০১৭ চনত ঘৰতে নিজাকৈ এখন চুটি ছবিৰ কাম কৰিছিলো; পিছলৈ কামবোৰ বহলাই শিকিবলৈ মন গৈছিল। ইয়াৰ বাবেই, মই Film Making শিকিবলৈ Dr. Bhupen Hazarika Regional Film & Television Institute ত পাঠ্যগ্ৰহণ কৰি আছো।

প্ৰশ্নঃ তোমাৰ কেনেধৰণৰ প্ৰকল্পৰ সৈতে জড়িত হোৱাৰ ইচ্ছা অথবা কেনেধৰণৰ বিষয়বস্তুৱে তোমাক আকৰ্ষণ কৰে?
ভাস্কৰ জে তামুলীঃ ইচ্ছাটো বহু কিবা কিবি কৰাৰ আছে। আমি প্ৰত্যেকেই একো একোটা কাহিনী; প্ৰকৃতিক লৈয়ো কিছুমান কাম কৰি যোৱাৰ ইচ্ছা আছে; নিজৰ অঞ্চলৰ পৰাই এই কাম কৰি যোৱাৰ মানসিকতা ৰাখিছো। উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন শৈলী, কলা-সংস্কৃতিয়ে মোক বাৰুকৈয়ে আকৰ্ষণ কৰে। সেয়েহে, এই বিষয়বোৰক কেন্দ্ৰ কৰি কিছুমান প্ৰকল্প জনসাধাৰণৰ মাজলৈ লৈ অনাৰ ইচ্ছা আছে।

প্ৰশ্নঃ তোমাৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।
ভাস্কৰ জে তামুলীঃ প্ৰকল্প বুলি ক’বলৈ হ’লে আগন্তুক সময়ছোৱাত এখন তথ্যচিত্ৰৰ পৰিকল্পনা কৰি আছো। এনেদৰেই কামবোৰ কৰি যাম।

প্ৰশ্নঃএগৰাকী “শিল্পী” ৰ সংজ্ঞা তোমাৰ মতে কি?
ভাস্কৰ জে তামুলীঃ শিল্পীৰ সংজ্ঞা সহজতে দিবলৈ কঠিন হয়; সকলো শিল্পই সত্য আৰু এই সত্যৰ সন্ধান কৰি ফুৰাজনেই হৈছে শিল্পী। বিশ্ব ব্ৰহ্মাণ্ড খনতকৈ ডাঙৰ তথা সুন্দৰ শিল্প নাই; সমান্তৰালকৈ সুন্দৰৰ সৃষ্টিকৰ্তাজনেই এজন শিল্পী।
ৰূপালীপৰ্দাঃ ধন্যবাদ ভাস্কৰ জে তামুলী; তোমাৰ আগন্তুক প্ৰতিটো প্ৰকল্প সফল হওঁক।

ভাস্কৰ জে তামুলীঃ ধন্যবাদ ৰূপালীপৰ্দা।
Add comment