Rupaliparda.com
ৰঙালীক আদৰিবলৈ প্ৰস্তুত হৈছে অসমীয়া শিল্পীঃ যোগাযোগ কৰিবলৈ নম্বৰ সমূহ পাব ইয়াত- 1

ৰঙালীক আদৰিবলৈ প্ৰস্তুত হৈছে অসমীয়া শিল্পীঃ যোগাযোগ কৰিবলৈ নম্বৰ সমূহ পাব ইয়াত-

সমাগত ৰঙালী; ৰঙালী বিহুৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে প্ৰতিজন জনসাধাৰণ। জনসাধাৰণৰ সমান্তৰালকৈ ৰঙালীৰ বাবে সাজু হৈছে অসমীয়া শিল্পী, কলা-কুশলী। এইবাৰৰ ৰঙালীত পূৰ্বতকৈ অকণমান অধিক উৎসাহিত হোৱাটোও আচলতে গ্ৰহণযোগ্য; কিয়নো বিগত বৰ্ষৰ ক’ৰোণা সন্ত্ৰাসে দিয়া মাধমাৰৰ ফলত অসমীয়াৰ আদৰ তথা চেনেহৰ বাপতি সাহোন বিহুটিক আদৰিবলৈও পৰা নাছিল কোনেও; যিসকলৰ যেনেদৰে সম্ভৱ তেনেদৰেই বাসগৃহত আৱদ্ধ হৈ থাকি ৰঙালী উদযাপন কৰা হৈছিল। কিন্তু চলিত বৰ্ষত বিহু অনুষ্ঠান তথা সভা সমূহ অনুষ্ঠিত হোৱা সম্ভৱপৰ হৈ উঠাত কন্ঠশিল্পী সমূহেও নিজক প্ৰস্তুত কৰি তুলিছে। একোগৰাকীকৈ শিল্পী, কলা-কুশলীয়ে শেহতীয়াকৈ নিজ নামেৰে কিছু পোষ্টাৰ শ্বেয়াৰ কৰিছে; য’ত তেওঁলোকক আপোন মঞ্চ খনত পাবলৈ আপুনিও যোগাযোগ কৰিব পাৰে। বিগত বৰ্ষই মনোৰঞ্জন ক্ষেত্ৰখনত বিভীষিকাৰ সৃষ্টি কৰিছিল; স্তব্ধ হৈ পৰা এই ক্ষেত্ৰখন উঠি আহিবলৈ কিছুদিনৰ সময়ৰ প্ৰয়োজন হ’ল আৰু এতিয়া অভিনেতা-অভিনেত্ৰীৰে পৰা আৰম্ভ কৰি মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত কলা-কুশলী ব্যস্ত হৈ পৰিছে নিজ নিজ প্ৰকল্প সমূহৰ সৈতে। শিল্পী সকলক আপোনালোকেও নিশ্চয় নিজৰ কাষতেই পাবলৈ বিচাৰিছে আৰু আপোন বিহুটোত অকণমান স্ফূৰ্তিৰ অৱসাদ বিচাৰিছে। গতিকে, এই বিহুটোৰ বাবে শিল্পী সকলৰ দ্বাৰা প্ৰস্তুত কৰা পোষ্টাৰ সমূহ চাওঁচোন আহকঃ

ৰঙালীক আদৰিবলৈ প্ৰস্তুত হৈছে অসমীয়া শিল্পীঃ যোগাযোগ কৰিবলৈ নম্বৰ সমূহ পাব ইয়াত- 2
ৰঙালীক আদৰিবলৈ প্ৰস্তুত হৈছে অসমীয়া শিল্পীঃ যোগাযোগ কৰিবলৈ নম্বৰ সমূহ পাব ইয়াত- 3
ৰঙালীক আদৰিবলৈ প্ৰস্তুত হৈছে অসমীয়া শিল্পীঃ যোগাযোগ কৰিবলৈ নম্বৰ সমূহ পাব ইয়াত- 4
ৰঙালীক আদৰিবলৈ প্ৰস্তুত হৈছে অসমীয়া শিল্পীঃ যোগাযোগ কৰিবলৈ নম্বৰ সমূহ পাব ইয়াত- 5
ৰঙালীক আদৰিবলৈ প্ৰস্তুত হৈছে অসমীয়া শিল্পীঃ যোগাযোগ কৰিবলৈ নম্বৰ সমূহ পাব ইয়াত- 6
ৰঙালীক আদৰিবলৈ প্ৰস্তুত হৈছে অসমীয়া শিল্পীঃ যোগাযোগ কৰিবলৈ নম্বৰ সমূহ পাব ইয়াত- 7
ৰঙালীক আদৰিবলৈ প্ৰস্তুত হৈছে অসমীয়া শিল্পীঃ যোগাযোগ কৰিবলৈ নম্বৰ সমূহ পাব ইয়াত- 8


Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.