ৰাষ্ট্ৰীয় তথা আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত অসম সন্তানে নিজ কৰ্মৰ দ্বাৰা জিলিকি থকা কথাটো আমি প্ৰত্যেকেই দেখি আহিছো; নিজ সৃষ্টি তথা প্ৰকল্পসমূহৰ দ্বাৰা তেওঁলোকে প্ৰতিটো সময়ত কেৱলমাত্ৰ অসমখনকে নহয় ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শককো আমোদ প্ৰদান কৰি আহিছে। শেহতীয়াকৈ গুজৰাটত ষ্টেট ফিল্ম এৱাৰ্ড অনুষ্ঠানত জিলিকিছে আন এগৰাকী অসম সন্তানৰ নাম। এগৰাকী শব্দযন্ত্ৰী দেৱব্ৰত চলিহাই পুনৰ বাৰ দৰ্শকক গৌৰন্বিত কৰি তুলিবলৈ সক্ষম হৈছে। তেওঁ “Hellaro” ছবিখনৰ বাবে শ্ৰেষ্ঠ শব্দযন্ত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় উক্ত এৱাৰ্ড অনুষ্ঠানত। লখিমপুৰৰ বিহপুৰীয়াত জন্মগ্ৰহণ কৰা দেৱব্ৰতে ২০০১ চনত Audiography and Sound Engineering ৰ তিনিবছৰীয়া ডিপ্লমা শিক্ষা গ্ৰহণ কৰি তেওঁ অসমৰ বিভিন্ন ধাৰাবাহিক আৰহ ছবিৰ সৈতে জড়িত হৈ থাকে। ২০০৮ চনলৈ অসমতেই বিভিন্ন কাম কৰা পিছত তেওঁ ঢাপলি মেলে মুম্বাইলৈ। আইদেউ, বাঁকৰ পুতেক, বহ্নিমান আদি বিভিন্নখন ছবিত কাম কৰা দেৱব্ৰত চলিহা বৰ্তমান অসমকে ধৰি মায়ানগৰীৰ এক চিনাকী নাম। বিগত বৰ্ষৰ তেওঁৰ কৰ্ম দেখিবলৈ পোৱা গৈছিল বলীউড ছবি “পংগা” লগতে “লভ আজ কল” ছবি দুখনত। কেৱল মাত্ৰ এই দুখন ছবিয়েই নহয়, নিজ অনুৰাগীক মৰ্মাহত কৰি নিজ বাসগৃহতেই মৃত্যুক আঁকোৱালি লোৱা অভিনেতা সুশান্ত সিং ৰাজপুতৰ শেষৰ খন ছবি “Dil Bechara” ৰ সৈতেও জড়িত আছিল এই গৰাকী অসম সন্তান দেৱব্ৰত চলিহা।

“Sikandar” নামে এখন হিন্দী ছবিত কাম কৰাৰ সুবিধা লাভ কৰি মুম্বাইলৈ উৰা মৰা দেৱব্ৰত চলিহাই মুম্বাইত থাকিলেও তেওঁ অসমৰ বিভিন্ন বিষয় অৰ্থাৎ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন দিশৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকে; চচিয়েল মিডিয়া যোগে তেওঁ নিজ মতামত ব্যক্ত কৰি গৈ থকা দেখিবলৈ পোৱা যায়। শব্দযন্ত্ৰী দেৱব্ৰত চলিহাৰ সৈতে ৰূপালীপৰ্দাৰ এক সাক্ষাৎকাৰত তেওঁক নৱপ্ৰজন্মক এই ক্ষেত্ৰখনত আহিবলৈ কি উপদেশ দিব বুলি সোধাত তেওঁ কৈছিল যে, ” যি সকল আহিব বিচাৰে তেওঁলোকক স্বাগতম জনাইছো; এইখন এখন বিশাল ক্ষেত্ৰ; ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰো বহু সুবিধা আছে। কিন্তু এইখিনিতে গুৰুত্বপূৰ্ণ যে, কোনো এটা বিষয়ত আগবাঢ়িবলৈ হ’লে; সেই বিষয়টোৰ ৮০ শতাংশ জ্ঞান থাকিব লাগিবই আৰু ইয়াৰ বাকী থকা ২০ শতাংশ অভিজ্ঞতাই শিকাব। মুম্বাইত থাকিবলৈ হ’লে অভিজ্ঞ হৈয়ে আহিব লাগিব; নহ’লে ইয়াত কাম পোৱাটো খুবেই কঠিন। ইয়াত, কামত অভিজ্ঞতা থকাৰ লগতে জ্ঞান চাইহে কাম দিয়ে।” এইখিনিতে, আপোনালোকক জনাই থওঁ যে, দেৱব্ৰত চলিহা বৰ্তমান আন এখন ছবি “99 Songs” ৰ বাবে কাম কৰি আছে; যিখন ছবি অহা ১৬ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰিব।

দেৱব্ৰত চলিহাৰ প্ৰাপ্ত পুৰষ্কাৰ তথা তেওঁৰ আগন্তুক প্ৰকল্প সমূহৰ বাবে তেওঁলৈ যাঁচিছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা অশেষ শুভকামনা।
Add comment