Rupaliparda.com
ফিট দিশা পাটানীৰ আন এখন ফটোত দৰ্শকৰ চকুঃ 1

ফিট দিশা পাটানীৰ আন এখন ফটোত দৰ্শকৰ চকুঃ

বলীউডৰ ফিট অভিনেত্ৰী সকলৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী দিশা পাটানী। তেওঁ কেতিয়াবা ইয়াৰ বাবে ট্ৰোল হৈছে যদিও কেতিয়াবা আকৌ তেওঁৰ ফিগাৰৰ বাবে প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছে সাধাৰণ জনক।এইবাৰ আকৌ অভিনেত্ৰী গৰাকীৰ এখন ফটোৱে লাভ কৰিছে বহুল চৰ্চা। কোৱাৰেন্টাইনৰ সময়ছোৱাত চচিয়েল মিডিয়াত প্ৰায় একটিভ হৈ থকা অভিনেত্ৰী দিশাই মালদ্বীপলৈ গৈ সময় অতিবাহিত কৰাও আমি দেখিবলৈ পাইছিলো। সেই সময়ছোৱাৰ বিভিন্ন ফটো অথবা ভিডিঅ’ৰে দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল অভিনেত্ৰী গৰাকী।এইবাৰ আন এখন সাধাৰণ ফটোৰেও অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ফটোখনত লাভ কৰিবলৈ সক্ষম হৈছে ১৩ লাখতকৈ অধিক ভিউৱাৰচ। এম.এছ ধোনীৰ দ্বাৰা বলীউড ছবিত নিজ কেৰিয়াৰ আৰম্ভ কৰাৰ পিছৰে পৰাই তেওঁ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হয় পৰে। তেওঁ বিগত সময়ছোৱাত বিভিন্ন ফিটনেছ ভিডিঅ’ আপলোড কৰাৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে ব্যক্তিগত ইউটিউব চেনেল এটাও খুলি লয়। দিশা পাটানীৰ টাইগাৰ শ্ৰফৰ সৈতে থকা সম্পৰ্কৰ বাবেও তেওঁ বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। উল্লেখ্য যে, আগন্তুক সময়ছোৱাত অভিনেত্ৰী দিশাক ছলমান খানৰ বহু প্ৰত্যাশিত ছবি “ৰাধে” ত দেখিবলৈ পোৱা যাব। ছলমান খানৰ সৈতে কাম কৰা তেওঁৰ অভিনয় জীৱনৰ এইটোৱে হ’ব দ্বিতীয়টো প্ৰকল্প।

ফিট দিশা পাটানীৰ আন এখন ফটোত দৰ্শকৰ চকুঃ 2


বলীউডৰ জনপ্ৰিয় তথা ফিট অভিনেত্ৰীৰ তালিকাত শীৰ্ষ স্থানত থকা এইগৰাকী অভিনেত্ৰীয়ে এম এছ ধোনী ছবিখনৰ সফলতাৰ পিছৰে পৰা আৰু তেওঁ নিজ কেৰিয়াৰত পিছফালে ঘূৰি চাবলগীয়া হোৱা নাই। তেওঁৰ কৰ্মৰাজিৰ লিষ্টখন অতিপাত দীঘলীয়া নহ’লেও তেওঁ কৰি অহা প্ৰকল্প বোৰে প্ৰতিদিনে সমাদৰ বুটলিবলৈ সক্ষম হৈ আহিছে। আৰু, সেইবাবে হয়টো অভিনেত্ৰী গৰাকীৰ অনুৰাগী শাৰীখন দীঘলীয়া।

Reema Dutta

Add comment

Leave a Reply

Recent posts

The Ultimate Managed Hosting Platform

Most popular

Most discussed

Follow us

Don't be shy, get in touch. We love meeting interesting people and making new friends.

%d bloggers like this: